header ads

লেখক হিচাপে মহাত্মা গান্ধী | An Assamese article by Hiren Kr Das

 লেখক হিচাপে মহাত্মা গান্ধী

         যিসকল মহীৰূহ পৃথিৱীত ভূমিষ্ঠ হৈ তেওঁলোকৰ মহাজীৱনৰ আলোকেৰে জনকল্যাণৰ পথ উদ্ভাষিত কৰিছে, তেনে এগৰাকী মহান আত্মা হ'ল মহাত্মা গান্ধী। এইজনা মহামানৱে প্ৰজন্মৰ পিছত প্ৰজন্মক নৱমন্ত্ৰেৰে আলোকময় পথৰ সন্ধান দি আহিছে। সেয়েহে গান্ধীজী হ'ল জাতিৰ জনক। তেওঁৰ অপৰাজেয় আত্মশক্তিয়ে সমগ্ৰ দেশবাসীৰ প্ৰাণশক্তিক জাগ্ৰত কৰি আহিছে। গান্ধীজী কেৱল ভাৰতবাসীৰে নহয়, তেওঁ সমগ্ৰ বিশ্বৰে এজন মহামানৱ।

       গান্ধীজী আছিল এগৰাকী ভিন্নমুখী লেখক আৰু সম্পাদক। তেওঁ কেইবাটাও দশক ধৰি গুজৰাটী, হিন্দী আৰু ইংৰাজী ভাষাত লিখাৰ উপৰিও বিভিন্ন কাকত - আলোচনী সম্পাদনা কৰিছিল। ১৯০৩ চনৰপৰা 'ইণ্ডিয়ান অপিনিয়ন'ৰ সম্পাদক হিচাপে যাত্ৰা আৰম্ভ কৰা গান্ধীজীয়ে ১৯৪৮ চনলৈকে কেইবাখনো কাকত- আলোচনীত লেখা-মেলা কৰিছিল।

      এগৰাকী লেখক হিচাপে গান্ধীয়ে লিখন-শৈলীতকৈ বাস্তৱবাদী চিন্তাৰ প্ৰতিফলনত অগ্ৰাধিকাৰ দিয়া দেখা যায়। ভাৱনাহীন শব্দচয়ন তেখেতে কেতিয়াও ব্যৱহাৰ কৰা নাছিল। শব্দচয়নৰ সু-স্পষ্টতা তেওঁৰ লেখাসমূহৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। তেওঁৰ লেখা সম্পৰ্কে এগৰাকী বৃটিছ ভাইচৰয়ে এনেদৰে প্ৰশংসা কৰিছে- " 

"Gandhi was direct and expressed himself in excellent English."

      গান্ধীজীয়ে বৃটিছ আমোলৰ শোষণৰ বিৰুদ্ধে জাতীয় কণ্ঠ হিচাপে ঠিয় দিছিল আৰু এই বাৰ্তা ভাৰতবাসীৰ মাজলৈ লৈ যোৱাৰ সংকল্পৰে অবিৰতভাৱে লিখি গৈছিল। তেওঁৰ লেখাত মৌলিক চিন্তা-চেতনাৰ ব্যাপকতা স্পষ্টৰূপত প্ৰকাশ পাইছে। গান্ধীৰ লেখাবোৰৰৰ মন কৰিবলগীয়া বিশেষত্বটো হ'ল সহজ-সৰল ভাষাৰ মাধ্যমেৰে বস্তুনিষ্ঠ দৃষ্টিভংগীৰে নিৰ্মোহ আৰু বিশ্লেষণাত্মক আলোচনা। কৃত্ৰিমতাপূৰ্ণ ব্যাখ্যাৰ বিপৰীতে মানৱতাবাদী চেতনাৰ সজীৱ চিত্ৰায়ন তেওঁৰ লেখাত সততে দেখিবলৈ পোৱা যায়।

       'ইণ্ডিয়ান অপিনিয়ন' আছিল গান্ধীজীৰ অগ্ৰগামী চিন্তাৰ উপকৰণ । ভাৰতবাসীক জাতীয় চেতনাৰে সংপৃক্ত কৰি আলোকময় পথৰ সন্ধান দিয়াৰ মানসেৰে ১৯০৩ চনৰপৰা ১৯১৪ চনলৈকে 'ইণ্ডিয়ান অপিনিয়ন'ত ধাৰাবাহিকভাৱে এঘাৰ বছৰ কাল লিখিছিল। ১৯৩৩ চনৰ পৰা ১৯৪০ চনলৈ 'হৰিজন' (ইংৰাজী), 'হৰিজন বন্ধু' (গুজৰাটী) আৰু 'হৰিজন সেৱক' ( হিন্দী)ৰ সম্পাদনা কৰিছিল। স্বদেশত থকা কালত 'ইয়ং ইণ্ডিয়া'ৰ সম্পাদনা কৰাৰ উপৰও গুজৰাটী ভাষাৰ মাহেকীয়া আলোচনী 'নৱজীৱন'ৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পিছলৈ 'নৱজীৱন' আলোচনীখন হিন্দী ভাষাতো প্ৰকাশিত হয়।

