header ads

প্ৰাক্-প্ৰাথমিক শিক্ষাৰ এক পৰীক্ষামূলক কাৰ্যসূচী:- তাক্ ধিন্ তাৰা | Article by Apurba Thakuria



প্ৰাক্-প্ৰাথমিক শিক্ষাৰ এক পৰীক্ষামূলক কাৰ্যসূচী:- তাক্ ধিন্ তাৰা


 


অপূৰ্ব ঠাকুৰীয়া

জিলা মিছন সমন্বয়ক, কামৰূপ


     

 প্ৰাক্-প্ৰাথমিক শিক্ষা শিক্ষাৰ্থীৰ জীৱনৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ অধ্যায়। প্ৰাথমিক শিক্ষাক যদি শিক্ষা জীৱনৰ বুনিয়াদী ভেটি বুলি কোৱা হয় তেন্তে প্ৰাক্-প্ৰাথমিক শিক্ষা হ'ব এই ভেটি নিৰ্মাণৰ প্ৰাৰম্ভিক স্তৰ। প্ৰাক্-প্ৰাথমিক স্তৰত লব্ধ জ্ঞানে ব্যক্তি এগৰাকীৰ জীৱনৰ সমগ্র কালছোৱা বাৰুকৈয়ে প্ৰভাৱান্বিত কৰে।

      ব্যক্তি বিশেষৰ জীৱনত এই সময়ছোৱা গুৰুত্বপূৰ্ণ বুলি কোৱাৰ কেৱাটাও কাৰণ আছে। এই সময়ছোৱাতে শিশুৰ শাৰীৰিক বিকাশ খৰতকীয়া হয়। তাৰোপৰি, জীৱনৰ এই প্ৰাৰম্ভিক কালছোৱাতে বৌদ্ধিক, আৱেগিক, সামাজিক কৌশলৰো বিকাশ আৰম্ভ হয়। কোৱা যুগুত যে প্ৰাক্-প্ৰাথমিক স্তৰত হোৱা এনে বিকাশে ব্যক্তি এগৰাকীৰ জীৱনত সফলতা অৰ্জনত নিৰ্ণায়ক ভূমিকা লোৱা দেখা যায়।

       প্ৰাক্-প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত শিশুৱে শিক্ষা জীৱনৰ পৰৱৰ্তী ঢাপবোৰত যথেষ্ট আহুকালৰ সন্মুখীন হয়। আনকি প্ৰাথমিক স্তৰত শিক্ষা গ্ৰহণৰ বাবে অপ্ৰস্তুত এনে শিশুৱে প্ৰয়োজনীয় শিকণ অৰ্হতাবোৰ আয়ত্ব কৰিবলৈ ব্যৰ্থ হৈ বিদ্যালয় বহিৰ্ভূত শিশুৰ সংখ্যা বৃদ্ধিৰ ইও এক অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে।



     শিশুৰ উপযোগী আৰু ফলপ্ৰসূ প্ৰাক্-প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ কথা সেয়ে বিশ্বৰ বিভিন্ন স্তৰত আলোচিত হৈ আহিছে। আমাৰ দেশৰ সংবিধানতো এই বিষয়ে স্পষ্টকৈ উল্লেখ কৰা হৈছে। অনুচ্ছেদ ৪৫ ত উল্লেখ আছে যে "The state shall endeavour to provide early childhood care and education for all children until they complete the age of six year." দেশৰ শিক্ষা ব্যৱস্থাত যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ গঠিত কোঠাৰী আয়োগ (১৯৬৪-৬৬) আৰু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় শিক্ষানীতি (১৯৮৬) য়েও প্ৰাক্-প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ কথা গুৰুত্ব সহকাৰে দোহাৰিছে। শিক্ষাৰ অধিকাৰ আইন, ২০০৯ ত এই বিষয়ে আৰু অধিক সবলভাৱে কোৱা হৈছে। এই আইনৰ ১১ নং ধাৰাত প্ৰাক্-প্ৰাথমিক শিক্ষা সন্দৰ্ভত কোৱা হৈছে যে- With a view to prepare children above the age of three years to Elementary Education and to provide Early Childhood care and Education for all children until they complete the age of six year, the appropriate government may make necessary arrangement for providing free pre-school education for such children.

