header ads

শিশু দিৱসৰ প্ৰাসংগিকতা | Article by Anima Das

শিশু দিৱসৰ প্ৰাসংগিকতা  Article by Anima Das

 শিশু দিৱসৰ প্ৰাসংগিকতা 

        শিশু দিৱস অনুষ্ঠিত কৰা হৈছিল বিশ্বত প্ৰথম ১৯৫৪ চনত | বিশ্বজনীনভাৱে এই  শিশু দিৱস যে উদ্‌যাপন কৰিব লাগে এই বিষয়টোৰ প্ৰথম প্ৰস্তাৱ আগবঢ়াইছিল মি: ভিকে কৃষ্ণ মেননে | এই দিনটো পালন কৰিছিল ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে | পোনপ্ৰথমে শিশু দিৱস পালন কৰিছিল অক্টোবৰ মাহত | ১৯৫৯ চনৰ পিছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে যেতিয়া শিশুৰ প্ৰাথমিক অধিকাৰ সম্পৰ্কে আলোচনা কৰে , তেতিয়াৰপৰা এই শিশু দিৱস বছৰেকীয়া হিচাপত উদযাপন কৰিবলৈ ২০ নৱেম্বৰ তাৰিখটো বাছি লয় | ১৯৮৯ চনৰ ২০নৱেম্বৰত শিশু সম্পৰ্কীয় সন্মিলন অনুষ্ঠিত হয় | এই সভাই শিশু অধিকাৰ স্বীকৃতিপত্ৰত স্বাক্ষৰ  প্ৰদান কৰে | ফলস্বৰূপে ,২০ নৱেম্বৰ তাৰিখটো শিশু দিৱস উদ্‌যাপন কৰাৰ দিন স্থিৰ কৰি লয় |

        শিশুসকলৰ উত্তৰণ আৰু শিশু দিৱসৰ কথা ভাৰতবৰ্ষত স্বাধীনতাৰ আগতে কোনো বিষয় নাছিল | স্বাধীনতাৰ পিছতহে শিশুৰ বিকাশৰ ক্ষেত্ৰত আন্ত:গাঁথনি আঁচনিসমূহ লোৱা হয় | যাৰদ্বাৰা আমাৰ দেশৰ শিশুৱে আন দেশৰ শিশুৰ লগত ফেৰ মাৰিব পাৰে এই কথা জৱাহৰলাল নেহৰুৱে বাৰে বাৰে কৈছিল | দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংসযজ্ঞত অগণন  শিশু পিতৃহাৰা মাতৃহাৰা হৈছিল । অন্ন, বস্ত্ৰ , খাদ্য , শিক্ষা আৰু কৰ্মসংস্থাপনৰ অভাৱৰ দৃশ্যই নেহৰুকো ব্যথিত কৰিছিল | UNO ৰ সাধাৰণ পৰিষদে বিশ্বযুদ্ধত বিধ্বস্ত হোৱা শিশুসকলৰ বাবে শিশুপুঁজি গঠন কৰিছিল | এই পুঁজিৰ উদ্দেশ্য হ'ল বিশ্বজুৰি শিশুৰ স্বাস্থ্য, শিক্ষা, প্ৰতিৰক্ষা সুৰক্ষিত কৰা ।  প্ৰাথমিক অধিকাৰ সুৰক্ষিত কৰি আন্ত:ৰাষ্ট্ৰীয় শিশু জৰুৰী পুঁজি (UNICEF)য়ে বিশ্বত বিভিন্ন আঁচনি স্বয়ংক্ৰিয়ভাৱে ৰূপায়ন কৰি আহিছে | 

       ভাৰতবৰ্ষত পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিন ১৪ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয় | ইয়াৰ কাৰণ হ'ল - তেওঁ শিশুৰ প্ৰতি থকা স্নেহ , শ্ৰদ্ধাভক্তিৰে অনুৰক্ত হৈ তেওঁলোকৰ ওচৰত থাকিবলৈ বিচাৰে | ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰতি সন্মান জনাই ১৯৬৩ চনৰ ১৪ নৱেম্বৰ তাৰিখটোৰপৰা শিশু দিৱস হিচাপে পালন কৰি আহিছে | এই দিনটোতে স্কুল-কলেজ, অনুষ্ঠান, প্ৰতিষ্ঠান, চৰকাৰী - বেচৰকাৰী, সংগঠনসমূহে নানা ধৰণৰ কাৰ্যসূচীৰে উদ্‌যাপন কৰি আহিছে |

     শিশু  দিৱসৰ প্ৰাসংগিকতা হিচাপে শিশু সকলে যাতে দেশৰ সু-নাগৰিক হৈ শাসনৰ বাঘজৰী হাতত তুলি ল'ব পাৰে , তাৰ বাবে শিশুসকলৰ সামগ্ৰিকভাৱে বিকাশ কৰি মানৱ সম্পদ হিচাপে গঢ় লৈ উঠিব পাৰে | এই প্ৰাসংগিকতাৰে শাৰীৰিক, মানসিক, বৌদ্ধিক দিশৰ উৎকৰ্ষ সাধনৰ নিমিত্তে এই শিশু দিৱসটো পালন কৰা হয়  | চৰকাৰৰ ফালৰপৰাও এই শিশু দিৱসত বিভিন্ন শিশু কল্যাণ আঁচনি ঘোষণা কৰে  | বিশ্বৰ উন্নত দেশৰ শিশুৰ লগত ফেৰ মাৰিবলৈ হ'লে, আমাৰ দেশৰ শিশুবোৰৰ উন্নতিৰ বাবে চৰকাৰ, অনুষ্ঠান - প্ৰতিষ্ঠান, চৰকাৰী - বেচৰকাৰী সংস্থা সমূহে শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে প্ৰচেষ্টা লোৱা উচিত |


           *******************

 


অনিমা দাস, 

প্ৰধান শিক্ষয়িত্ৰী

ছয়গাঁও আঞ্চলিক এল. পি. স্কুল, 

ছয়গাঁও শিক্ষাখণ্ড


অলংকৰণ :-মনবীনী দাস

Post a Comment

0 Comments