header ads

মহাত্মা গান্ধী আৰু কুটীৰ শিল্প | Article by Lohit Kr Das


মহাত্মা গান্ধী আৰু কুটীৰ শিল্প

        এই ধৰাধামলৈ কত যে মানৱৰ আগমন ঘটিছে, কিমানে যে নিজৰ নিজৰ কৰ্মৰাজিৰ মাজেৰে কালৰ বুকুত খ্যাতি ৰাখি যাবলৈ  সক্ষম হৈছে ,যি খ্যাতিয়ে মৃত্যুৰ পিছতো তেওঁলোকক অমৰত্ব প্ৰদান কৰি গৈছে, সেইসকল লোকৰ মহানুভৱতাই সমগ্ৰ বিশ্বকেই আপোন কৰি লব পাৰিছে।এইসকল উদাৰ আৰু বিশাল ব্যক্তিত্বৰ মহান প্ৰতিভূকেই  মহামানৱ আখ্যা দিয়া হৈছে।

        যি সময়ত গোটেই বিশ্বতে ব্ৰিটিছ সকলে একচ্ছত্ৰী শাসন চলোৱাৰ সপোন দেখিছিল, অপশাসন আৰু শোষণৰ শিকলিৰে ভাৰতবৰ্ষ আৰু পৃথিৱীৰ অন্যান্য সম্পদশালী দেশবোৰকো ধৰি ৰখাৰ চেষ্টা কৰিছিল, সেই সময়তে ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰ নামে ঠাইত দুৰ্গতসকলৰ ত্ৰাণকৰ্তাস্বৰূপে আবিৰ্ভাৱ হৈছিল তেনে এগৰাকী মহামানৱৰ যি গৰাকীক কোৱা হৈছিল মহাত্মা গান্ধী বুলি।তেখেতৰ সম্পূৰ্ণ নাম আছিল মোহনদাস কৰমচাঁদ গান্ধী।

         সেই মহান প্ৰতিভূগৰাকীৰ দেউতাকৰ নাম আছিল কৰমচাঁদ গান্ধী বা কাবা গান্ধী আৰু মাকৰ নাম আছিল পুতলীবাঈ ।মাক-দেউতাকৰ চাৰিটি সন্তানৰ ভিতৰত মহাত্মা গান্ধী আছিল আটাইতকৈ কনিষ্ঠ।ঘৰখনৰ কণিষ্ঠ সন্তান  হোৱা বাবে সৰুৰেপৰা তেখেতে সকলোৰে মৰম পাবলৈ সক্ষম হৈছিল। তেখেতৰ মাতৃ পুতলীবাঈ এগৰাকী ধৰ্মপ্ৰাণা মহিলা আছিল। পিতৃ-মাতৃ উভয়ে বিষ্ণুভক্ত হোৱা হেতুকে ঘৰখনত নিয়মীয়াকৈ ব্ৰত-উপবাস, পূজা-উপাসনা আদি অনুষ্ঠিত হৈছিল। পিতৃ-মাতৃৰ সদাচাৰ আৰু ভক্তিপৰায়ণতাৰ প্ৰতিফলন ঘটিছিল তেওঁলোকৰ সন্তানৰ ওপৰত।

         এই গৰাকী লোক উদাৰ আৰু মানৱীয় চেতনাৰে সমৃদ্ধ বিশাল ব্যক্তিত্বৰ অধিকাৰী হোৱা বাবে তেখেতক দিয়া হৈছে মহামানৱ আখ্যা। এই গৰাকী মহামানৱ আমাৰ জাতিৰ পিতা। তেখেতৰ লক্ষ্য আছিল সমগ্র ভাৰতবৰ্ষক ইংৰাজৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰি এখন স্বাধীন ভাৰতৰ জন্ম দিয়া। এটা সৎ আদৰ্শ প্ৰতিষ্ঠা কৰাৰ বাবে সত্য আৰু অহিংসাক প্ৰধান অস্ত্ৰ হিচাপে গ্ৰহণ কৰি এই গৰাকী মহামানৱে দেশ আৰু জাতিৰ বাবে নিজৰ প্ৰাণটোকো বিসৰ্জন দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। গান্ধীজী উদাৰ আৰু মহান আত্মাৰ গৰাকী আছিল বাবেই কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে তেখেতক 'মহাত্মা' আখ্যা দিছিল।

          সত্যৰ সাধক মহামানৱ মহাত্মা গান্ধী এনে এগৰাকী মহাৰথী যি ধনুৰ্বিদ্যাৰ পৰিৱৰ্তে মানৱতাৰ অস্ত্ৰেৰে মানৱৰ মন জয় কৰিবলৈ চেষ্টা কৰিছিল, যাৰ বাবে গান্ধী আৰু মানৱতাবাদ---এই দুয়োটাতে মোহনদাস কৰমচাঁদ গান্ধী নামৰ সেৱকজনক কোনোক্ষেত্ৰতে পৃথক কৰিব নোৱাৰি।

