header ads

গুৱালীজনীৰ সপোন | An Assamese Short Story by Ajanta Kalita

গুৱালীজনীৰ সপোন


        গীতা এগৰাকী পঁচিশ বছৰীয়া আছিল। তাই এখন সৰু গাঁৱত আইতাকৰ লগত থাকিছিল। গীতা এগৰাকী গুৱাল আছিল যাৰ দুজনী গাইগৰু আছিল। তাই সদায় গাই দুজনীৰপৰা গাখীৰ উলিয়াইছিল আৰু সেই গাখীৰখিনি বেচিবলৈ চহৰলৈ গৈছিল। তাইৰ আইতাকে তাইক বহুত ভাল পাইছিল কিন্তু গীতাই দিনত বহুত সপোন দেখিছিল। তাই সপোন দেখিছিল ধনী মানুহ হোৱা। তাইৰ সপোনে তাইক সদায় বিপদত পেলাইছিল। এদিন গীতাই যেতিয়া গাখীৰ বেচিবলৈ ঘৰৰপৰা ওলাবলৈ ধৰিছিল তেতিয়া আইতাকে পাকঘৰলৈ মাতিলে আৰু ক'লে যে "গীতা আজি তুমি গাখীৰ বেচিবলৈ বজাৰলৈ যাব নালাগে।" তেতিয়া তাই সুধিলে "কিয় আইতা?" আইতাকে ক'লে "কালি আমাৰ গাঁৱত বহুত ডাঙৰ বিয়া এখন আছে, গাঁওবুঢ়াই নিজৰ ছোৱালীজনীৰ বিয়া পাতিছে তাত ওচৰৰে গাঁৱৰ বহুত ধনী মানুহ সেই বিয়াখনত উপস্থিত থাকিব। গাওঁবুঢ়াই বিচাৰিছে যে তাৰ ৰান্ধনিজনে বহুত ধৰণৰ সোৱাদপূৰ্ণ মিঠাই বনাওক আৰু মোক কৈছে তাৰবাবে মই গাখীৰেৰে ভৰা এটা ডাঙৰ বাচন তালৈ পঠিয়াও। তাৰবাবে গাওঁবুঢ়াই আমাক এদিনত গাখীৰ বেচি পোৱা টকাতকৈ দুগুণ টকা দিব বুলি কৈছে। আইতাকে তাইক গাখীৰখিনি গাওঁত দি আহিবলৈ ক'লে আৰু ক'লে যে গাখীৰৰ যাতে এক টোপালো মাটিত নপৰে, যদি সময়মতে গাখীৰ দিব নোৱাৰো তেন্তে দুগুণ টকাতো বাদেই আমি বিয়াত উপস্থিত থাকিবই নোৱাৰিম। আমি অপমানিত হম। 

গীতাই ক'লে " চিন্তা নকৰিবা আইতা মই এই বাচন আৰু গাখীৰখিনি ভালকৈ লৈ যাম। আপুনি চাব আমি অলপ সময়ৰ ভিতৰতে ধনী মানুহ হৈ যাম আৰু গাওঁবুঢ়াই কেৱল আমাৰ পৰাই গাখীৰ কিনিব।" গীতা গাওঁলৈ যাবলৈ ওলাল। গাওঁৰ ৰাস্তাটো সৰু সৰু শিলেৰে ভৰি আছিল আৰু সেইবিলাক গীতাৰ ভৰিত লাগিছিল। তাই ভাবিবলৈ ধৰিলে "একো নহয় মই সোনকালেই চহৰত এটা ডাঙৰ ঘৰ বনাম মই ধনী মানুহ হৈ যাম আৰূ ধনী মানুহেতো খোজ কাঢ়ি নাযায়। মই নিজৰ বাবে এখন  গৰুগাড়ী কিনিম তেতিয়া সকলো কষ্ট গৰু গাড়ীখনে কৰিব লাগিব। মই মাত্ৰ শুই থাকিম ধনী মানুহে এয়াইটো কৰে।" তাই আকৌ ভাবিলে " আজি মই যি টকা পাম সেইখিনি কেনেকৈ খৰচ কৰিম! মই কেইটামান মুৰ্গী কিনিম সেই মুৰ্গীকেইটাৰে মই পোৱালী জগাম মোৰ তাত আৰু মুৰ্গী হব মই সেই মুৰ্গীকেইটা উচিত দামত বিক্ৰী কৰিম তেতিয়া মোৰ তাত বহুত পইচা হ'ব। মই তেতিয়া বহুত ধনী মানুহ হৈ যাম গাওঁবুঢ়াতকৈও ধনী হৈ যাম।" গীতাই আকাশত চাং পতাৰ  সপোন দেখি থাকোতে আনন্দতে জোৰকৈ মূৰটো কঁপালে আৰু তাইৰ মূৰত পৰা গাখীৰৰ বাচনটো মাটিত পৰি ভাঙি গ'ল। তাই কান্দিবলৈ ধৰিলে আৰু ভাবি থকা সকলো সপোন ভাঙি গ'ল।

লোভেই পাপ, পাপেই মৃত্যু।

*******************************

অজন্তা কলিতা
নৱম শ্ৰেণী
কালিপ্ৰসাদ দাস হাইস্কুল
ৰামপুৰ শিক্ষাখণ্ড

Post a Comment

0 Comments