header ads

স্বাধীনতা দিৱস | An Assamese poem by দিগঙ্গনা দাস

স্বাধীনতা দিৱস



 স্বাধীন হোৱা এই ভাৰতে

পালন কৰে স্বাধীনতা দিবস

সূৰ্য্য উদয়ৰ লগত ,

জাতীয় পতাকা উঠে জিলিকি

মানু্হবোৰেও প্ৰণাম জনাই লই ভূপালী।

জনগণমন সংগীতৰ ধ্বনিৰে

ভাৰত যায় বিয়পি

সুমধুৰ ধ্বনিত

দেশখন হয় মূদিত।

স্বাধীনতা দিৱসত বহুতো পাৰদৰ্শিতা

দেখাই নিজৰ প্ৰতিভা

সিহঁতৰ কাৰ্যৰ প্ৰতিভাত

আন  মানুহৰ মনত

সিহঁত হৈ পৰে উজলা।। 

*****************************************


দিগঙ্গনা দাস
শ্ৰেণী - অষ্টম 
শিঙিমাৰী হাইস্কুল

     

Post a Comment

0 Comments