       গান্ধীজীয়ে বিশ্বাস কৰিছিল যে মূল্যবোধ আৰু আধ্যাত্মিকতাৰ আধাৰত নিৰ্মিত সংস্কাৰী চেতনাইহে সমাজ উন্মেষৰ অগ্ৰগামী পথৰ সন্ধান দিয়াৰ লগতে ব্যক্তিজীৱনৰ লক্ষ্যৰ পৱিত্ৰতা নিৰ্ণয় কৰে। তেওঁৰ ভাষাত- "উত্তম বিচাৰেই উত্তম সংস্কাৰ" , অৰ্থাৎ আচৰণৰ পৱিত্ৰতা, চিন্তনৰ পৱিত্ৰতা আৰু লক্ষ্যৰ পৱিত্ৰতাইহে সংস্কাৰী জীৱনৰ মূল আধাৰ। গান্ধীয়ে 'সৰ্বোদয়া' প্ৰাপ্তিৰ বাবে নৈতিকতা আৰু আধ্যাত্মিকতাৰ দৰ্শন অপৰিহাৰ্য বুলি বিবেচনা কৰিছিল, য'ত জড়িত হৈ থাকে সংস্কাৰ, আত্মজ্ঞান , উপলব্ধি আৰু অগ্ৰগামী চিন্তাৰ উপকৰণ। গান্ধীজীৰ লেখাত ৰামায়ণ, মহাভাৰতৰ দৰ্শন স্পষ্ট ৰূপত দেখা যায়।

       গান্ধীয়ে তেওঁৰ বিখ্যাত গ্ৰন্থ 'হিন্দ্ স্বৰাজ'ত স্বৰাজৰ ব্যাখ্যা আগবঢ়াইছে। তেওঁৰ মতে- "মানুহে নিজক নিজে শাসন কৰিব শিকাটোৱে হ'ল স্বৰাজ।" মানুহক সকলো ধৰণৰ অমানৱীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰপৰা মুক্ত কৰা, ব্যক্তিৰ আত্মসন্মান, দায়বদ্ধতা আৰু আত্ম-উপলব্ধি গঢ়ি তুলিব পৰাটো হ'ল স্বৰাজৰ মূল মন্ত্ৰ।" গান্ধীজীৰ মতে স্বৰাজ হ'ল সত্যৰ এটা অংশ। এই ধাৰণাৰ জৰিয়তে তেওঁ স্বৰাজক নৈতিক ৰূপ দিছে।

       গান্ধী লণ্ডনত থকা সময়ছোৱাত লণ্ডনৰ পৰা প্ৰকাশিত কাকতত ভাৰতীয় খাদ্যাভ্যাস সম্পৰ্কে লিখিছিল। দক্ষিণ আফ্ৰিকাৰ দৈনিক-কাকতৰ সম্পাদকলৈ লিখা চিঠিত তেওঁ প্ৰচলিত ব্যৱস্থাৰ নেতিবাচক দিশ তুলি ধৰিছিল। গান্ধীজীৰ কেইবাখনো গ্ৰন্থ প্ৰকাশিত হৈছে। ইয়াৰ ভিতৰত 'The story of My Experiments with Truth" আত্মজীৱনীখনত শৈশৱ জীৱনৰপৰা আৰম্ভ কৰি ১৯২১ চনলৈকে তেওঁৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ বহু কথা আমাক জনাইছে । এই গ্ৰন্থখনি গুজৰাটী ভাষাত প্ৰকাশিত 'নৱজীৱন' ত ১৯২৫ চনৰপৰা ১৯২৯ চনলৈ প্ৰকাশ পাইছিল। এই আত্মজীৱনীত মহাত্মাৰ শৈশৱ, তেওঁৰ জীৱন দৰ্শন আৰু জীৱন বাটৰ ঘাত-প্ৰতিঘাতৰ সজীৱ চিত্ৰায়ন কৰিছে। ইয়াৰ উপৰিও নিৰামিষ ভোজন, আহাৰ আৰু স্বাস্থ্য , ধৰ্ম , সমাজ-সংস্কাৰ আদি বিষয়ত বহুতো লেখা-মেলা কৰিছিল। এগৰাকী শিশু সাহিত্যিক হিচাপে গান্ধীৰ সুকীয়া পৰিচয় বিদ্যমান । 'বাল পুথি' , 'নীতি ধৰ্ম' আৰু জেলৰ পৰা আশ্ৰমৰ শিশুলৈ লিখা চিঠিসমূহ অন্যতম। অনুবাদক হিচাপে গোখলেৰ বক্তৃতামালা আৰু লেখা তেওঁ গুজৰাটী ভাষালৈ অনুবাদ কৰিছিল। 

গান্ধীজীৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল- 

1) Autobiography : 'My Experiment with Truth'

2)'The Essential Gandhi' : An Anthology of his writing of his life, work and ideas. 

3) All Men are Brothers

4) Hind Swaraj or Indian Home rule (1909)

5) Peace : The words of inspiration of Mahatma Gandhi.

6) Non-violent Ressistance (Satyagraha).

7) The way to God.

8) Truth is God.

9) Diet and Diet Reform.

10) Ashram Observances in Action.

***************************XXXXXX************************


হীৰেণ কুমাৰ দাস

বিষয় শিক্ষক 

পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়



অলংকৰণ :-মনবীনী দাস

Post a Comment

0 Comments