সাম্প্ৰতিক শিক্ষা ব্যৱস্থা আৰু গুৰু শিষ্যৰ সম্পৰ্ক :
এক নিৰপেক্ষ বিশ্লেষণ
সাম্প্ৰতিক শিক্ষা ব্যৱস্থা যদিও বহুতো সমস্যাৰে ভাৰাক্ৰান্ত তথাপি আগতকৈ বহুতো উন্নতমানৰ হৈছে বুলি ক’ব পাৰি ৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ন ন উদ্ভাৱনে , উন্নত শিক্ষাদান পদ্ধতি আৰু কৌশলে শিক্ষা ব্যৱস্থা অধিক উন্নতমানৰ কৰি তুলিছে। এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ প্ৰয়োগে শিক্ষা ব্যৱস্থাৰ সমস্যাসমূহ বহুখিনি নাইকীয়া কৰি এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰিব পাৰি।ব্যক্তিসত্বাৰ সৰ্বাংগীন বিকাশ সাধন কৰি ভৱিষ্যতে এজন সম্পূৰ্ণ মানুহ হিচাপে এজন শিশুক গঢ় দিয়াই শিক্ষাৰ উদ্দেশ্য ৷ শাৰীৰিক, মানসিক, আধ্যাত্মিক সকলো দিশৰ উন্নতি সাধন কৰাটোও শিক্ষাৰ লক্ষ্য। শিক্ষা হৈছে এক জীৱনজোৰা প্ৰক্ৰিয়া৷ এই প্ৰক্ৰিয়াটোৰ কিছু অংশ শিক্ষানুষ্ঠানৰ সৈতে জড়িত ৷ যিটো শিক্ষা ব্যৱস্থাক 'আনুষ্ঠানিক শিক্ষা' নামেৰে নামাকৰণ কৰা হৈছে ৷ শিক্ষানুষ্ঠানৰ সময়খিনিত গুৰু আৰু শিষ্যৰ মাজত এক পৱিত্ৰ সম্পৰ্কই গঢ় লৈ উঠে ৷ শিক্ষাক সফল কৰি তুলিবৰ বাবে গুৰু শিষ্যৰ পৱিত্ৰ সম্পৰ্ক এটা অতি প্ৰয়োজনীয় ৷ এটা প্ৰবাদ আছে যে - “শিষ্যপুত্ৰ আৰু বীৰ্যপুত্ৰ সমান৷" সেয়েহে ক’ব পাৰি , শিষ্যৰ লগত শিক্ষকৰ সম্পৰ্ক পিতা পুত্ৰৰ সমান ৷ দৰকাৰী সময়ত অভিভাৱকৰ দায়িত্ব শিক্ষকে পালন কৰিব লাগে ৷ এজন গুৰুৱেই প্ৰথমে শিক্ষানুষ্ঠানত হাতত ধৰি জ্ঞানৰ বিশাল জগতত প্ৰৱেশ কৰায় আৰু জ্ঞানেৰে তেওঁক চহকী কৰি তোলে ৷ এগৰাকী শিশুৰ সৰ্বাংগীন বিকাশ সাধন কৰি তেওঁৰ জ্ঞানৰ জ্যোতিৰে উজলাই এজন সৎ চৰিত্ৰৱান সুনাগৰিক কৰি গঢ়ি তোলাত শিক্ষকেই আগভাগ লয়। সেইকাৰণে শিক্ষক সদায় শিষ্যৰ চিৰনমস্য।
