header ads

শুভেচ্ছাবাণী | Message by IS Kamrup

শুভেচ্ছাবাণী 



মই জানিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ যে শৈক্ষিক গোট ,জ্ঞানম , কামৰূপৰ অধীনত দ্বিমাসিক ই -আলোচনী "জ্ঞানম" প্ৰকাশৰ বাবে যোজা কৰা হৈছে।

     সাম্প্ৰতিক সময়ৰ কাৰণে ই - আলোচনী এখন উলিওৱাটো অতি গুৰুত্বপূৰ্ণ তথা প্ৰয়োজনীয় যাতে ছাত্ৰ-ছাত্ৰীসকলে ছাত্ৰ-জীৱনৰ পৰাই তেওঁলোকৰ সুপ্ত সাহিত্য প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা পায়, লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলেও নিজৰ বৌদ্ধিক জ্ঞান-ভাণ্ডাৰ শিক্ষাৰ্থীৰ মাজত বিলাই দিব পাৰে। 

    দ্বিমাসিক ই-আলোচনী "জ্ঞানম"খন সৰ্বাংগসুন্দৰ হৈ প্ৰকাশ পাওঁক তাৰ বাবে মোৰ আন্তৰিক শুভেচ্ছা থাকিল, লগতে ই-আলোচনীখনৰ প্ৰকাশৰ লগত জড়িত সকলোটিলৈকে মোৰ হিয়াভৰা ওলগ যাচিলোঁ।
      





(শ্ৰীমাধৱ চন্দ্ৰ ডেকা)
বিদ্যালয়সমূহৰ পৰিদৰ্শক
কামৰূপ জিলা সংমণ্ডল, দদৰা