header ads

ক’ভিড১৯ ৰ সময়ছোৱাত শিক্ষাৰ্থীসকলৰ ওপৰত অনলাইন পাঠদানৰ প্ৰভাৱ | Article by Jolly Bhattacharyya


ভিড১৯ ৰ সময়ছোৱাত শিক্ষাৰ্থীসকলৰ ওপৰত অনলাইন  পাঠদানৰ প্ৰভাৱ 


     ক'ভিড- ১৯ বা ক'ৰণাই মহামাৰীৰ ৰূপ লোৱাৰ লগে লগে বিশ্বৰ আন আন দেশসমূহৰ দৰে ভাৰত চৰকাৰেও সমগ্ৰ দেশতে সামূহিক বন্ধ ঘোষণা কৰে। হঠাতে অহা এই বিপৰ্যয়ে মানৱ সমাজৰ প্ৰচলিত ব্যৱস্থাটোকেই থানবান কৰি পেলালে।মহামাৰী আৰু জীৱন - এই দুখন সংগ্ৰামত একেলগে অৱতীৰ্ণ হৈ মানুহে থাউনি হেৰুৱাই পেলালে। সমূহীয়া বন্ধই মানুহৰ জীৱন-যাত্ৰাৰ আন আন দিশবোৰৰ দৰে শিক্ষা খণ্ডটো অৱধাৰিতভাৱে প্ৰভাৱ পেলালে।

          ভাৰতীয় শিক্ষাব্যৱস্থাৰ প্ৰচলিত শৈলীটো হ'ল ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়ত উপস্থিত থাকি শিক্ষকৰ ওচৰত প্ৰত্যক্ষভাৱে পাঠ গ্ৰহণ কৰা।তাৰ বাবে বয়স অনুযায়ী ছাত্ৰ-ছাত্ৰীসকলৰ শ্ৰেণী বিভাজন কৰা হয় আৰু শ্ৰেণী অনুযায়ী বিভিন্ন বিষয় সম্বলিত পাঠ তালিকা প্ৰস্তুত কৰা হয়। বছৰটোৰ ভিতৰত অনুষ্ঠিত কৰা কেবাটাও পৰীক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যাংকন কৰা হয় আৰু সেই মূল্যাংকনৰ ভিত্তিত বছৰটোৰ শেষত ছাত্ৰ -ছাত্ৰীসকলক উত্তীৰ্ণ বা অনুত্তীৰ্ণ বুলি ঘোষণা কৰা হয়। ভাৰতবৰ্ষত প্ৰাথমিক বিদ্যালয়ৰ পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ প্ৰায় এনে পদ্ধতিৰে শিক্ষা প্ৰদান কৰা হয়। কিন্তু মহামাৰীৰ কাৰণে সমগ্ৰ দেশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰাত আৰু সামাজিক আৰু শাৰীৰিকভাবে একলগ হোৱাৰ ক্ষেত্ৰত বিভিন্ন বাধ্যবাধকতা আহি পৰাত শিক্ষাদানৰ এই প্ৰচলিত শৈলী অপ্ৰচলিত হৈ পৰিল। এনে পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকলক সক্ৰিয় কৰি ৰাখিবৰ কাৰণে অনলাইন মাধ্যমেৰে শিক্ষা প্ৰদান কৰাৰ প্ৰাসংগিকতা আহি পৰিল।