আগৰ দিনত শিষ্যই গুৰুক বহুত সন্মান কৰিছিল , গুৰুক ব্ৰহ্মাৰ দৰে জ্ঞান কৰি দেখিলেই প্ৰণাম জনাইছিল ৷ এই কথা সৰ্বজনবিদিত আৰু সমাদৃত । ভাৰতীয় দৰ্শনত গুৰু-শিষ্যৰ পৱিত্ৰ আৰু মধুৰ সম্পৰ্কৰ অলেখ উদাহৰণ পোৱা যায় ৷ পৌৰাণিক দিনত শিষ্যই গুৰুৰ বাক্য পালন কৰিবৰ বাবে জীৱন দিবলৈও কুণ্ঠাবোধ কৰা নাছিল ৷ গুৰুৰ বাক্য পালন কৰিবৰ বাবেই একলব্যই নিজৰ সোঁহাতৰ বুঢ়া আঙুলি কাটি গুৰুক গুৰু-দক্ষিণা দিছিল ৷ ঠিক তেনেকৈ গুৰুৱে অনাহাৰে থাকিবলৈ কোৱাত উপমুন্যৱে ভোকত ৰ’ব নোৱাৰি আকণ গছৰ পাত খাই দৃষ্টিশক্তি হেৰুৱাইছিল। কিন্তু আজিৰ দিনত যেন গুৰু শিষ্যৰ সম্পৰ্কত ঘূণে ধৰিছে ৷ বহুতো ক্ষেত্ৰত দেখা যায় যে কিছুমান শিক্ষকে ছাত্ৰ ছাত্ৰ - ছাত্ৰীক শিক্ষা দিব লাগে বাবেই শিক্ষাদান কৰি গৈছে তেওঁলোকৰ মনত কোনো আন্তৰিকতা নাই ৷ শিষ্যয়ো শিক্ষকক সামান্য কথাতে অৱমাননা কৰিবলৈ কুণ্ঠাবোধ নকৰে ৷ তেওঁলোকে শিক্ষকৰ প্ৰতি সামান্য সন্মানো প্ৰদৰ্শন কৰিব নাজানে বা নোখোজে ৷ এনে অৱস্থাৰ বাবে অৱশ্যে দুয়োপক্ষই কম বেছি পৰিমাণে জগৰীয়া বুলি ক’ব লাগিব ৷ বৰ্তমানৰ ভোগবাদী সমাজ ব্যৱস্থাও ইয়াৰ বাবে দায়ী ৷
শিক্ষকসকল ন্যায় , সত্য আৰু জ্ঞানৰ প্ৰতীক ৷ তেওঁলোক সন্দেহৰ ঊৰ্দ্ধত ৷ এগৰাকী শিক্ষক সদায়ে বৈজ্ঞানিক মানসিকতাসম্পন্ন , উদাৰ, ধৰ্ম নিৰপেক্ষ, পৰিৱেশ সচেতন, সামাজিকভাৱে দায়ৱদ্ধ হোৱা উচিত ৷ আগৰ দিনত শিক্ষকে নিজৰ কথা চিন্তা নকৰি ছাত্ৰ - ছাত্ৰীৰ জ্ঞান-অৰ্জনত বেছি গুৰুত্ব দিছিল ৷ এতিয়াও সমাজত বহু শিক্ষক আছে যিসকলে নিজৰ সকলো সমস্যা আওকান কৰি শিষ্যক জ্ঞান-দান কৰি তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কৰি তোলাতহে বেছি গুৰুত্ব দিয়ে৷ কিন্তু সকলো শিক্ষক জানোঁ একে ? শিক্ষক বুলি ক’লে যেনেকুৱা গুণৰ অধিকাৰী হ’ব লাগে বৰ্তমানৰ বহুসংখ্যক শিক্ষকৰ গাত সেই লক্ষণৰ অভাৱ দেখা যায় ৷ যাৰ বাবে কেইজনমান শিক্ষকৰ দুৰ্নামৰ ভাগী গোটেই শিক্ষকসমাজে ভোগ কৰিবলৈ পায় ৷ সম্প্ৰতি বহু শিক্ষকৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ কুচৰিত্ৰ আদিৰ খবৰ বাতৰি-কাকত বা নিউজ-চ্চেনেলবোৰত প্ৰকাশ পাই আহিছে ৷ এইবোৰে শিক্ষক শ্ৰেণীটোৰ প্ৰতি থকা সদ্ভাৱ আৰু সন্মান নিম্নগামী কৰিছে যেন অনুভৱ হয় ৷ বেয়া পালেও স্বীকাৰ কৰিব লাগিব যে আজিকালি