header ads

মহাত্মা গান্ধীয়ে আফ্ৰিকাত কৰা সংগ্ৰামৰ আভাষ | Article by Jatindra Choudhury


মহাত্মা গান্ধীয়ে আফ্ৰিকাত কৰা সংগ্ৰামৰ আভাষ 

      কুৰি শতিকাৰ আটাইতকৈ মহানতম ব্যক্তি তথা জনগণৰ নেতা  হিচাপে মহাত্মা গান্ধীৰ পৰিচয় সৰ্বজনবিদিত।ভাৰতবৰ্ষত ইংৰাজসকলে দুশবছৰীয়া শাসনৰ অন্ত পেলাই,দেশখনক স্বাধীনতা অৰ্পণ কৰি, নিজ দেশলৈ ঘূৰি যাবলৈ বাধ্য হৈছিল মূলতঃ গান্ধীজীৰ নেতৃত্বত দেশৰ জনগণে চলোৱা সুদীৰ্ঘ তথা কঠিন স্বাধীনতা সংগ্ৰামৰ ফলত।কিন্তু মন কৰিবলগীয়া কথাটো হল স্বদেশলৈ ঘূৰি আহি স্বাধীনতা সংগ্ৰামত ব্ৰতী হোৱাৰ পূৰ্বেই  সংগ্ৰামী ৰূপত গান্ধীজী গঢ় লৈ উঠিছিল দক্ষিণ আফ্ৰিকাত।

      ১৮৬৯ খৃষ্টাব্দৰ ২ অক্টোবৰত,গুজৰাটৰ পোৰবন্দৰত জন্মলাভ কৰা মোহন দাস কৰমচাঁদ গান্ধীৰ পিতৃ আছিল পোৰবন্দৰৰ লগতে  আন দুখন সৰু ৰাজ্যৰ দেৱান বা প্ৰধানমন্ত্ৰী।ঘৰখনত আছিল বৈষ্ণৱ ধৰ্ম আৰু জৈন ধৰ্মৰ প্ৰভাৱ।গান্ধীজীৰ জীৱনৰ দুটা মূল নীতি---অহিংসা আৰু নিৰানিষ ভোজন---জৈন ধৰ্ম্মৰ প্ৰভাৱত গঢ় লৈ উঠা  বুলি বহুতে বিশ্বাস কৰে।পঢ়াশুনাত মধ্যমীয়া গান্ধীয়ে চিকিৎসক হোৱাৰ আশা মনত পুহি ৰাখিছিল যদিও পৰিয়ালে তাত সন্মতি দিয়া নাছিল।১৮৮৮ চনত,উনৈশ বছৰ বয়সত লণ্ডনৰ ইনাৰ টেম্পল নামৰ আইন মহাবিদ্যালয়ত গান্ধীয়ে নাম ভৰ্তি কৰে আৰু সুখ্যাতিৰে আইন বিষয়ত ডিগ্ৰী লাভ কৰাৰ পাছত ১৮৯১ চনত  আইনজীৱি হিচাপে  লণ্ডন উচ্চ ন্যয়ালয়ত, যোগদান কৰে।কিন্তু সেই বছৰেই তেওঁ দেশলৈ প্ৰত্যাৱৰ্তন কৰে।ৰাজকোট,, বোম্বে ( এতিয়া মুম্বাই)আৰু পোৰবন্দৰত আইনজীৱী হিচাপে প্ৰতিষ্ঠিত হ'বলৈ চেষ্টা কৰিছিল যদিও তেওঁ সফল হব পৰা নাছিল।

       ১৮৯৩ চনত,  দক্ষিণ আফ্ৰিকাৰ জাহাজ ব্যৱসায়ৰ লগত জড়িত দাদা 'আব্দুল্লা' নামৰ এজন লোকৰ আমন্ত্ৰণক্ৰমে তেওঁ আইনজীৱী হিচাপে ভাত মোকলাবলৈ দক্ষিণ আফ্ৰিকালৈ যাত্ৰা কৰে।এছ. এছ. সাফাৰী নামৰ জাহাজেৰে গৈ তেওঁ ডাৰবানত উপস্থিত হৈছিল।কিন্তু আফ্ৰিকাত গৈ উপস্থিত হোৱাৰ পাছত গান্ধী এনে কিছুমান অভিজ্ঞতাৰ মুখামুখি হল যে সেইবোৰে তেওঁৰ জীৱনৰ পথ সলনি কৰি দিলে আৰু গান্ধীৰ মাজত এজন ৰাজনৈতিক নেতাৰ জন্ম হল।

