header ads

ভাৱ সম্প্ৰসাৰণ , সম্পাদক মণ্ডলী

ভাৱ সম্প্ৰসাৰণ 





 ( ১ ) গছত কঁঠাল ওঁঠত তেল , নৌখাওঁতেই চেল-বেল ।


       কঁঠালৰ গাত আঠা থাকে । কঁঠাল খাবৰ সময়ত মুখত আঠা নালাগিবৰ বাবে ওঁঠত তেল সানি লোৱাৰ নিয়ম । সেয়ে পকা কঁঠাল ভাঙি খাবৰ বেলিকা সকলোৱে ওঁঠত তেল সানি লৈ খাবলৈ বহে । কিন্তু যেতিয়া কঁঠাল গছতেই আছে , পকাই নাই বা খাবৰ উপযোগী হোৱাই নাই ― তেনে অৱস্থাত কঁঠাল খাম খাম বুলি বৰ উছাহেৰে আনৰ আগত গাই-বাই ফুৰি আৰু ওঁঠত তেল সানি খাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰাটো বৰ হাস্যকৰ কথা হৈ পৰে । এই কথাষাৰৰ জৰিয়তে ইয়াকে ক'বলৈ বিচৰা হৈছে যে কিবা এটা পোৱাৰ বা লাভ কৰাৰ আচল সময় অহাৰ আগতেই তাকে লৈ মাত্ৰাধিক জল্পনা-কল্পনা কৰা । অৰ্থাৎ ফলাফল লাভৰ বহু আগতেই অবাবতে হৈ চৈ কৰা অৰ্থত ব্যঙ্গ কৰি এই ফকৰা-যোজনাটি প্ৰয়োগ কৰা হয় ।

( ২ ) ধান পকে মানে টুনীৰ মৰণ ।

       টুনী চৰায়ে সাধাৰণতে পকা ধান খাবলৈ ভাল পায় । সেয়ে পকা ধাননিত জাক জাক টুনী চৰাই পৰা দেখা যায় । ধাননিত টুনী পৰিলে গৃহস্থই নানা উপায়েৰে খেদাৰ ব্যৱস্থা কৰে আৰু যিমান পাৰি সোনকালে পকা ধানবোৰ দাই ঘৰলৈ নিয়ে । এনে অৱস্থাত সিহঁতে হেঁপাহ পলুৱাই পকাধান খাবলৈ নেপায় । সেয়ে পকাধান খাম খাম বুলি বাট চাই থাকিলে সিহঁতে খাবলৈ নাপাই মৰিব লাগিব । গতিকে ধান পকালৈ বাট নাচাই টুনী চৰায়ে পকিবলৈ ধৰাৰ আগৰে পৰাই ধান খাবলৈ আৰম্ভ কৰে । সেইদৰে মানুহৰ ক্ষেত্ৰতো একেটা কথাই প্ৰযোজ্য । কেতিয়াবা কোনো এটা বস্তু পোৱাৰ সম্ভাৱনা থাকিলেও কেৱল তাকে ধিয়াই থাকিলে বস্তুটো পোৱালৈকে বা হাতলৈ অহালৈকে অৱস্থা কাহিল হ'বগৈ পাৰে । সেয়ে সময়তকৈ আগতেই সচেতন হৈ বিকল্প আহিলাৰ সন্ধান কৰিব লাগে । ইয়াৰ দ্বাৰা ইয়াকে বুজাব খোজা হৈছে যে প্ৰয়োজনতকৈ দীঘলীয়া অপেক্ষাই কেতিয়াবা বিপদ মাতিব পাৰে ।

(৩) ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ ।

       খাণ্ডৱ মহাভাৰতত বৰ্ণিত এখন বৃহৎ অৰণ্য । অলেখ পশু-পক্ষী আৰু জীৱ-জন্তুৰ আবাসভূমি আছিল এই খাণ্ডৱ বন । কিন্তু অগ্নি দেৱতাৰ ক্ষুধা নিবাৰণৰ বাবে তৃতীয় পাণ্ডৱ অৰ্জুনে এই অৰণ্য দাহ কৰিছিল । এই অৰণ্য দাহনৰ ফলত তাত বসবাস কৰা জীৱ-জন্তু , পশু-পক্ষীবোৰ মৃত্যুমুখত পৰিছিল । সামান্য এটি জুইৰ ফিৰিঙতিৰ পৰাই এই বিশাল অৰণ্য অগ্নিকুণ্ডত পৰিণত হৈছিল । ঠিক সেইদৰে সামান্য বুলি গণ্য কৰা এটা কথা বা ঘটনাৰ পৰাই কেতিয়াবা ডাঙৰ বিপৰ্যয় বা দুৰ্যোগ আহিব পাৰে । সেয়ে কোনো এটা ঘটনা বা কথাক সামান্য জ্ঞান কৰি অৱহেলা কৰা অনুচিত । তাৰ পৰিবৰ্তে সামান্য ঘটনাই যাতে অধিক গুৰুতৰ ৰূপ লৈ ডাঙৰ বিপৰ্যয় ঘটাব নোৱাৰে তাৰ বাবে সচেষ্ট হৈ থকাহে বুদ্ধিমানৰ লক্ষণ । ইয়াৰ দ্বাৰা এই কথাকে বুজাব খোজা হৈছে ।



✍️ সম্পাদক মণ্ডলী

Post a Comment

0 Comments