শিশুৰ মানসিক বিকাশত সাধুকথাৰ ভূমিকা
শৈশৱকাল জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় । এই সময়চোৱাই মানুহৰ শাৰীৰিক আৰু মানসিক বিকাশৰ প্ৰধান সময় । এই ক্ষেত্ৰত পৰিৱেশে অতিকে প্ৰভাৱিত কৰে । শিশুৰ মানসিক বিকাশৰ ক্ষেত্ৰত আন আন বিষয়বোৰৰ দৰেই সাধুকথাৰো এক গুৰুত্বপূৰ্ণ ভূমিকা আছে ।
মানুহৰ মুখে মুখে প্ৰচলিত ৰূপকথাবোৰকে আমি সাধুকথা বোলো । সাধুকথাবোৰৰ
প্ৰায়বোৰে কল্পিত । বিভিন্ন পৰিৱেশ পৰিস্থিতিত সাধুকথাবোৰৰ জন্ম হৈছিল বুলি অনুমান
কৰিব পাৰি । সাধুকথাবোৰৰ কোনো নিৰ্দিষ্ট লেখক নাই । এইবোৰ আদিতে মৌখিকভাৱেই
চলি আছিল । মানুহৰ মাজলৈ ছপাশাল অহাৰ পিছত এইবোৰে লিখিত ৰূপ পালে । লিখিত
সাধুবোৰ কিতাপৰ আকাৰে মানুহৰ হাতত পৰিল । মানুহে সাধুৰ কিতাপ পঢ়ি সেইবোৰকে আনৰ আগত
কওঁতে ভাব, অৰ্থৰ সঠিক প্ৰকাশ কৰিবলৈ আৰু চৰিত্ৰক অধিক জীৱন্ত ৰূপ দিবলৈ নিজস্ব
শৈলীৰে পৰিৱেশন কৰি আহিছে । সেয়ে সাধুকথাৰ লিখিত ৰূপতকৈ মৌখিক ৰূপটোৱে অধিক
প্ৰভাৱিত কৰে । এনে কাৰণতে আমাৰ অসমীয়া সমাজত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ
"বুঢ়ী আইৰ সাধু"ৰ সাধুকথাবোৰে অদ্যপি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ।
সাধুকথাৰ কথা প্ৰসংগলৈ আহিলেই আমাৰ শৈশৱৰ সোণালী দিনৰ কথা মনত পৰে । জোনাক
ৰাতি চোতালত ঢৰা পাৰি আইতাৰ মুখেৰে সাধু শুনা দিনবোৰ সজীৱ হৈ পৰে । মৰাপাটৰ দৰে
চুলিকোছা জোনাকত জিলিকাই তামোলৰ সেলেঙি লগাই আইতাই কোৱা সাধুবোৰে আমাৰ মনৰ বৰপেৰা
এতিয়াও ভৰাই ৰাখিছে । আমি শুনা সাধুবোৰৰ বেছিভাগেই আছিল "বুঢ়ী আইৰ
সাধু"ত সন্নিবিষ্ট সাধুবোৰ । ৰামায়ণ, মহাভাৰত, উপনিষদৰ সাধু, বীৰবলৰ
সাধু, নিংনি ভাৱৰীয়াৰ সাধুবোৰো শুনিবলৈ পাইছিলো ।
আমাৰ সমাজত প্ৰচলিত সাধুকথাবোৰ বিভিন্ন বিষয়ৰ । জীৱ-জন্তুকেন্দ্ৰিক,
অলৌকিক, যুদ্ধ-বিগ্ৰহকেন্দ্ৰিক বহু সাধুৰ প্ৰচলন আছে । নীতিশিক্ষামূলক সাধু
কিছুমানো আমাৰ সমাজত চলি আহিছে ।সাধুকথাবোৰৰ ভাব-ভাষা অতি সৰল । সাধাৰণতে যিটো
অঞ্চলত সাধু এটাৰ প্ৰচলন হয়, সেই অঞ্চলৰে ভাষাৰ প্ৰয়োগ সাধুত ঘটে । সাধুবোৰ
