header ads

সম্পাদকীয় | Editorial

সম্পাদকীয় ........


     
          আমাৰ মনত কামৰূপ জিলাখন যেন এখন ক্ষুদ্ৰ ভাৰত। অনৈক্যৰ মাজত ঐক্যৰ চানেকি বহনকাৰী আমাৰ কামৰূপ জিলাখন বিভিন্ন ক্ষেত্ৰৰ সম্ভাৱনাৰ স্থলী।  শিক্ষা, সাহিত্য, সংগীত, নাট্যকলা, ক্ৰীড়া আদি বিভিন্ন বিষয়ত জিলাখন আগবঢ়া যদিও নতুন প্ৰজন্মৰ বহুতো দায়িত্ব আছে। জিলাখনৰ দায়বদ্ধ বয়োজ্যেষ্ঠসকলে নিশ্চয় এই ক্ষেত্ৰত আমাৰ উঠি অহা চামক সঠিক দিশত আগুৱাই লৈ যাব  । 

          জিলাখনৰ শিক্ষাৰ্থীসকলৰ দেহত আছে অযুত হাতীৰ বল, মনবোৰত আছে কৰ্মোদ্যমৰ স্ৰোতস্বিনী। সেই বল, সেই গতিকে সঠিক দিশ দিবলৈ আমাৰ শিক্ষক- সমাজৰ যথেষ্ট কৰণীয় আছে।  জিলাখনৰ শিক্ষক- শিক্ষয়িত্ৰীসকলে  সৰ্বাত্মক বন্ধ (Lockdown)ৰ এই সময়ছোৱাত সকলো বাধা নেওচি ছাত্ৰ- ছাত্ৰীসকলৰ লগত বিভিন্নধৰণে অনলাইন পাঠদানত একান্তচিত্তে  আত্মনিয়োগ কৰি আহিছে ।
          কামৰূপ জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাৰদৰ্শিতা বিগত গুণোৎসৱৰ সময়তে উজলি উঠা দেখা গৈছিল। ইয়াৰ উপৰিও বিভিন্ন বিদ্যালয়ত উন্মোচিত প্ৰাচীৰ - পত্ৰিকাবোৰেও ছাত্ৰ- ছাত্ৰীসকলৰ বিদ্যায়তনিক তথা সহ-বিদ্যায়তনিক দিশৰ বিকাশকে সূচায়। যোৱাবছৰ সমগ্ৰ শিক্ষা, কামৰূপ জিলাৰ উদ্যোগত অনুষ্ঠিত হোৱা জিলাভিত্তিক 'হাতেলিখা আলোচনী' প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কৰ্মকুশলতা সঁচাকৈয়ে অতুলনীয় ৰূপত ফুটি উঠা পৰিলক্ষিত হৈছিল । 
          কোভিড-১৯ ৰ এনে ভয়াবহ, চাপপূৰ্ণ পৰিস্থিতিত বিদ্যালয়বোৰ বন্ধ হৈ আছে যদিও জিলাখনত অনলাইন-পাঠদান প্ৰক্ৰিয়াৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ পাঠগ্ৰহণ কাৰ্য্য অবিৰতভাৱে চলি থকা পৰিলক্ষিত হৈছে । পাঠ্যক্ৰমৰ শিক্ষাৰ সমান্তৰালকৈ আনুষংগিক দিশবোৰতো শিশুসকলৰ অভ্যাস বা চৰ্চা ঠিক মাত্রাতেই চলি থকাটো খুবেই জৰুৰী। বিদ্যালয়ৰপৰা আঁতৰি থাকিবলগীয়া হোৱা এই সময়খিনিতে  শিক্ষক ও শিক্ষাৰ্থী উভয়ৰে সৃষ্টিৰ কৰ্ষণত যাতে কোনো যতি নপৰে, তাৰ বাবে অাৰু লগতে আগন্তুক সময়বোৰতো সকলোৰে প্ৰতিভা বিকাশৰ হকে এক প্লেটফৰ্ম আগবঢ়োৱাৰ মানসেৰে শৈক্ষিক গোট 'জ্ঞানম',কামৰূপৰ তৰফৰপৰা "জ্ঞানম" নামেৰে এখন দ্বিমাসিক ই-আলোচনী প্ৰকাশ কৰাৰ কথা ভবা হৈছে। 
