header ads

মহানুভৱতা | An Assamese Story by Tanuja Begum

মহানুভৱতা



         প্ৰিয়ংকাৰ খিংখিঙীয়া হৈ পৰা স্বভাৱটোৰ বাবে মাক লীলাৱতী বহুত চিন্তাত ভুগিছে ।প্ৰিয়ংকা এইবাৰ দশম শ্ৰেণীৰ ছাত্ৰী। পঢ়া-শুনাত মেধাৱী প্ৰিয়ংকাই পৰীক্ষাত ভাল ফলাফল কৰিব বুলি মাকৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ওচৰ- চুবুৰীয়া খুবেই আশাবাদী। কিন্তু হঠাতে মানৱ জীৱনলৈ ভাবুকি অনা ক'ভিত-19 নামৰ ভাইৰাছটোৱে যেন সকলো খেলি-মেলি লগাই দিলে। চৰকাৰে মানৱ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন প্ৰক্ৰিয়া আৰম্ভ কৰিলে। ফলত বিদ্যালয়সমূহ বন্ধ দিবলগীয়া হ’ল। প্ৰিয়ংকাৰ দৰে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে নানান সমস্যাৰ সন্মুখীন হ’ব লগা হ’ল। প্ৰিয়ংকাৰ দেউতাকে সৰু-সুৰা পাচলিৰ দোকান এখন দি ঘৰখন কোনোমতে চলাই আছে। প্ৰিয়ংকাই দেউতাকক কেতিয়াও বস্তুৰ বাবে হাৰাশাস্তি কৰা নাই। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰচেষ্টা আৰু অধ্যাৱসায়ৰ ফলত প্ৰিয়ংকাই প্ৰতিটো পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। কিন্তু যোৱা কিছুদিন ধৰি প্ৰিয়ংকা যথেষ্ট খিংখিঙীয়া হৈ পৰিছে। নিজৰ একমাত্ৰ জীয়েকৰ পৰিৱৰ্তিত স্বভাৱ লৈ মাক-দেউতাক চিন্তিত হৈ পৰিছে। দেউতাক জগতে প্ৰিয়ংকাৰ মূৰত হাত বোলাই লাহেকৈ সুধিলে –

“কি হৈছে প্ৰিয়া? দেউতাৰাক সকলো খুলি ক’ব নোৱাৰা নেকি?” দেউতাকৰ কোমল মাতষাৰত প্ৰিয়ংকা ভাগি পৰিল। ফেঁকুৰি ফেঁকুৰি কান্দি প্ৰিয়ংকাই ক’ব ধৰিলে,

“দেউতা মোৰ লগৰ সকলোৱে অনলাইন ক্লাছ আৰম্ভ কৰিছে। সকলোৰে ওচৰত দামী দামী মোবাইল আছে। কিন্তু মই কি কৰিম? মই জানো তুমি যে ইমান টকাৰে মোক দামী মোবাইল এটা কেতিয়াও আনি দিব নোৱাৰা। মই বৰ ভাগি পৰিছো অ’ দেউতা"।

প্ৰিয়ংকাৰ কথা শুনি ঘৰৰ বাহিৰতে ৰৈ থকা মিনতিৰ মনত আঘাত লাগিল। মিনতি প্ৰিয়ংকাৰ সম্পৰ্কীয় জেঠায়েকৰ ছোৱালী। 'সমাজ কল্যাণ' নামৰ এন. জি. অ. টো চলোৱা মিনতিয়ে ঘৰে ঘৰে বিনামূলীয়া চেনিটাইজাৰ, মাস্ক বিতৰণ কৰিছে। তাকে বিতৰণ কৰিবলৈ আহি মিনতিয়ে প্ৰিয়ংকাৰ কথা শুনি এটা সিদ্ধান্ত লৈ পেলালে। মিনতিয়ে ভিতৰ সোমাই প্ৰিয়ংকাক ক’লে –

“প্ৰিয়ংকা আমাৰ এন. জি. অ. ই প্ৰত্যেক দিনাই এঘাৰ বজাত ক্লাছ কৰিব। কিন্তু মাত্ৰ পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীক লৈ ৪টা দল কৰিম আৰু ৪টা দলকেই প্ৰত্যেক দিনা প্ৰতিটো বিষয়ক সাঁঙুৰি লৈ পঢ়ুওঁৱা হ’ব। তুমি যদি আগ্ৰহী তেন্তে তোমালোকৰ বিদ্যালয়ৰ খেলপথাৰত অহা সোমবাৰৰ পৰা আহিব পাৰিবা। কিন্তু মনত ৰাখিবা মাস্ক আৰু চেনিটাইজাৰ বাধ্যতামূলক।”

মিনতি বাইদেউৰ কথা শুনি প্ৰিয়ংকা যেন আনন্দত জঁপিয়াই উঠিব। প্ৰিয়ংকাৰ স্ফূৰ্তি দেখি মাক-দেউতাকৰো চিন্তা দূৰ হ’ল। মিনতিৰ চকুৰ পৰা সৰি পৰিল আনন্দৰ চকুপানী।




নাম – তনুজা বেগম
শ্ৰেণী – দশম মান
বিদ্যালয় – ধোপাতাৰী শিলভড়াল হাইস্কুল
শিক্ষাখণ্ড – কৰৰা