শিক্ষকতাক সেৱা হিচাপে নলৈ মাত্ৰ 'চাকৰি' হিচাপে লোৱা শিক্ষকৰ হাৰ বাঢ়িছে যাৰ বাবে শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ বাবে সম্পূৰ্ণ সময় দিবলৈ কুন্ঠাবোধ কৰে, ফলত ছাত্ৰ-ছাত্ৰীসকল সন্তুষ্ট নহয় ৷ তাৰ উপৰিও এনে হয় যে বহুতো উচ্চশিক্ষিত নিবনুৱাই ক’তো চাকৰি নাপাইহে যেন শিক্ষকতা বৃত্তিত প্ৰৱেশ কৰে যাৰ বাবে নিজৰ কৰ্মৰ প্ৰতি ধাউতি নাথাকে ৷ কিছুমান শিক্ষকৰ ঘৰৰপৰা কৰ্মস্থান ইমানেই দূৰ যে অহা যোৱা কৰিয়েই ভাগৰ লাগে ৷ কিছুমান বিদ্যালয়ত বহুসংখ্যক ছাত্ৰ - ছাত্ৰীৰ বিপৰীতে এজন বা দুজন শিক্ষককহে দেখা যায় ৷ ফলত তেওঁলোকে ছাত্ৰ - ছাত্ৰীক ভালদৰে সকলো কথা লক্ষ্য কৰিব নোৱাৰে ৷ এনেকুৱা বহুতো সমস্যা শিক্ষকসকলে ভোগ কৰি আছে যাৰ বাবে ছাত্ৰ -ছাত্ৰীৰ হকে সম্পূৰ্ণভাৱে নিজকে উজাৰি দিব নোৱাৰে আৰু সেইবাবেই ছাত্ৰ - ছাত্ৰীসকলো সন্তুষ্ট নহয় ৷ আজিকালি বহু শিক্ষকে এটা বৃত্তিতে সন্তুষ্ট নাথাকি বেলেগ পন্থাৰেও টকা ঘটিব বিচাৰে, ফলত তাত সময় দিওঁতেও ছাত্ৰ-ছাত্ৰীৰ বাবে সময়ৰ অভাৱ হয়৷ গুৰুসকলে শিষ্যসকলৰ মাজত ভেদাভেদ নাৰাখি সকলো শিষ্যকে সমানে আগবঢ়াই নিয়াত চেষ্টা কৰা উচিত ৷ বিশেষভাৱে দক্ষগৰাকীক গুৰুত্ব দি ব্যক্তিগতভাৱে অনুপ্ৰাণিত কৰাৰ লগতে দুৰ্বল ছাত্রজনক অধিক সময় দিয়াটোও তেওঁৰ দায়িত্ব ৷
গুৰু-শিষ্যৰ সম্পৰ্কটোত ঘূণে ধৰাৰ বাবে ছাত্ৰ-ছাত্ৰীও কিছু পৰিমাণে জগৰীয়া বুলি ক’ব পাৰি ৷ কিছুমান ছাত্ৰ -ছাত্ৰীৰ নৈতিক স্খলনো গুৰু শিষ্য সম্পৰ্কৰ মূল অন্তৰায় ৷ কিছুমান ছাত্ৰ - ছাত্ৰীয়ে বিদ্যালয়তহে শিক্ষকক মানে কিন্তু বাহিৰত দেখা পালে নেদেখাৰ ভাও জুৰে ৷ এইক্ষেত্ৰত মাক-দেউতাকে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগে ৷ কেতিয়াবা দেখা যায় যে সন্তানৰ সন্মুখতে অভিভাৱকে শিক্ষকক সমালোচনা কৰে, যাৰ বাবে শিক্ষকক অৱমাননা কৰিবলৈ সন্তানে লাই পায় , যিটো আচলতে সন্তানৰ বাবেই ক্ষতিকাৰক ৷ শিক্ষকক সন্মান কৰিবলৈ তেওঁলোকে শিকাব লাগে ৷ কাৰণ শিক্ষকে তেওঁলোকৰপৰা ভাল ব্যৱহাৰ বিচাৰে ৷ শিষ্যৰপৰা ভাল ব্যৱহাৰ পালে শিক্ষকেও ছাত্ৰ - ছাত্ৰীক ন ন জ্ঞান দিবলৈ অহোপুৰুষাৰ্থ কৰিবলৈ মন যাব ৷ এটা কথা উনুকিয়াবই লাগিব যে আজিৰ যুগটো প্ৰতিযোগিতাৰ যুগ ৷ তাতে শিক্ষা-ব্যৱস্থা হৈছে পাঠ্যক্ৰমভিত্তিক ৷ পাঠভিত্তিক কাৰ্যকলাপ ইমানেই বেছি যে শিক্ষকে পাঠদান কাৰ্য আৰু প্ৰশ্ন-উত্তৰ দিয়া কামটোতেই বেছিকৈ ব্যস্ত থাকিবলগা হয় , যাৰ বাবে ছাত্ৰ - ছাত্ৰীৰ লগত এটা আন্তৰিকতাপূৰ্ণ সম্পৰ্ক গঢ় লৈ নুঠেগৈ ৷ আকৌ আজিৰ ছাত্ৰ - ছাত্ৰীসকলে কম আয়াসতে বেছি ভাল ফলাফল দেখুৱাই বাঃ বাঃ ল'বলৈ চেষ্টা কৰে , যাৰ বাবে তেওঁলোকে শিক্ষকক পোনপটীয়া (ৰেডীমেড) উত্তৰৰ যোগান ধৰিবলৈ বাধ্য কৰে ৷ ফিল্ড ৱৰ্ক , এচাইনমেণ্ট লিখা কাৰ্যই কিছু পৰিমাণে মহাবিদ্যালয় , বিদ্যালয়ৰ শিক্ষক ছাত্ৰ-ছাত্ৰীৰ মাজৰ সম্পৰ্ক ভাল কৰে যদিও ই যথেষ্ট নহয় ৷ 'ৰেডিমেড' বা পোনপটীয়া উত্তৰৰ বাবেই হওঁক বা প্ৰেক্টিকেল (ব্যৱহাৰিক) নম্বৰৰ বাবেই হওঁক , কিছু ছাত্ৰ -ছাত্ৰীয়ে আকৌ কিছু শিক্ষকৰ লগত সীমা অতিক্ৰমি বেছি মিলামিচা কৰে যিটো অশুভনীয় ৷ শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্ক এটা নিৰ্দিষ্ট দূৰত্বত থকা উচিত ৷ কিন্তু কিবা অসুবিধা পালে সুধিবলৈ যাতে ভয় নকৰে তাৰ প্ৰতিও শিক্ষকে লক্ষ্য ৰাখিব লাগিব ৷
শিক্ষকৰ মাজত থকা প্ৰতিযোগিতায়ো শৈক্ষিক বাতাৱৰণ বিনষ্ট কৰে ৷ কেতিয়াবা দেখা যায় যে কিছুমান শিক্ষকে আন শিক্ষকৰ দোষ ত্ৰুটি শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীৰ আগত কৈ তেওঁৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰাৰ প্ৰয়াস কৰে ৷ যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকক অৱমাননা কৰিবলৈ সাহস পায় ৷ শিক্ষানুষ্ঠানত এনে শিক্ষকৰ উপস্থিতি নিশ্চয় বৰ ক্ষতিকাৰক ৷
