header ads

নতুন ৰাষ্ট্ৰীয় শৈক্ষিক নীতি ২০২০ | Article by Krishna Kalita


নতুন ৰাষ্ট্ৰীয়  শৈক্ষিক নীতি ২০২০

সময়ৰ প্ৰবাহমান সোঁতত অতীতৰ পৰা বৰ্তমান লৈ শিক্ষা পদ্ধতি,ধৰণ,আৰু ইয়াৰ লক্ষ্য-উদ্দেশ্য  সলনি হৈ আহিছে,যদিওবা ইয়াৰ মূল কথা সমাজখন সুস্থিৰ‌ ও সু -শৃ‌‍‍‍ঙ্খলিত কৰি ৰখা।চাৰিটা মূল সুঁতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ পৰিকাঠামো গঠিত। এইকেইটা হ'ল –১/জানিবৰ  বাবে শিকা, ২/ কৰিবৰ বাবে শিকা, ৩/ একেলগে সামাজিক ভাবে বসবাস কৰিবলৈ শিকা  আৰু ৪/ শিকাৰ বাবে শিক্ষা।অতীতৰ গুৰু আশ্ৰমৰ শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি বৰ্তমান ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ লৈ পৰিবৰ্তিত সময়ৰ সৈতে খাপ খোৱাকৈ শিক্ষানীতি  গ্ৰহণ কৰি অহা হৈছে। এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ লক্ষ্য, উদ্দেশ্য আৰু পৰিবৰ্তিত সময়ত ইয়াৰ ভূমিকানো কি তাক অকণমান ফঁহিয়াই চাওঁ আহক। 

                    অলপতে ভাৰতীয় কেন্দ্ৰীয় সংসদত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০(NEP-2020) ২৯ জুলাই,২০২০ তাৰিখে সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হয়। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল ভাৰতবৰ্ষক আন্তৰ্জাতিক জ্ঞানৰ মহাশক্তি হিচাপে প্ৰতিষ্ঠা কৰা।এই শিক্ষানীতিয়ে প্ৰাক্-প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যন্ত শিক্ষা নীতি তথা ব্যৱস্থাৰ আমূল পৰিবৰ্ত্তনত গুৰুত্ব দিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ ,২০৩০ চনৰ ভিতৰত সম্পূৰ্ণ পৰিবৰ্তনৰ ই পোষকতা কৰে।এই নীতিয়ে প্ৰাথমিক পৰ্যায়ৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ ১০০% শিক্ষাৰ প্ৰসাৰতাৰ পোষকতা কৰে। শিক্ষাক আকৰ্ষণীয়,শিক্ষকৰ সমানুপাতিকতা ৰক্ষা আৰু সকলোৰে বাবে শিক্ষা- এই তিনিটা হ'ল  এই আচঁনিৰ মূল উদ্দেশ্য। এই আচঁনি ভাৰতবৰ্ষত শিক্ষাৰ গাঠনিৰ  ক্ষেত্ৰতো পৰিবৰ্তন আনিছে। শিক্ষাৰ পূৰ্বৰ ১০+২  গাঠনিক পৰিবৰ্তন ঘটাই ৫+৩+৩+৪  ধাৰণাৰ এক নতুন শৈক্ষিক গাঠনি সৃষ্টি কৰা হৈছে,য'ত আচঁনি প্ৰস্তুতকাৰী সকলে শিক্ষা সামগ্ৰীকিকৰণ, অনুসন্দ্ধিৎসামূলক, ব্যৱহাৰিক আৰু আনন্দ প্ৰৱণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। শিক্ষাৰ বাস্তৱ বোধগম্যতা লাভ কৰি ছাত্ৰ-ছাত্ৰীক উপকৃত কৰা আৰু মুখস্থ বিদ্যাৰ প্ৰচলন হ্ৰাস কৰা এই আচঁনিৰ গুৰুত্বপূৰ্ণ দিশ। প্ৰাক্-প্ৰাথমিক পৰ্যায়ত ৩ বছৰ বয়সত নামভৰ্তি কৰি ১৮ বছৰ বয়সলৈ শিক্ষা ব্যৱস্থাক মুঠ চাৰিটা ভাগত ভাগ কৰা হৈছে। 