হাস্যৰস, কৰুণৰস, বীৰৰসেৰে সমৃদ্ধ ।
সাধুকথা শিশুকেন্দ্ৰিক । সেয়ে ইয়াৰ প্ৰকাশভঙ্গী শিশুৰ সৰল মনক প্ৰভাৱিত
কৰিব পৰাকৈ সৰল আৰু ৰহণসনা । শিশুক নিচুকাবলৈ, মন ভাল লগাবলৈ আৰু কেতিয়াবা কোনো
ধৰণৰ নীতিশিক্ষা দিবলৈ সাধুকথা কোৱা হয় । ইয়াৰ বাবে পৰিৱেশ আৰু পৰিস্থিতিৰ ওপৰত
নিৰ্ভৰ কৰি একোটা সাধুৰ জন্ম । সেয়ে সাধুকথাবোৰৰ বেছিভাগে ৰূপকথা, কাল্পনিক ।
সাধুকথাই শিশুৰ মানসিক বিকাশত অধিক সহায় কৰে । সাধুই শিশুক কল্পনা কৰিবলৈ
শিকায় । সাধুকথাৰ পৰিৱেশকজনে সাধু এটা অংগী-ভংগীৰে আৰু ভাব অনুসৰি বচন আওৰাই ইমান
সুন্দৰকৈ কয় যে শ্ৰোতাৰ মনৰ দিগন্ত প্ৰসাৰিত হৈ গৈ থাকে । সাধুৰ বৰ্ণনাৰ লগে লগে
শিশুৱে মনতে ছবি একোখন আঁকি লয় আৰু নিজৰ ধৰণে চৰিত্ৰবোৰকো কলেবৰ একোটা দি লয় ।
ইয়াৰ ফলত শিশুৰ কল্পনা শক্তিৰ বিকাশ ঘটে ।
সাধুকথাবোৰত সৌন্দৰ্যপ্ৰীতি, প্ৰকৃতিপ্ৰেমেও ঠাই পাইছে । জীৱ-জন্তু, চৰাই-চিৰিকটি,
গছ-গছনি, ফুল, পখিলা আদিৰ প্ৰতি শিশুৰ এক আকৰ্ষণ আছে । সেয়ে বিশ্ব সাহিত্যৰ
অধিকাংশ সাধুতে প্ৰকৃতিয়ে এক অনন্য স্থান অধিকাৰ কৰি আছে ; জীৱ-জন্তুক একো একোটা
বিশেষ চৰিত্ৰ কৰি লৈ বহুতো সাধু প্ৰচলিত হৈ আহিছে । এনেধৰণৰ সাধুকথাই শিশুৰ মনত
প্ৰকৃতিৰ প্ৰতি ভালপোৱা জগায়; নিজৰ ধৰাখনক ভাল পাবলৈ শিকায় ।
সাধুকথাবোৰৰ এক বিশাল অংশ দখল কৰি আছে নীতিশিক্ষামূলক সাধুৱে । এনে
সাধুৰ ভিতৰত সুচৰিত্ৰ, শিষ্টাচাৰ, সু-সংস্কাৰমূলক সাধু বহু আছে । এনে ধৰণৰ সাধুৱে
শিশুক অধিক প্ৰভাৱিত কৰে আৰু নৈতিক মূল্যবোধৰ শিক্ষা প্ৰদান কৰে । সমাজত
প্ৰতিষ্ঠিত সফল, সৎ, অধ্যৱসায়ী লোকৰ সাধুকথাই শিশুক ভৱিষ্যতে সফল, সৎ, অধ্যৱসায়ী
হ'বলৈ অনুপ্ৰাণিত কৰে । দয়া, ক্ষমা, ধৈৰ্য, সহনশীলতা আদি মানৱীয় গুণৰাজি আহৰণতো
সাধুকথাই শিশুক সহায় কৰে । সাধু এটাত কোনো বীৰ পুৰুষৰ বীৰত্ব, সাহসৰ বৰ্ণনাই শিশুৰ
মনতো বীৰত্ব ভাৱ, বা সাহস জগাই তোলে। শিশুৰ মনত স্বদেশপ্ৰেমৰ ভাব জাগ্ৰত কৰাতো
সাধুকথাৰ মহত্তম ভূমিকা আছে ।
এইবোৰৰ উপৰিও সাধুকথাৰ জৰিয়তে শিশুৱে সমাজ এখনত প্ৰচলিত ৰীতি-নীতি,