বৰ্তমান কৰ'ণা অতিমাৰীৰ বাবে শিষ্যসকল গুৰুসকলৰপৰা আঁতৰত থাকিবলগীয়া হৈছে৷ তথাপি শিক্ষকসকলে অনলাইন যোগে হ'লেও শিক্ষাপ্ৰদান কৰি আহিছে ৷ ম’বাইল ফোনৰ জৰিয়তে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ লগত যোগাযোগ ৰাখিবলৈ যত্ন কৰিছে যদিও দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ ম’বাইল ফোন নথকাৰ বাবে যোগাযোগ ৰাখিব পৰা নাই৷ এটা কথা ঠিক যে ডিজিটেল শিক্ষাই গুৰু-শিষ্যৰ সম্পৰ্কক কি ৰূপ দিবগৈ সেয়া এতিয়াও সঠিককৈ ক'ব পৰা হোৱাগৈ নাই ৷ তথাপিও আমি আশাবাদী ৷
যিয়েই নহওঁক শিক্ষা ব্যৱস্থা সফল কৰি তুলিবলৈ হ’লে শিক্ষক আৰু ছাত্ৰৰ মাজত এটা সুসম্পৰ্ক থকাটো অতি প্ৰয়োজনীয় ৷ গুৰুৱে শিষ্যক নিজৰ সন্তানৰ দৰে প্ৰতিটো ক্ষেত্ৰতে চকু ৰাখি পাঠদান কৰিব লাগিব৷ এজন শিক্ষক ছাত্ৰ-ছাত্ৰীৰ বাবে friend, philosopher and guide হ’ব লাগে ৷ বাৰে বাৰে উপদেশ দিয়াতকৈ আৰ্হি দেখুৱাবলৈ চেষ্টা কৰিব লাগে কাৰণ বহু ছাত্ৰ - ছাত্ৰীয়ে তেওঁলোকৰ প্ৰিয় শিক্ষকক প্ৰায়ে অনুকৰণ কৰে৷ গুৰুসকলে শিষ্যসকলৰ মাজত ভেদাভেদ নাৰাখি সকলো শিষ্যকে সমানে আগবঢ়াই নিয়াত চেষ্টা কৰা উচিত৷ ঠিক তেনেদৰে শিষ্যসকলেও গুৰুসকলক যথোপযুক্ত সন্মান দিয়া দৰকাৰ৷ গুৰু বা শিক্ষকসকলে শিষ্যসকলক বন্ধুত্বসুলভ ব্যৱহাৰ কৰিব লাগে৷ তেতিয়াহে গুৰু শিষ্যৰ মাজত আন্তৰিকতাপূৰ্ণ সম্পৰ্কই গঢ় লৈ উঠিব৷
শিক্ষকেই ছাত্ৰ জীৱনৰ চালিকাশক্তি ৷ যাৰ প্ৰয়োগ অবিহনে জীৱন বৃথা ৷ শিক্ষকসকলেই দেশৰ ভৱিষ্যত গঢ়ে ৷ সেয়েহে শিক্ষকেই ছাত্ৰ-শিক্ষকৰ মাজত মধুৰ সম্পৰ্ক গঢ়াত গুৰুত্ব দিব লাগিব৷ তাৰ বাবে শিক্ষকসকলে আত্ম- সমালোচনা কৰি নিজকে শুদ্ধকৈ গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব৷ তাৰ বাবে অভিভাৱক আৰু সমাজৰ জ্ঞানী ব্যক্তিসকলেও দৰকাৰী সময়ত ছাত্ৰ-ছাত্ৰীৰ উন্নতিৰ বাবে শিক্ষকক দিহা পৰামৰ্শ দি সহায় কৰিব লাগিব৷ শিক্ষকসকলৰ সমস্যাসমূহৰ সমাধানৰ প্ৰতি চৰকাৰেও গুৰুত্ব দিব লাগিব৷ তেতিয়াহে শিক্ষা ব্যৱস্থা সফল হৈ উঠিব বুলি আশা কৰিব পাৰি৷
******************************************************************
মুনলিমা গগৈ
সহঃ শিক্ষয়িত্ৰী
আঞ্চলিক হাইস্কুল, ফুলগুৰি
ৰাণী শিক্ষাখণ্ড
অলংকৰণ :-মনবীনী দাস
1 Comments
পঢ়ি বহুত ভাল লাগিল।
ReplyDelete