       তেনে অভিজ্ঞতাবোৰৰ ভিতৰত প্ৰথম তথা অন্যতম অভিজ্ঞতাটো আছিল, তেওঁৰ গাৰ বৰণ বগা নোহোৱা বাবেই ৰেলত ভ্ৰমণ কৰিবলৈ প্ৰথম শ্ৰেণীৰ টিকেট থকা স্বত্বেও, এজন শ্বেতকায় লোকৰ নিৰ্দ্দেশত, শ্বেতকায় ৰেল বিষয়াই, শ্বেতকায় আৰক্ষী বিষয়াৰ দ্বাৰা তেওঁক মাজবাটতে ৰেলৰ পৰা নমাই দিছিল।সেয়া আছিল গান্ধীৰ বাবে বৰ্ণবৈষম্যবাদৰ অৰ্থাৎ মানুহৰ গাৰ বৰণৰ ওপৰত ভিত্তি কৰি সামাজিক ব্যৱধান সৃষ্টি কৰা মানসিকতাৰ প্ৰথম অভিজ্ঞতা।সেই ঘটনাই আনি দিয়া অভিজ্ঞতাৰ ফলতেই, আফ্ৰিকাত এবছৰ থকাৰ প্ৰস্তুতি লৈ যোৱা গান্ধীয়ে একৈশ বছৰ কাল (১৮৯৩-১৯১৪)সেই দেশত কটায়।

      ৰেল ভ্ৰমণত হোৱা এই অভিজ্ঞতাৰ কিছুদিন পিছতেই তেওঁ প্ৰিটোৰিয়াত থকা ভাৰতীয় সকলৰ এখন সভা আহ্বান কৰে।এই সভাত গান্ধীয়ে শ্বেতকায় লোক সকলৰ বৰ্ণবৈষম্যবাদক তীব্ৰ ভাৱে সমালোচনা কৰে আৰু অশ্বেতকায় লোকৰ অধিকাৰৰ বিৰুদ্ধে তাত বাস কৰা ভাৰতীয় সকলক সজাগ কৰে।দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় সকলৰ আইনীয় মৰ্যদা উন্নত কৰাৰ কথাও তেওঁ সজোৰে উত্থাপন কৰে।

      ১৮৯৬ চনত গান্ধী স্বদেশলৈ আহি পত্নী আৰু সন্তানক লৈ আফ্ৰিকালৈ উভতি যায়। দেশত থকা কালছোৱাত আফ্ৰিকাত থকা ভাৰতীয় সকলৰ অপমানজনক অস্বিত্বৰ বিষয়ে দেশবাসীক তেওঁ অৱগত কৰে। এই খবৰ গৈ আফ্ৰিকা পায়গৈ আৰু গান্ধীয়ে পৰিয়ালক লৈ যেতিয়া আফ্ৰিকাত উপস্থিত হয়,উন্মাদ জনতাই তেওঁৰ প্ৰাণনাশৰ চেষ্টা কৰে যদিও কিছু বন্ধু-বান্ধৱৰ সহায়ত সৌভাগ্যক্ৰমে তেওঁৰ প্ৰাণ ৰক্ষা পৰে।