        সমগ্ৰ শিক্ষা, কামৰূপ তথা জিলা প্ৰাথমিক শিক্ষা বিভাগে বেচৰকাৰী সংস্থা 'মাতৃ'ৰ সহযোগত 'ক'ভিড- ১৯ৰ সময়ছোৱাত শিক্ষাৰ্থীসকলৰ ওপৰত অনলাইন পাঠদানৰ প্ৰভাৱ' -- এই বিষয়ত জিলাভিত্তিত ক্ষেত্ৰ-অধ্যয়ন এটি সম্পন্ন কৰে । জিলা প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীযুত অপূর্ব ঠাকুৰীয়া আৰু জিলা আঁচনি বিষয়া শ্ৰীযুতা চুইটি বেজবৰুৱাই এই অধ্যয়নটিত মাৰ্গদৰ্শন কৰে। ক্ষেত্র-কাৰ্যখিনি সম্পাদনা কৰি উলিয়ায় সমগ্র শিক্ষা কামৰূপৰ ৰাণী শিক্ষাখণ্ডৰ IE সমল ব্যক্তি শ্ৰীযুতা জ্বলী ভট্টাচার্য আৰু তাতিবামা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী শ্ৰীযুতা কৃষ্ণা সোণোৱালে । ক্ষেত্র-অধ্যয়নটিৰ ফলাফলসমূহ সমীক্ষা আকাৰে প্ৰস্তুত কৰি উলিয়ায় 'মাতৃ গৱেষণা গোটে',  য'ত আছিল কলকাতা বিশ্ববিদ্যালয়ৰপৰা প্ৰশিক্ষণপ্ৰাপ্ত ক্লিনিকেল মনোবিশেষজ্ঞ শ্রীযুতা আফৰীণ মজিদ, 'আশাদীপ' অনুষ্ঠানটিৰ কাউন্সেলিং মনোবিশেষজ্ঞ শ্রীযুতা সংগীতা ডেকা তথা গুৱাহাটীস্থিত এক্সেলকেয়াৰ হাস্পাতালৰ কাউন্সেলিং মনোবিশেষজ্ঞ শ্রীযুতা বিনীতা শৰ্মা দাস। এই অধ্যয়নে অনলাইন শিক্ষাই ছাত্ৰ - ছাত্ৰীৰ ওপৰত পেলাব পৰা সুদূৰপ্ৰসাৰী প্ৰভাৱৰ এখন ছবি স্পষ্ট ৰূপত দাঙি ধৰে।

           এইটো নহয় যে, স্বাভাৱিক সময়ত আমাৰ দেশত অনলাইন মাধ্যমেৰে শিক্ষা প্ৰদান কৰা হোৱা নাছিল। বিদ্যায়তনিক ক্ষেত্ৰখনত আনুষ্ঠানিকভাৱে নহ'লেও কিছুমান ব্যক্তিগত প্ৰতিষ্ঠানে উচ্চ হাৰৰ মাচুলৰ বিনিময়ত অনলাইন পদ্ধতিৰে কোচিং ক্লাছ আদি কৰি আছিল। অৱশ্যে সি বৰ জনপ্ৰিয় হোৱা নাছিল অথবা সকলো স্তৰৰ মানুহৰ ওচৰত সেইয়া গ্ৰহণযোগ্যও নাছিল। কিন্তু বিপৰ্যয়ৰ এই সময়ছোৱাত চৰকাৰে আনুষ্ঠানিকভাৱে অনলাইন প্ৰক্ৰিয়াক সকলো স্তৰৰ ৰাইজৰ মাজলৈ বিনামূলীয়াকৈ লৈ যাবলৈ বাধ্য হ'ল। ২০২০-বৰ্ষৰ ২৭ আগষ্টত 'ইউনিচেফ'ৰ 'দূৰৱৰ্তী অঞ্চলক শিক্ষাৰ স্পৰ্শ' সম্পৰ্কীয় এক প্ৰতিবেদন প্ৰকাশ পাইছিল। প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি সমগ্ৰ বিশ্বৰ আৰ্থিকভাবে দুৰ্বল পৰিয়ালৰ ল'ৰা -ছোৱালীসকল দূৰবৰ্তী শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। 

           ভাৰতবৰ্ষও এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়। বিশেষকৈ ভাৰতবৰ্ষৰ গ্ৰাম্যাঞ্চলসমূহত ইণ্টাৰনেটৰ সুবিধা সহজলভ্য নহয়। আনহাতে অনলাইন ক্লাছ কৰাৰ বাবে প্ৰয়োজনীয় অত্যাধুনিক'স্মাৰ্টফোন' এটা সংগ্ৰহ কৰাটো সকলো পৰিয়ালৰ বাবে সহজসাধ্য নহয়।এনে অৱস্থাত সমাজৰ সকলো স্তৰৰ ছাত্ৰ -ছাত্ৰীৰ বাবে অনলাইন মাধ্যমেৰে প্ৰদান কৰা শিক্ষা ফলপ্ৰসূ হ'ব বুলি বিশ্বাস নহয়।

