header ads

সাক্ষাৎকাৰ | Interview with Dr. B.K. Dev Choudhury

সাক্ষাৎকাৰ 




১৯৭২ চনত স্হাপিত উত্তৰ কামৰূপৰ অগ্ৰণী শিক্ষানুষ্ঠান পূব কামৰূপ মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ড. বলেন্দ্ৰ কুমাৰ দেৱচৌধুৰী দেৱৰ সাম্প্ৰতিক সময়ৰ ওপৰত যুগোতোৱা সাক্ষাৎকাৰটো পাঠক সমাজলৈ আগবঢ়ালোঁ। ছাৰৰ প্ৰাক্তন ছাত্ৰহিচাপে শিক্ষক দিৱসৰ শুভক্ষণত তেখেতৰ সাক্ষাৎকাৰ লবলৈ পাই নিজকে ধন্য মানিছো।

আমাৰ প্ৰশ্ন:- 
নমস্কাৰ চাৰ, আপোনাৰ শিক্ষা তথা বৰ্ণিল কৰ্মজীৱনৰ বিষয়ে চমুকৈ আলোকপাত কৰকচোন।

ড. বলেন্দ্ৰ কুমাৰ দেৱচৌধুৰী:- 
তোমাৰ এই প্ৰশ্নটো শুনি মই বৰ অস্বস্তি অনুভৱ কৰিছো। মই মোৰ শিক্ষা আৰু কৰ্মজীৱনৰ প্ৰকাশত বৰ্ণিল শব্দটো ব্যৱহাৰ কৰাৰ যোগ্যতা নাই বুলি ভাবো।

         পাটাছাৰকুছি বিদ্যাপীঠৰ পৰা স্কুলীয়া শিক্ষালৈ কটন কলেজৰ পৰা পদাৰ্থবিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থবিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰো। বেছ কিছুবছৰৰ বিৰতিৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই গণিতত পি এইচ্ ডি ডিগ্ৰী লাভ কৰো।
          এগৰাকী শিক্ষক হিচাপে পূব কামৰূপ কলেজত কৰ্মজীৱনৰ পাতনি মেলি ২০১২ চনৰ পৰা অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছো। অধ্যক্ষ হিচাপে যদিও ব্যাক্তিগৰাকী অনুষ্ঠানৰ সকলো দিশৰ প্ৰতি দায়বদ্ধ এগৰাকী শিক্ষক হিচাপে মই মোৰ বিষয় 'পদাৰ্থ বিজ্ঞান'ৰ প্ৰতি অধিক অনুৰাগী হওঁ। দায়বদ্ধতাতকৈ এয়া যেন প্ৰেম। পদাৰ্থবিজ্ঞানৰ প্ৰতি প্ৰেম। ব্যক্তিগত অলেশ ব্যৰ্থতাৰ মাজতো ই মোক‌ এদিনো অসুখী কৰা নাই। কৰবাত যদি কিবা এটা 'বৰ্ণিল' হৈছে, সেয়া এই প্ৰেমৰ পৰিণতি।

আমাৰ প্ৰশ্ন:- 
এইবেলী আমাৰ দেশে ৭৪ তম স্বাধীনতা দিৱস পালন কৰিলে। আপোনাৰ অনুভৱত আজিৰ স্বাধীনতা দিৱসৰ তাৎপৰ্য আগৰ তুলনাত কিমান পৰিবৰ্তনশীল?

ড. বলেন্দ্ৰ কুমাৰ দেৱচৌধুৰী:- 
দেশ স্বাধীন হোৱাটো এটি ঐতিহাসিক সত্য। বুজাহোৱাৰ পৰা 'স্বাধীনতা দিৱস' স্বাধীনতাৰ মাত্ৰা অনুধাৱন কৰাৰ এটি বিশেষ দিন বুলি ভাবো। এই মাত্ৰাৰ অগাপিচা হোৱাটো স্বাভাৱিক।

আমাৰ প্ৰশ্ন:- 
এজন শিক্ষাগুৰু হিচাপে আপোনাৰ দৃষ্টিত "শিক্ষক দিৱস"ৰ স্বকীয়তা আগৰ দৰে একে আছেনে?
ড. বলেন্দ্ৰ কুমাৰ দেৱচৌধুৰী:- এয়াও মাত্ৰাৰ কথা। গতিকে পৰিবৰ্তন স্বাভাবিক।

আমাৰ প্ৰশ্ন:- 
কোভিড-১৯ পৰিপ্ৰেক্ষিতত বিগত পাঁচমাহ গোটেই পৃথিৱী তলাবন্ধ। আপোনাৰ অনুভৱ ব্যক্ত কৰকচোন বিগত সময়ৰ।

ড. বলেন্দ্ৰ কুমাৰ দেৱচৌধুৰী:- 
এয়া পৃথিৱীৰ অসূখ।গতিকে বিষয়টো নিশ্চয় সামূহিক।

আমাৰ প্ৰশ্ন:- 
তলাবন্ধ সময়ৰ শৈক্ষিক ক্ষতিপূৰণখিনি কিদৰে সমাধান কৰিব পাৰি। আপোনাৰ পৰামৰ্শ কি?

ড. বলেন্দ্ৰ কুমাৰ দেৱচৌধুৰী:- 
মই ভাৱো চৰকাৰে গঠণ কৰি দিয়া উচ্চস্তৰীয় কমিটিয়ে ভাল সিদ্ধান্ত আগবঢ়াব। এই মূহুৰ্তত তেনেকুৱা সামূহিক বিধানত আমি সহায় কৰা উচিত।

    আমাৰ শুভেচ্ছা:-  
আপোনাৰ বহুমূলীয়া সময়কণ দিয়াভাবে বহু বহু ধন্যবাদ চাৰ। আপোনাৰ সুস্বাস্হ্য কামনা কৰিলো। শেষত শিক্ষক দিৱসৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ ।


সাক্ষাৎগ্ৰহণ:- 
তীৰ্থমণি ডেকা
সম্পাদক
ই আলোচনী "জ্ঞানম"।