       অৱশ্যে এনেবোৰ নীতি-নিৰ্দেশনা থকা সত্বেও বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে যে আমাৰ দেশত প্ৰাক্-প্ৰাথমিক শিক্ষা ব্যৱস্থা এক সংগঠিত ৰূপত গঢ়ি উঠা নাই। এহাতে যিদৰে প্ৰাক্-শৈশৱ যতন আৰু শিক্ষানীতি, ২০১৩ ৰ আধাৰত অংগনবাদী কেন্দ্ৰ সমূহৰ যোগে প্ৰাক্-প্ৰাথমিক শিক্ষা প্ৰদানৰ ব্যৱস্থাকৰা হৈছে আনহাতে, প্ৰাক্-প্ৰাথমিক শিক্ষা প্ৰদানৰ বাবে ব্যক্তিগত খণ্ডত ভালেমান বিদ্যালয় গঢ়ি উঠিছে। আমাৰ ৰাজ্যত অৱশ্যে 'ক-শ্ৰেণী'ক প্ৰাথমিক বিদ্যালয়ত সংযোগ কৰি ১৯৯৯-২০০০ চনৰ পৰা প্ৰাক্-প্ৰাথমিক শিক্ষা প্ৰদানৰ এক ব্যতিক্ৰমী আৰু বহু পৰিমানে ফলদায়ক ব্যৱস্থা লোৱা হৈছে। ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম (SCERT) এ প্ৰস্তুত কৰা বিষয় ভিত্তিক কাৰিকুলামৰ আধাৰত 'ক-শ্ৰেণী' সমূহত প্ৰাক্-প্ৰাথমিক শিক্ষা প্ৰদান কৰি থকা হৈছে। ৰাজ্য চৰকাৰে যোগান ধৰা বিনামূলীয়া কৰ্মপুথি যেনে অকণিৰ কৰ্মপুথি আৰু Beginners English শিশু সকলক প্ৰতি বছৰে যোগান ধৰি অহা হৈছে। তাৰোপৰি, সমগ্র শিক্ষা অসম(সৰ্বশিক্ষা, অসম)ৰ সহযোগত এনে শিশু সকললৈ ২০১৪-১৫ চনলৈ বিভিন্ন শিকণ-শিক্ষণ সামগ্ৰী, শিক্ষকৰ সমল পুথি, শিশুৰ ওমলা গীতৰ পুথি, শিক্ষকৰ প্ৰশিক্ষণ আদিৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ কৰা যুগুত যে এনেবোৰ ব্যৱস্থা থকাৰ পিছতো দিল্লীৰ আম্বেদকাৰ বিশ্ববিদ্যালয় আৰু 'এছাৰ কেন্দ্ৰই' ২০১৭ চনৰ পৰা অসম, ৰাজস্থান আৰু তেলেংগনাত চলোৱা এক অধ্যয়নত প্ৰকাশ পাইছে যে ভালেসংখ্যক শিশু উপযুক্ত প্ৰাক্-প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ লগতে প্ৰাক্-প্ৰাথমিক শিক্ষাৰ কাৰিকুলামকে প্ৰমূখ্য কৰি পৰিকাঠামোৰ উন্নয়নৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। অৱশ্যে দেশৰ নতুন শিক্ষানীতি,২০২০ ত প্ৰাক্-প্ৰাথমিক শিক্ষাক স্কুলীয়া শিক্ষাৰ আওতালৈ আনি গাঁথনিগত পৰিবৰ্ত্তনকে আদি কৰি যিবোৰ ব্যৱস্থাৰ পৰামৰ্শ প্ৰদান কৰিছে , ইয়ে প্ৰাক্-প্ৰাথমিক শিক্ষাখণ্ডলৈ এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।


