header ads

নাৰী শিক্ষা আৰু গান্ধীজীৰ আদৰ্শ | Article by Sabita Rabha


 নাৰী শিক্ষা আৰু গান্ধীজীৰ আদৰ্শ

            বৰ্তমান সময়ত নাৰী শিক্ষাৰ প্ৰয়াজনীতাৰ কথা কোনোৱে  নুই কৰিব  নোৱাৰে। পুৰুষৰ লগত নাৰীয়েও প্ৰতিটো ক্ষেত্ৰত সমানে আগবাঢ়ি আহিছে । সেয়া কৰ্মৰ ক্ষেত্ৰতেই হওঁক নাইবা খেল-ধেমালীৰ ক্ষেত্ৰতেই  হওক । বৰ্তমান সময়ত নাৰী কতো সুৰক্ষিত নহয় । এনেবোৰ কাৰণতে "নাৰী শিক্ষা" ৰ লগতে "নাৰীৰ সুৰক্ষা " কথাও সমানে  গুৰুত্ব পূৰ্ণ হৈ পৰিছে  আৰু এই ক্ষেত্ৰত সমাজৰ ভূমিকাওঁ অপৰিহাৰ্য। পুৰুষৰ সমানে নাৰী ও সমাজত শান্তিপূৰ্ণ আৰু  সুৰক্ষিত ভাৱে  জীয়াই থকাৰ অধিকাৰ আছে ।সেয়েহে ,নাৰী শিক্ষা আৰু সুৰক্ষা দিয়াৰ আগতে শৈশৱ কালৰ পৰাই লৰা-ছোৱালীক শিকাব লাগে কিদৰে নাৰীক সন্মান আৰু সুৰক্ষা প্ৰদান কৰিব লাগে ।এই কথাষাৰ যদি  আমাৰ সমাজৰ প্ৰতিজন পুৰুষে বুুজি উঠে তেতিয়া হলে  নাৰীও একেখন সমাজত মুক্তমনে নিজৰ নিজৰ কাম কৰিব পাৰিব আৰু সমাজত শান্তি বিৰাজ কৰিব।

      আমাৰ দেশৰ পিতা মহাত্মা গান্ধীজীয়ে কৈছিল "এজন পুৰুষক শিক্ষা দিয়া মানে এজন ব্যক্তিক শিক্ষা দিয়া কিন্তু এগৰাকী নাৰীক শিক্ষা দিয়া মানে দহ গৰাকী নাৰীক শিক্ষা দিয়া ,এটা পৰিয়াল শিক্ষিত কৰা ,এখন সমাজক শিক্ষিত কৰা"৷যেতিয়ালৈকে দেশত নাৰীসকল শিক্ষিত হৈ সু-মাতৃ হব নোৱাৰে তেতিয়ালৈকে আমাৰ দেশৰ শিক্ষা ফলপ্ৰসূ হব নোৱাৰে৷

      শেষত "বেটী বচাওঁ ,বেটী পঢ়াওঁ" কেৱল শ্লোগানতে সীমাবদ্ধ নাথাকি প্ৰকৃতাৰ্থত আমাৰ সমাজত কৰ্মৰত হওঁক  তাকে আশা ৰাখিলোঁ৷

 ****************************

নাম - সবিতা  ৰাভা

শ্ৰেণী- দশম

কস্তুৰৱা গান্ধী  বালিকা বিদ্যালয় (গৰৈমাৰী)



অলংকৰণ :- সুৰভি দাস

Post a Comment

0 Comments