           ই-আলোচনীখনলৈ ছাত্ৰ-ছাত্ৰীসকলে যিধৰণে সঁহাৰি আগবঢ়াইছে সেয়া সঁচাকৈয়ে এক যোগাত্মক লক্ষণ । এই ছেগতে জিলা প্ৰাথমিক শিক্ষা বিষয়া মাননীয় শ্ৰীযুত অপূৰ্ব ঠাকুৰীয়া মহাশয় আৰু জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মাননীয় শ্রীযুত মাধৱ চন্দ্ৰ ডেকা মহাশয়ৰ শলাগ লৈছোঁ। সকলো কামৰে পৰিকল্পক তথা পথপ্ৰদৰ্শকসকল চিৰনমস্য । যিকোনো পৰিস্থিতিতে সদায় নতুন কিবা এটা কৰাৰ হেঁপাহ পুহি ৰখা কামৰূপ জিলাৰ (সমগ্র শিক্ষা) জিলা আঁচনি বিষয়া ফুলপাহি নাথ বাইদেউৰ এক সু-চিন্তাৰ ফচল দ্বিমাসিক ই-আলোচনী ''জ্ঞানম''। আলোচনীখনৰ বিভিন্ন দিশ চোৱা-চিতা কৰাৰ উপৰিও গোটেই সম্পাদনা সমিতিখনক ইন্ধন যোগাই থকা নাথ বাইদেউক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সহযোগিতাৰ কাৰণে আমি তেখেতৰ ওচৰত চিৰ ঋণী।  ই-আলোচনীখনৰ ১ম সংখ্যাটো অতি কম সময়ৰ ভিতৰতে প্ৰকাশ কৰি উলিয়াওঁতে গোটৰ সকলোৰে অশেষ কষ্ট, ত্যাগ জড়িত হৈ আছে। সকলোটিলৈ ধন্যবাদ। 
          দুমহীয়া ই-আলোচনী "জ্ঞানম"ৰ পহিলা সংখ্যাটোৰ সম্পাদনাৰ গুৰু-দায়িত্ব আমাৰ ওপৰত অৰ্পণ কৰা হৈছে। আলোচনীখনৰ কাৰণে লেখা বিচৰা , সময়মতে লেখা অনা , পুনৰীক্ষণ কৰা , বৈদ্যুতিন দিশবোৰ চোৱাচিতা কৰা, বৰ্ণ-বিভ্ৰাট পৰীক্ষা কৰা ইত্যাদি কাম গোটৰ আটাইৰে সহযোগত নিষ্ঠাসহকাৰে কৰিবলৈ চেষ্টা কৰিছোঁ। সময় কম হ'লেও উদ্যমেৰে "জ্ঞানম"ৰ সম্পাদনা সমিতিৰ সকলোৱে অহোপুৰুষাৰ্থ কৰিছে নিজৰ নিজৰ দায়িত্ব পালন কৰাত। আমি এই প্ৰয়াসত কিমান সফল হৈছোঁ সেয়া শ্ৰদ্ধাৰ পঢ়ুৱৈৰ তুলাচনীত। আপোনালোকৰ গঠনমূলক উপদেশেই হ'ব "জ্ঞানম"ৰ আগন্তুক সংখ্যাবোৰৰ মূল চালিকা-শক্তি।
           শেষত শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলৰ কৰকমলত প্ৰণিপাত জনাই আটাইকে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰে -----
      




কৃষ্ণা সোণোৱাল
তীৰ্থমণি ডেকা
সম্পাদকদ্বয়, 

ই-আলোচনী "জ্ঞানম"