    ইয়াৰ পিছত তেওঁ নাটালত এখন ফাৰ্ম কিনে আৰু তাতেই অতি সৰল জীৱন-যাপন কৰি থাকিবলৈ লয়। লাহে লাহে তেওঁ জীৱনত কিছু পৰিৱৰ্তন ঘটায়।উপবাস, ব্ৰহ্মচাৰ্য আৰু আঁকোৱালি লোৱা দৰিদ্ৰতা,তেওঁৰ জীৱনৰ বৈশিষ্ট্য হৈ পৰে। প্ৰাৰম্ভিক পৰ্যায়ত গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ আৰু ইংলণ্ডৰ চৰকাৰলৈ আবেদন-নিবেদন কৰি, তাত বাস কৰা ভাৰতীয় সকলৰ সমস্যাসমূহ দূৰ কৰাৰ প্ৰচেষ্টা চলাইছিল।তেওঁ আশা কৰিছিল যে ভাৰতীয়সকল যিহেতু ইংৰাজ সাম্ৰাজ্যৰে প্ৰজা আছিল, চৰকাৰে তেওঁলোকৰ দুখ-দূৰ্দ্দশাৰ কথা গম পালেই তাৰ বিৰুদ্ধে ব্যৱস্থা লব।ভাৰতীয় সকলক এক গোট কৰাৰ উদ্দেশ্যে তেওঁ, 'নাটাল ভাৰতীয় কংগ্ৰেছ' স্থাপন কৰাৰ উপৰিও,' ইণ্ডিয়ান অপিনিয়ন' নামৰ বাতৰি কাকত এখনো আৰম্ভ কৰিছিল।ইংৰাজ লিখক জন ৰাস্কিনৰ ' Unto This Last' নামৰ গ্ৰন্থখনে মহাত্মা গান্ধীৰ জীৱনক গভীৰ ভাৱে প্ৰভাৱিত কৰিছিল।গান্ধীয়ে ১৯০৪ চনৰ জুন মাহত, জোহান্সবাৰ্গৰ পৰা ডাৰবানলৈ ৰেলেৰে ভ্ৰমণ কৰা কালছোৱাত পঢ়িবৰ বাবে 'জন পোলাক' নামৰ বন্ধু এজনে এই কিতাপখন গান্ধীক উপহাৰ দিছিল। কিতাপখনত মূলতঃ অৰ্থনীতিৰ  বিষয়ে আলোচনা কৰিছিল। ৰাস্কিনৰ মতে সততা আৰু ন্যায়ৰ দৰে কিছু নৈতিক নীতিৰেহে সম্পদ আহৰণ কৰাটো সম্ভৱ।কিতাপখনৰ গভীৰ প্ৰভাৱ সম্পৰ্কে গান্ধীজীয়ে নিজমুখে স্বীকাৰ কৰিছিল। 

       এই কালছোৱাতে তেওঁ সত্যাগ্ৰহৰ ধাৰণাক স্পষ্ট ৰূপ প্ৰদান কৰে।তেওঁৰ ধাৰণাত সত্যাগ্ৰহ আছিল এক আধ্যাত্মিক শক্তি।তেওঁৰ মতে  সত্যাগ্ৰহ মানে মূলতঃ আইন অমান্য কৰাই নহয়; সত্যাগ্ৰহ হল কুশক্তিৰ বিৰুদ্ধে কৰা যুঁজত সত্যৰ ওপৰত আস্থা ৰাখি নিজে যন্ত্ৰণা ভুগিবলৈ প্ৰস্তুত থকা এক মানসিক অৱস্থা।সত্যাগ্ৰহৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে অহিংসা, সত্য, ধৈৰ্য আৰু শান্তিপূৰ্ণ বিক্ষোভ প্ৰদৰ্শন।ডাৰ্বানৰ ওচৰত স্থাপন কৰা ফিনিক্স ফাৰ্মত গান্ধীজীয়ে তেওঁৰ অনুগামীসকলক শান্তিপূৰ্ণভাৱে বাধা প্ৰদান বা অহিংস সত্যাগ্ৰহৰ বাবে প্ৰশিক্ষিত কৰিছিল।

     ১৯০৭ চনত গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথম বাৰৰ বাবে সত্যাগ্ৰহ প্ৰয়োগ কৰিছিল 'এছিয়াটিক ৰেজিষ্ট্ৰেশন ল ৰ বিৰোধিতা কৰিবলৈ।সুদীৰ্ঘ সাত বছৰৰ মূৰত এই যুঁজত তেওঁ জয়লাভ কৰিছিল।মুঠতে গান্ধীজীক আমি আজি যি ৰূপত জানো সেই ৰূপ গঢ় লৈ উঠিছিল সুদূৰ আফ্ৰিকাত থকা সময়তে।ভাৰতবৰ্ষত এখন সভাত তেও কৈছিল, "ভাৰতবৰ্ষত মোৰ জন্মহে হৈছিল,মোক গঢ় দিছিল দক্ষিণ আফ্ৰিকাই।"  

 ***************************



যতীন্দ্ৰ চৌধুৰী

প্ৰাক্তন মুৰব্বী অধ্যাপক, ইংৰাজী বিভাগ

উত্তৰ গুৱাহাটী মহাবিদ্যালয়



অলংকৰণ :- পল্লবী পাঠক

Post a Comment

0 Comments