          গান্ধীজীয়ে নিজ জীৱন দৰ্শন গঢ়ি তোলাৰ ক্ষেত্ৰত তিনিবিধ দাৰ্শনিক ভাৱধাৰাৰে প্ৰভাৱিত হৈছিল----আদৰ্শবাদ,প্ৰকৃতিবাদ আৰু প্ৰয়োগবাদ। এই তিনিওটা ধাৰাৰে প্ৰভাৱিত হৈ কাম কৰিবলৈ যাওঁতে সম্পূৰ্ণ বৈজ্ঞানিক ভাৱধাৰাৰে পৰিচালিত হৈ তেখেতে যি অৱদান দি গল,তাক যদি বৈজ্ঞানিক দৃষ্টিভংগীৰে চালি-জাৰি চোৱা হয়, তেনেহলে গান্ধীজীক সম্পূৰ্ণকৈ নহলেও আংশিকভাৱে হলেও এজন বৈজ্ঞানিক বা প্ৰযুক্তিবিদ বুলি অভিহিত কৰিব পৰা যায়।

         ব্ৰিটিছৰ বিৰুদ্ধে গান্ধীজীয়ে যি অহিংসা নীতি আৰু সত্যাগ্ৰহেৰে স্বাধীনতা আন্দোলন চলাইছিল সেইয়া তেখেতৰ বিজ্ঞানমনস্কতাৰ নামান্তৰ মাথোঁ। কিয়নো ব্ৰিটিছসকলৰ নিচিনা এটা দুৰ্দমনীয় জাতিৰ বিৰুদ্ধে হিংসাৰে যুঁজ দি যে স্বাধীনতা আনিব নোৱাৰি এই কথা গান্ধীজীয়ে বাৰুকৈয়ে উপলব্ধি কৰিছিল।লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত যদি সহজ আৰু সুগম পদ্ধতিৰ ব্যৱহাৰকেই প্ৰযুক্তি বিদ্যা বোলা হয়, তেনেহলে গান্ধীজীৰ এই কাৰ্যৰ বাবে নিশ্চয় তেখেতক এজন প্ৰযুক্তিবিদ বুলিব পাৰি।

         ১৯১৯ চনত হোৱা জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ বিৰুদ্ধে সমগ্র ভাৰত জুৰি যি আন্দোলন হৈছিল, এই আন্দোলনত ভাৰতৰ প্ৰায় সকলো স্তৰৰ লোকে অংশ গ্ৰহণ কৰিছিল।মহাত্মা গান্ধীৰ আহ্বানক্ৰমে এই আন্দোলনত অহিংসা নীতিৰে ব্ৰিটিছসকলক ভাৰতবৰ্ষৰপৰা খেদিবৰ বাবে সমগ্র জনতাক জগাই তোলা হৈছিল। এই সময়ছোৱাত বিদেশী বস্ত্ৰ বৰ্জন আৰু যতঁৰত সূতা কাটি খাদী বস্ত্ৰ প্ৰস্তুত কৰা প্ৰভৃতি নীতি গ্ৰহণ কৰা হৈছিল।প্ৰতিজন ভাৰতীয়ই পৰমুখাপেক্ষী নহৈ নিজৰ ভৰিত নিজে থিয় হৈ আত্মনিৰ্ভৰশীলতাৰে কেনেকৈ এখন সুস্থ সমাজ গঢ় দিব পাৰি, তেনে নীতিও গ্ৰহণ কৰা হৈছিল।

          মহামানৱ মহাত্মা গান্ধীৰ এই আন্দোলনৰ ফলতেই কুটীৰ শিল্পৰ ওপৰত মাত্ৰাধিক গুৰুত্ব আৰোপ কৰা হৈছিল।ভাৰতবৰ্ষৰ নিচিনা উন্নয়নশীল দেশ এখনত যতঁৰৰ লগতে অন্য কুটীৰ শিল্পৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ মূল কাৰণ আছিল জনসাধাৰণক স্বাৱলম্বী কৰা।গান্ধীজীয়ে কৈছিল—”স্বাক্ষৰতা কেৱল শিক্ষাকেই নুবুজায়, সেয়ে মই শিশুৰ শিক্ষা এটি আৱশ্যকীয় হস্তশিল্পৰ দ্বাৰাইহে আৰম্ভ কৰিব বিচাৰোঁ, যাৰ ফলত প্ৰশিক্ষণৰ আৰম্ভণিতে উৎপাদন কৰিবও পাৰে।

         ১৯১৫ চনৰ ২৫ মে তাৰিখে গান্ধীজীয়ে প্ৰতিষ্ঠা কৰা সৱৰমতী আশ্ৰমখন ভাৰতৰ ঐতিহ্যমণ্ডিত স্থানসমূহৰ ভিতৰত এখন লেখত ল'বলগীয়া স্থান।এই আশ্ৰমতে তেখেতে পোনতে যতঁৰত সূতা কাটিবলৈ লৈছিল।আশ্ৰমবাসীয়ে যাতে নিজে যতঁৰত সূতা কাটি নিজৰ বস্ত্ৰ তৈয়াৰ কৰিব পাৰে তাৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছিল; লগতে কুটীৰ শিল্পকো বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছিল।এইজনা মহামানৱে বুনিয়াদী শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি জীৱনৰ ভেটি সুদৃঢ় কৰি গঢ়ি তুলিবলৈ হাতে-কামে বিদ্যা আহৰণ কৰাটো অতি জৰুৰী বুলি মত পোষণ কৰিছিল।