নিয়ম-শৃংখলা, চিন্তা-চৰ্চা, আদৰ্শ আদিৰ বিষয়ে জনাৰ লগতে মানুহৰ জীৱন-শৈলী,
জীৱিকা, উৎসৱ-পাৰ্বন আদিৰ বিষয়েও জানিবলৈ পায় ।
দেখিবলৈ পোৱা যায় যিবোৰ শিশুৱে সাধু বেছিকৈ শুনে আৰু পঢ়ে, তেওঁলোকৰ ভাষাৰ
জ্ঞান বাঢ়ে । তেওঁলোকে উপস্থাপন কৌশল আহৰণ কৰে । সাধুৰ কিতাপ পঢ়াৰ ফলত অধ্যয়নৰ
প্ৰতি স্পৃহা জাগে । সাধুকথাই শিশুৰ কল্পনাৰ পৰিসৰ বঢ়োৱাৰ বাবেই তেওঁলোকৰ
সৃজনশীলতাৰো কৰ্ষণ হয় ।
বৰ্তমান সময়ত টিভি, মোবাইল ফোনৰ বহুল প্ৰচলন হৈছে । বিভিন্ন মনোগ্ৰাহী
চৰিত্ৰৰ সমাবেশেৰে সেইবোৰত শিশুৱে কাৰ্টুন মুভিবোৰ দেখিবলৈ পায় । সেইদৰেই শিশুৱে
কল্পনা কৰিবলৈও লয় । কিন্তু দৃশ্য আৰু শ্ৰাব্যৰ মাজত এক বিৰাট পাৰ্থক্য আছে ।
শ্ৰাব্যই মানুহৰ মনক অসীমলৈ প্ৰসাৰিত কৰে । আনহাতে দৃশ্যবোৰে মানুহক সীমিত পৰিসৰত
মুভিবোৰৰ পৰিচালকৰ কল্পনাৰ মাজতে আৱদ্ধ কৰি ৰাখে । গতিকে শিশুক দৃশ্য কাহিনীতকৈ
শ্ৰাব্য সাধুৰ প্ৰতি আগ্ৰহী কৰাহে উচিত ।
আজিকালি প্ৰায়বোৰ পিতৃ-মাতৃয়ে জীৱিকাৰ অৱলম্বনত দিনটোৰ অধিক সময় ঘৰৰ বাহিৰত
থাকিবলগীয়া হয় । শিশুক সময় দিব নোৱাৰে । সাধু কবলৈ ককা-আইতা লগত নাথাকে । থকাসকলৰো
ওচৰত বহি নাতিক সাধু কোৱাৰ সুযোগ নাথাকে । ফলত টিভি, মোবাইল ফোন, কম্পিউটাৰত
কাৰ্টুন চাই, ভিডিঅ' গেম খেলি শিশুহঁতে সময় কটায় । ইয়াৰ ফলত শিশুৰ সঠিকভাৱে
শাৰীৰিক , মানসিক বিকাশত বাধা আহি পৰিছে । খেলা-ধূলা বাদ পৰিছে, মানুহৰ লগত
আত্মীয়তা কমিছে, নৈতিক প্ৰমূল্যৰ অৱক্ষয় হৈছে ।
এনেবোৰ দিশলৈ মন কৰি আমি সজাগ হ'বৰ হ'ল । কৰ্মময় ব্যস্ত দিনবোৰত অলপ সুৰুঙা
উলিয়াই শিশুক সাধুকথা কোৱাৰ অভ্যাস কৰিব লাগিব । শিশুহঁতৰ মাজত সাধুকথাৰ কিতাপ
পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব ।
আহক, সাধু কওঁ, সাধু শুনো, সাধু পঢ়োঁ; শিশুৰ মন অধিক ৰঙাই তোলো,; শিশুক কল্পনা
কৰিবলৈ এখন নিৰ্মল আকাশ দিওঁ ।
**********************************
দীপাঞ্জলি দেৱী
সহকাৰী শিক্ষয়িত্ৰী
২নং ভোমোলাহাটী প্রাথমিক বিদ্যালয়
শিক্ষাখন্ড- কৰৰা
অলংকৰণ :- সুকন্যা ভৰদ্বাজ
0 Comments