  প্ৰথম ৫ বছৰ Foundamental, দ্বিতীয় ৩ বছৰ Preparatory, তৃতীয় ৩বছৰ Middle আৰু  চতুৰ্থ ৪ বছৰ Secondary শিক্ষাৰ বাবে ধৰা হৈছে। পূৰ্বৰ ৬ বছৰৰ পৰা ১৪ বছৰ পৰ্য্যন্ত যি বিনামূলীয়া শিক্ষাব্যৱস্থা আছিল, এতিয়া শিক্ষা নীতি ২০২০ এ ইয়াক ৩ বছৰৰ পৰা ১৮ বছৰ বয়সলৈ ১০০% বিনামূলীয়া কৰাত গুৰুত্ব দিছে। মহাবিদ্যালয় শিক্ষা ও পূৰ্ব ৰ ৩ বছৰৰ পৰিবৰ্তে ৪ বছৰীয়া কৰা হ'ব, য'ত প্ৰতিটো বছৰ অতিক্ৰম কৰাৰ অন্তত আনুষ্ঠানিক শিক্ষা  ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীক বিশেষ ডিপ্লমা, চাৰ্টিফিকেট প্ৰদান কৰা হ'ব। ইয়াৰোপৰি এই শিক্ষা নীতিত  ছাত্ৰ-ছাত্ৰীৰ মূৰৰ বোজা হ্ৰাস কৰি শিক্ষা অপচয় ৰোধ কৰাত গুৰুত্ব আৰোপ কৰিছে। Holistic Development অৰ্থাৎ সামগ্ৰীক বিকাশৰ জৰিয়তে শিশুৰ সৰ্বাংগীন বিকাশত গুৰুত্ব দিয়া হৈছে।পাঠগত শিক্ষাই যে চূড়ান্ত নহয়,বৰং শিশুক তাৰ অন্যান্য ক্ষেত্ৰ যেনে-কলা, সংগীত, নাটক, খেল আদি co- colastic বিষয়তো সমানে গুৰুত্ব দিয়া হ'ব। অৰ্থাৎ পাঠগত শিক্ষাই উত্তীৰ্ণৰ চূড়ান্ত মূল্যায়ন বুলি ধৰা নহ'ব।  শিশুটি যি বিষয়ত পাৰদৰ্শী,সেই বিষয়তে অধ্যয়ন কৰি শিক্ষা অপচয় ৰোধ কৰাৰ লগতে বৃত্তিমূলক শিক্ষা যাতে লাভ কৰিব পাৰে  তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। পূৰ্বৰ কঠোৰ পাঠদান ব্যৱস্থাৰ পৰিবৰ্তে শিক্ষা আনন্দদায়ক কৰি কামৰ মাজেদি অৰ্থাৎ নিজে বিষয়টোত অভিজ্ঞতা লাভ কৰি বাস্তৱ জ্ঞান আহৰণত গুৰুত্ব দিয়া হৈছে।  বোধগম্যতাত অধিক গুৰুত্ব দিয়াৰ বাবে প্ৰাথমিক শিক্ষা কেৱল মাত্ৰ নিজ মাতৃভাষাতহে দিয়া হ'ব। মহাবিদ্যালয় পৰ্যায়ত শিক্ষা অপচয় ৰোধ কৰাৰ বাবে চাৰি বছৰীয়া পাঠ্যক্ৰমত প্ৰতি বছৰৰ বাবে বিশেষ ডিপ্লমা, চাৰ্টিফিকেটৰ  ব্যৱস্থা ৰখা হৈছে। পূৰ্বৰ দুবছৰীয়া BEd পাঠ্যক্ৰম ২ ৰ পৰিবৰ্তে ৪ বছৰীয়া হ'ব।

সমগ্ৰ দেশৰ বাবে যিহেতু এক শিক্ষা নীতি প্ৰয়োগ কৰা হৈছে,সেয়েহে ইয়াক কাৰ্যকৰী কৰাৰ বাবে যথেষ্ঠ খিনি কাম কৰিবলগীয়া আছে।যিয়ে নহ'ওক ২০৩০ চন লৈ এই সকলোখিনি সম্পূৰ্ণ হৈ উঠিব লাগে আৰু শিক্ষা নীতি ২০২০ যদি বাস্তৱ ক্ষেত্ৰত সফল কৰিব পৰা যায়, তেন্তে এই নীতি ভাৰতৰ শিক্ষা ব্যৱস্থাত আমূল পৰিবৰ্তন আনিব আৰু শিক্ষা ব্যৱস্থাত ই সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব।

********************


কৃষ্ণ কলিতা

সহ শিক্ষক, 

১১৯ নং শনিয়াদী প্ৰা. বি.

হাজো শিক্ষাখণ্ড


দূৰভাষ ৯৭০৭৩৯০০৬৮


অলংকৰণ :- সুকন্যা ভৰদ্বাজ

Post a Comment

0 Comments