উল্লেখ্য যে সু-পৰিকল্পিত পৰিকল্পনা, উন্নত কাৰিকুলাম, নিষ্ঠাবান আৰু প্ৰশিক্ষিত শিক্ষক আদিৰ সহায়ত বিদ্যালয় সংলগ্ন প্ৰাক্-প্ৰাথমিক শিক্ষা ব্যৱস্থাই যে শিশু সকলৰ আকাংক্ষিত অৰ্হতা প্ৰাপ্তিত গুৰুত্বপুৰ্ণ ভূমিকা লয় তথা প্ৰাথমিক শিক্ষা লাভৰ বাবে তেওঁলোকক যে প্ৰস্তুত কৰি তোলে তাৰ এক উৎকৃষ্ট নিদৰ্শন কামৰূপ জিলাত পৰীক্ষামূলকভাৱে ৰূপায়িত 'তাক্ ধিন্ তাৰা' কাৰ্যক্ৰমত দেখা গ'ল। জিলাখনৰ বিভিন্ন অঞ্চলৰ ১০ খন বিদ্যালয়ৰ ২৬৫ গৰাকী শিশুক সামৰি বিগত বৰ্ষত এই কাৰ্যসূচী লোৱা হয়। ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ দ্বাৰা প্ৰস্তুত প্ৰাক্-প্ৰাথমিক স্তৰৰ কাৰিকুলামৰ সহায়ত, ডায়েট মিৰ্জাৰ অভিজ্ঞ প্ৰৱক্তাৰ সহযোগত তথা সমগ্র শিক্ষা, কামৰূপৰ প্ৰত্যক্ষ তদাৰকত সংশ্লিষ্ট বিদ্যালয় সমূহত শিশু সকলৰ উপযোগীকৈ লোৱা বিভিন্ন শৈক্ষিক কাৰ্যক্ৰমে শিশু সকলক আকাংক্ষিত শিকণ ফলাফল(Learning Outcome) প্ৰাপ্তিত সহায়ক ভূমিকা লয়। এই কাৰ্যসূচীৰ আৰম্ভণিতে লোৱা প্ৰাক্-সমীক্ষা(pre test) আৰু সামৰণি সমীক্ষা(post test) ৰ পৰা শিশুসকলে লাভ কৰা ভালেমান বুৎপত্তি যেনে প্ৰাক্-কথন, প্ৰাক্-লিখন, দলগত কাৰ্য, সৃষ্টিমূলক কাৰ্য, সহযোগিতা, পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ধাৰণা, খেলা-ধূলা, অংগী-ভংগীৰে পদ্য গোৱা, বিদ্যালয়ৰ প্ৰতি ভয় ভাব আঁতৰ হোৱা, নিজৰ বিষয়ে কোৱা ইত্যাদিৰ লাভৰ এক উন্নত ছবি দেখা পোৱা যায়। শিশু সকলৰ এনে উন্নত ফলাফলৰ গুৰিতে আছিল শিক্ষক-শিক্ষয়িত্ৰী সকলে আগবঢ়োৱা প্ৰশংসনীয় সেৱা। অৱশ্যে শিক্ষক-শিক্ষয়িত্ৰী সকলক উপযুক্ত সমল ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষিত কৰি লোৱাৰ উপৰিও প্ৰাক্-প্ৰাথমিক শিক্ষা সংলগ্ন আদৰ্শ বিদ্যালয়লৈ শিক্ষামূলক ভ্ৰমণৰো ব্যৱস্থা কৰা হয়। তেনেদৰে বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত সংশ্লিষ্ট বিদ্যালয় সমূহত প্ৰাক্-প্ৰাথমিক শ্ৰেণীকোঠাটো ছপা সমৃদ্ধ সমল তথা শিশুৰ আকৰ্ষণীয় শিকণ সমলেৰে সজাই তোলা হয়। শিশু সকলে আকাংক্ষিত ফল প্ৰাপ্তিৰ দিশত সঠিকভাৱে আগবাঢ়িছে নে নাই তাক জানিবলৈ অভিভাৱকৰ সহযোগত এক বিশেষ মুকলি মূল্যায়নৰো ব্যৱস্থা কৰা হয়। মূল্যায়নত প্ৰাপ্ত তথ্যৰ আধাৰত শিক্ষক-শিক্ষয়িত্ৰী সকলে প্ৰয়োজনীয় শৈক্ষিক কাৰ্য নিৰ্দ্ধাৰণ কৰি ৰূপায়নৰ দিহা কৰে।


      উল্লেখ্য যে তাক্ ধিন্ তাৰা কাৰ্যসূচীয়ে শিশুসকলক যে অকল উপকৃত কৰিছে তেনে নহয় , চৰকাৰী এই বিদ্যালয় কেইখনত এক অনুকুল শৈক্ষিক পৰিৱেশ গঢ়ি তোলাতো সহায়ক ভূমিকা লৈছে। ইয়াৰ এক উৎকৃষ্ট উদাহৰণ হ'ল ২০২০ শৈক্ষিক বৰ্ষত এই বিদ্যালয় কেইখনত ছাত্র-ছাত্ৰীৰ নামভৰ্ত্তিৰ হাৰ বৃদ্ধি পোৱাটো। এয়া এক শুভ লক্ষণ। তাৰোপৰি, তাক্ ধিন্ তাৰা কাৰ্যসূচীৰ দ্বাৰা উপলব্ধ জ্ঞানে প্ৰাক্-প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত নতুন শিক্ষানীতি,২০২০ য়ে নিৰ্দ্ধাৰণ কৰা কাৰ্যসূচীবোৰ আগুৱাই লৈ যোৱাত সহায়ক হ'ব বুলি কোৱাৰ থল আছে।

 ********************************

Post a Comment

0 Comments