header ads

ভাৰতবৰ্ষৰ শিক্ষাৰ ভেটি নিৰ্মাণত মৌলানা আবুল কালাম আজাদৰ অৱদান | Article by Dr. Mousumi Saharia


ভাৰতবৰ্ষৰ শিক্ষাৰ ভেটি নিৰ্মাণত মৌলানা আবুল কালাম আজাদৰ অৱদান

 

      সমাজত স্বকীয় কৰ্ম আৰু প্ৰতিভাৰে উজলি উঠি আদৰ্শ হ'ব পৰাতো পৰম সৌভাগ্যৰ কথা। বিশেষকৈ শৈক্ষিক আৰু বিদ্যায়তনিক দিশত নিজৰ পাৰদৰ্শিতা আৰু অৰিহণাৰে জগত জিনাৰ লগতে যেতিয়া নিজৰ ওপজা দিনটো এক বিশেষ দিন হিচাপে পৰিগণিত হয় সেইয়া জীৱনৰ এক পৰম প্ৰাপ্তি। শিক্ষাৰ উদ্দেশ্য, গুৰুত্ব আৰু লক্ষ্য সমাজ এখনৰ বাবে কিমান প্ৰয়োজনীয়, এইয়া কাৰো অজ্ঞাত নহয়। সেয়ে সমাজ এখনৰ সৰ্বাংগীন উন্নতিৰ বাবে সমাজৰ কোনো লোকে যাতে শিক্ষাৰ পৰা বঞ্চিত নহয়, তাৰ বাবে বিশেষ বৰঙনি আগবঢ়োৱা এজন ব্যক্তি, আমাৰ সকলোৰে চিৰপৰিচিত, ভাৰতৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ প্ৰথমজন শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদ। যি গৰাকী মহান ব্যক্তিৰ জন্মদিনটো ভাৰতবৰ্ষত 'ৰাষ্ট্ৰীয় শিক্ষা দিৱস' হিচাপে পালন কৰা হয়।

     একাধাৰে কবি, সাংবাদিক, তাৰ্কিক তথা এজন বিখ্যাত পণ্ডিত, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন আগৰণুৱা যোদ্ধা---ভাৰতৰত্ন মৌলানা আবুল কালাম আজাদৰ জন্ম হৈছিল ১৮৮৮ চনৰ ১১নৱেম্বৰত মক্কাত। জন্মগতভাবে আৰবী হৈও ভাৰতীয় সমাজ সংস্কৃতিৰ লগত আত্মনিয়োগ কৰি ভাৰতীয় সমাজক শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ মৰ্যাদা প্ৰাপ্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল তেওঁ। 

     সঁচা অৰ্থত ক'বলৈ গ'লে মোৰ দৃষ্টিত তেওঁ এজন ৰাজনীতিবিদতকৈও শিক্ষাবিদ হিচাপে প্ৰতিষ্ঠিত। স্বাধীন ভাৰতৰ প্ৰথম  শিক্ষামন্ত্ৰী হিচাপে আমাৰ সমাজখনৰ বাবে যিখিনি কৰি থৈ গৈছে, তাৰ মূল্যায়ন কৰাটো মই ব্যক্তিগত ভাৱে ধৃষ্টতা প্ৰকাশ কৰা বুলিয়েই ক'লো। ১৯৪৮ চনৰ ১৬ জানুৱাৰীত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় শৈক্ষিক সন্মিলনত তেখেতে কোৱা সেই বিখ্যাত কথা কেইশাৰীয়ে মোৰ মনত প্ৰতিধ্বনিত কৰি থাকে। তেওঁ কৈছিল, "We must not for a moment forget that it is a birthright of every individual to receive at least the basic education, without which he cannot fully discharge his duties as citizen."

    তেখেত ভাৰতবৰ্ষৰ 'মুক্ত প্ৰাথমিক শিক্ষা প্ৰণালী'ৰ উদ্ভাৱক আছিল। তেওঁ ভাৰতবৰ্ষৰ প্ৰতিজন শিশুকে অন্তত:১৪বছৰ বয়স পৰ্যন্ত মুক্ত প্ৰাথমিক শিক্ষাৰ জৰিয়তে শিক্ষাৰ লগত পৰিচয় কৰি দিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। কেৱল সেয়াই নহয়, মহিলা শিক্ষাৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট আগ্ৰহী আছিল। ভাৰতবৰ্ষত IIT গঠনৰ ক্ষেত্ৰত তেওঁ মূখ্য ভূমিকা গ্ৰহণ কৰিছিল। একেদৰেই UGC গঠনৰ মূল হোতাও তেখেতেই আছিল।

    ভাৰতবৰ্ষৰ শিক্ষাৰ ভেটি নিৰ্মাণত মৌলানা আবুল কালাম আজাদৰ অৱদান অতুলনীয়।

*********************


ড° মৌচুমী চহৰীয়া

শিক্ষাবিদ আৰু বিশিষ্ট গায়িকা।




অলংকৰণ :- সুৰভি দাস



Post a Comment

0 Comments