header ads

ক'ভিড ১৯ | An Assamese poem by বসন্ত কুমাৰ বনিয়া

ক'ভিড ১৯


হে ক'ভিড ১৯

তুমি কোন ?

কোন তুমি ?

গোটেই বিশ্বৰ মানুহৰ মাজত যে এনেকৈ প্ৰলয়ৰ সৃষ্টি কৰিছা ?

নে তুমি ভগৱন্ত প্ৰভুৰ কোনো লীলা ?


কোন তুমি ..?

হে ক'ভিড ১৯ -----


গম পালোঁ তুমি এক ৰোগ

তুমি এক মহামাৰী

ৰোগৰ নামত তুমি এক আতংক,

তুমি এক ভয়ংকৰ বিভীষিকা

মানুহৰ মনলৈ আনিছা তুমি এক ভয়ংকৰ শংকা ।


তুমি যিদৰে মানুহৰ মাজলৈ আহি এফালৰ পৰা মানুহক

নিমিষতে নিঃশেষ কৰি গৈ আছা,

বাচিব জানো কোনোবা 

তোমাৰ কোপদৃষ্টিৰ পৰা ?

নাজানো কেতিয়া যে আকৌ আগৰ অৱস্থাত ঘূৰাই পাম

আমাৰ সেউজীয়া পৃথিৱী খন !


হে দানৱৰূপী ক'ভিড ১৯----

তুমি তোমাৰ আতংকৰ ইমানতেই সামৰণি মাৰা ,

মানুহক মানুহ হিচাপে জীয়াই থাকিবলৈ দিয়া ।।

******************


নাম-  বসন্ত কুমাৰ বনিয়া
পদৱী-  সহকাৰী শিক্ষক
বিদ্যালয়ৰ নাম-  পীতাম্বৰ আদৰ্শ প্ৰাথমিক বিদ্যালয় 
শিক্ষা খণ্ডৰ নাম-  ৰঙিয়া


Post a Comment

0 Comments