header ads

ভাৰত মাতা কি জয় | A Parable by Puspanjali

ভাৰত মাতা কি জয়



কাশ্মীৰত দুৰ্বৃত্তৰ হাতত শ্বহীদ হোৱা বীৰ জোৱান নন্দ খাকলাৰীৰ নশ্বৰ দেহ যেতিয়া ঘৰলৈ লৈ অনা হল,দূৰ দূৰৰ পৰা মানুহ অন্তিম ক্ষণৰ সাক্ষী হ'বলৈ আহিল। বীৰ শ্বহীদগৰাকীৰ একমাত্ৰ  পুত্ৰসন্তান আৰু  পত্নীক শ্বহীদগৰাকীৰ নিথৰ দেহ শেষ  বাৰৰ বাবে দেখুওৱা হ'ল| নিউজ চেনেলবোৰে আহি যেতিয়া শ্বহীদ পত্নীক সুধিলে একমাত্ৰ ল'ৰাটোক লৈ কি কৰিব, শ্বহীদ পত্নীয়ে উত্তৰত  কান্দি  কান্দি ক'লে----- মোৰ একমাত্ৰ ল'ৰাটোক সেনাবাহিনীত ভৰ্তি কৰাম। 
দেশ মাতৃৰ বাবে মোৰ ল'ৰাটো শ্বহীদ  হ'ব।

বীৰ শ্বহীদ স্বামীৰ  মুখখনলৈ চায়ে ল'ৰাটোৰ লগত একেলগে চেল্যুট জনাই ক'লে---     
"ভাৰত মাতা কি জয় "  ||
              
********* সমাপ্ত ********


পুষ্পাঞ্জলি পাংগিং গাম 
সহ শিক্ষয়িত্ৰী।
নিজ বৰুৱা প্ৰাথমিক বিদ্যালয়।
শিক্ষা খণ্ড----- ছমৰীয়া।