header ads

টেট শিক্ষয়িত্ৰী | An Assamese Short Story by Gita das

টেট শিক্ষয়িত্ৰী


    পাচমাহৰ বিৰতিত অন্তৰা স্কুলখনলৈ আহিছে। স্কুলখনলৈ  যোৱা সুৰসুৰীয়া আলিবাটটোৱে যেন সুহুৰিয়াই আছে। আলিবাটৰ দুয়োকাষে থকা নাহৰ, তগৰ, আম, কঠাল আদি গছবিলাকে তাইক যেন স্কুলখনলৈ সম্ভাষণ জনাইছে।অন্তৰা টেট শিক্ষয়িত্ৰী। তাইৰ এই স্কুলখনত শিক্ষকতা কৰা প্ৰায় চাৰিবছৰেই হল। এই চাৰিবছৰত এই গাওঁখনৰ লগত তাইৰ ওত:প্ৰোত সম্পৰ্ক গঢ়ি উঠিছে। পিছে আজি সাতমাহ ধৰি কভিড-19 ৰ কাৰণে LOCK DOWN, তাই স্কুললৈ আহিব পৰা নাছিল।
    আজি ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস। সেয়েহে আজি স্কুললৈ আহিছে। তিনিঘণ্টা বাছত উঠি তিনিআলিৰ চ'কত নামিলেহি। তাৰপৰা তাই বেগা-বেগিকৈ খোজ ললে স্কুললৈ। স্কুলৰ অফিছত সহকৰ্মীসকলৰ খা-খবৰলৈ তাই নিৰাপদ দূৰতে বহিলে। ঠিক বহি থকা সেই সময় খিনিতে তাই যেন নষ্টালজিক হৈ উঠিল। মনটো উৰা মাৰিলে স্কুললৈ অহা সেই প্ৰথম দিনবোৰলৈ। প্ৰথম দিনাখন লৰা ছোৱালীবিলাকে তাইলৈ ভেবা লাগি চাই আছিল। তাই ক্লাছত সোমাই সকলোকে মৰম কৰি চকলেট এটাকৈ দিছিল। লৰা ছোৱালীবিলাকে তাইক বহুত মৰম কৰিছিল অভিভাৱক সকলোৱেও তাইৰ লগত চিনাকি হৈছিল। অভিভাৱকৰ লগত কথা পাতি তাই অনুভৱ কৰিছিল যে অভিভাৱকসকল নিজৰ লৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত মুঠেই আগ্ৰহী নহয়। তাৰে মাজত দুই এজন ব্যতিক্ৰম নোহোৱা নহয়। দৰিদ্ৰতাই কোঙা  কৰা পৰিয়াল, পেটৰ তাড়ণাত আধাতে বিদ্যালয়ৰপৰা এৰুৱাই মাক-দেউতাকে লৰা ছোৱালী বিলাকক কামত লগাই দিয়ে।
    তাই তেতিয়াই পণ লৈছিল যে কষ্ট কৰি হলেও তাই ল'ৰাছোৱালী বিলাকক শিক্ষিত কৰিব। অভিভাৱকক বুজাব শিক্ষাৰ মূল্য। তেনেকৈয়ে আগবাঢ়িছিল কিন্তু কিছুমান মানুহে তাইক সেই কামত বাধা দিছিল। এবাৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী  জেৰিফাই বহুদিন স্কুললৈ অহা নাছিল। সেয়েহে অন্তৰাই জেৰিফাৰ খবৰ লবলৈ যোৱাত জেৰিফাৰ দেউতাকে অপমান কৰি পঠিয়াইছিল। আমাৰ ছোৱালী স্কুললৈ নাযায় তাত আপোনাৰ কি আহে যায়। ছোৱালী পঢ়ুৱাই কি লাভ ইত্যাদি কৈ তাইক খেদি পঠিয়াইছিল।
    কিন্তু ইয়াৰ পিছতো তাই হাৰ মনা নাছিল তাই নিজ মন দৃঢ় কৰি পণ লৈছিল, তাই পাৰিব লাগিব  গাওখনৰ ৰঙেই তাই সলাব লাগিব মানুহৰ মনৰ অন্ধবিশ্বাসবোৰ আতৰাব পাৰিব লাগিব। তাই পোহাৰাব লাগিব এইখন গাওঁ। তাই আগুৱাই নিবই লাগিব।
    "অন্তৰা " হেড বাইদেউৰ মাতত তাইৰ সম্বিত ঘূৰি আহিল। তাই অনুভৱ কৰিলে যে তাইৰ বুকুখন তিতি গৈছে। নিজৰ এবছৰীয়া সন্তান ৰাকেশক এৰি আহিছে। তাৰ ছাগে বৰ পিয়াহ লাগিছে।
    অন্তৰাই বেগতো কান্ধতলৈ খোৰ খোজে অফিছৰ পৰা ওলাই আহিল।


***************************************

গীতা দাস
উত্তৰ দেহাৰ কুৰিহা প্ৰাথমিক বিদ্যালয়