         এই অনলাইন শিক্ষা ব্যৱস্থা আমাৰ ছাত্ৰ- ছাত্ৰীৰ কাৰণে কিমান ফলদায়ক হৈছে সেই বিষয়ে জানিবলৈ কামৰূপ জিলাৰ কেইখনমান বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ ওপৰত এটা সমীক্ষা চলোৱা হৈছিল। সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি অধিক সংখ্যক অভিভাৱকে এই অনাকাংখিত পৰিস্থিতিয়ে শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশত প্ৰভাৱ পেলাইছে বুলি মত প্ৰকাশ কৰে।

          পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ বিপৰীতে অনলাইন মাধ্যমেৰে শিক্ষা প্ৰদান কৰা বিষয়টোৱে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত মিশ্ৰিত প্ৰভাৱ পেলাইছে। শিক্ষিত আৰু সচেতন অভিভাৱকসকলে ফোন ব্যৱহাৰ কৰাৰ সময়ছোৱাত নিজৰ সন্তানক তীক্ষ্ণ নজৰত ৰাখিছে যদিও অশিক্ষিত,অৰ্ধশিক্ষিত আৰু অসচেতন অভিভাৱকৰ ক্ষেত্ৰত সেইয়া সম্ভৱ হোৱা নাই। আনহাতে পঢ়াশুনাত অমনোযোগী আৰু চঞ্চল স্বভাৱৰ ছাত্ৰ -ছাত্ৰীয়ে অনলাইনত ক্লাছ কৰাৰ নামত ম'বাইল ফোন এটা হাততে পোৱাত তাৰ অপব্যৱহাৰ নাই কৰা বুলি একে আষাৰে ক'ব নোৱাৰি। তদুপৰি সকলো শিক্ষাৰ্থীৰে বোধজ্ঞান একে নহয়। গতিকে অনলাইন মাধ্যমেৰে সকলো ছাত্ৰ ছাত্ৰীকে পাঠ এটা বুজাব পৰাটোও সম্ভৱ নহয়। সেইদৰে সকলো শিক্ষকেই যে সমান গুৰুত্বৰে পাঠদান কৰে সেইয়াও এশ শতাংশই শুদ্ধ বুলি ক'ব নোৱাৰি।আকৌ এনে প্ৰক্ৰিয়াত মূল পাঠ্যক্ৰমৰ ৫০% হে স্পৰ্শ কৰিব পৰা যায় বুলি নিশ্চিত কৰা হৈছে।

         অনলাইন মাধ্যমেৰে শিক্ষা প্ৰদান ব্যৱস্থাক ফলপ্ৰসূ কৰি তুলিবলৈ চৰকাৰৰ শিক্ষা বিভাগে পৰিকল্পিত আঁচনি প্ৰস্তুত কৰিব লাগিব।এই পৰিকল্পনাৰ অংশীদাৰ হিচাপে শিক্ষক সমাজৰ লগত বিশেষকৈ বিজ্ঞানী, মনোবিজ্ঞানী আৰু চিকিৎসকসকলক জড়িত কৰিব লাগিব। দেশৰ চুকে -কোণে ইণ্টাৰনেট সেৱা সহজলভ্য কৰি তুলিবলৈ চৰকাৰে ম'বাইল কোম্পানী সমূহক বাধ্য কৰিব লাগিব। শিক্ষাৰ্থীসকলৰ কাৰণে ইণ্টাৰনেট মাচুল হ্ৰাস বা বিনামূলীয়া কৰাৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব পাৰে। আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল সমাজৰ সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ হাতত বিনামূলীয়াকৈ স্মাৰ্টফোন দিয়াৰ ব্যৱস্থা চৰকাৰে ল'ব লাগিব। তাৰ বাবে বিশেষ ধৰণৰ ফোন নিৰ্মাণ কৰিব লাগিব; যাতে ছাত্ৰ ছাত্ৰীৰ হাতত দিয়া ফোন সমূহত প্ৰয়োজনীয় পাঠ্যক্ৰমৰ বাহিৰে অন্যান্য সামাজিক মাধ্যম বা 'চাইট'সমূহ উপলব্ধ নহয়।

 **************************************



জ্বলী ভট্টাচার্য

সমল ব্যক্তি ( আই. ই.), 

ৰাণী শিক্ষাখণ্ড, 

সমগ্র শিক্ষা, কামৰূপ


Post a Comment

0 Comments