         গান্ধীজীয়ে স্বাধীনতা আন্দোলনৰ বিষয়ে প্ৰচাৰ কৰিবলৈ কেইবাবাৰো অসমলৈ আহিছিল।১৯২৬ চনত পাণ্ডুত বহা জাতীয় কংগ্ৰেছৰ মহাসভালৈ যেতিয়া তেখেত আহিছিল, তাত দেখিবলৈ পাইছিল মহাসভাৰ সুন্দৰ মণ্ডপটো। এই মণ্ডপটো নগাঁও জিলাৰ ৰহা,বাৰপূজীয়া আদি অঞ্চলত তৈয়াৰ হোৱা কপাহী কাপোৰেৰে এনে সুন্দৰকৈ সজোৱা হৈছিল যে সমগ্র ভাৰতবৰ্ষৰ মহা প্ৰতিভূসকলে অসমীয়া নাৰীৰ বয়ন নৈপুণ্য দেখি চমৎকৃত হৈ ভূয়সী প্ৰশংসা কৰিছিল।অসমীয়া শিপিনীয়ে কাপোৰত তোলা ভমকাফুলীয়া ফুলৰ চানেকি দেখি এসময়ত গান্ধীজীয়ে কৈছিল––––“অসমীয়া শিপিনীয়ে কাপোৰত পৰীৰ সাধু ৰচিব পাৰে।“ অসমীয়া পাট,মেজাংকৰী কিংখাপে ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো জীয়ৰী-বোৱাৰীকে চমক লগাইছিল। 'ছাঁতে শুকোৱা আৰু মুঠিতে লুকোৱা'–-বস্ত্ৰ তৈয়াৰ কৰি অসমীয়া তিৰোতাই নিপুণ শিপিনী হিচাপে পৰিচয় দি গৌৰৱ অনুভৱ কৰিছিল। অতীতৰেপৰা অসমৰ জনজীৱনৰ লগত ওত:প্ৰোত ভাৱে জড়িত বস্ত্ৰ শিল্পৰ জৰিয়তে গাঁৱৰ মহিলাসকলে মহাত্মা গান্ধীৰ আদৰ্শেৰে গঢ় লৈ উঠা এই বৃহৎ কুটীৰ শিল্পটোক আজিও জীয়াই ৰাখিবলৈ সক্ষম হৈছে ।

           গান্ধীজীয়ে বুনিয়াদী শিক্ষাৰ জৰিয়তে প্ৰতিজন ব্যক্তিৰে ভৱিষ্যত জীৱনবোৰ স্বনিৰ্ভৰশীলতাৰে আগুৱাই লৈ যাবলৈ আৰু বিভিন্ন কুটীৰ শিল্পৰ লগত জড়িত হ’বলৈ শিকাইছিল ।বয়ন শিল্প, বাঁহ-বেতৰ শিল্প, হাতীদাঁতৰ শিল্প,কাঁহ-পিতল শিল্প, মৃৎ শিল্প, কাঠ শিল্প আদি বিভিন্ন কুটীৰ শিল্পৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰাৰ লগতে এই শিল্পটোক বিশ্ব দৰবাৰলৈ লৈ গৈ অসমীয়া জাতিৰ  আত্মপৰিচয় দাঙি ধৰাৰ ক্ষেত্ৰত গান্ধীজীৰ আদৰ্শ বাৰুকৈয়ে প্ৰণিধানযোগ্য।

         এইগৰাকী মহামানৱৰ ভাষ্যত প্ৰকাশ পাইছিল––––ছাত্ৰাৱস্থাতে শ্ৰমৰ মৰ্যদা উপলব্ধি নকৰিলে, শিক্ষালাভৰ সময়ছোৱাতে উৎপাদনক্ষম কাৰ্যত ভাগ নল’লে ,ভৱিষ্যতে এজন উপযুক্ত নাগৰিক হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট কষ্টসাধ্য কাম হ’ব।

           ____

  সহায়ক গ্ৰন্থ:

১/ জাতিৰ জনক মহাত্মা গান্ধী--–ড০ প্ৰফুল্ল কুমাৰ নাথ।

২/ “প্ৰান্তিক” আলোচনীৰ পৃষ্ঠা বুটলি।

 *************************

 

লোহিত কুমাৰ দাস।

অৱসৰ প্ৰাপ্ত শিক্ষক, 

পি,কে,চি উচ্চ মাধ্যমিক বিদ্যালয়, বৰুৱা।

দূৰভাষ নং:9101581300


অলংকৰণ :- সুৰভি দাস

Post a Comment

0 Comments