header ads

শিশু দিৱস | Article by Tinamani Kakati



শিশু দিৱস


               ১৮৮৯ চনৰ ১৪ নৱেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ এলাহাবাদত জন্ম হয় আমাৰ সকলোৰে চিনাকি, শিশুসকলৰ অতিকৈ মৰমৰ পণ্ডিত জৱাহৰলাল নেহৰু। তেওঁ  আছিল একেধাৰে  ভাৰতৰ ৰাজনীতিবিদ, চিন্তাবিদ, লেখক আৰু স্বাধীন  ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী ।

তেওঁৰ পিতৃৰ নাম - মতিলাল নেহৰু আৰু মাতৃৰ নাম - স্বৰূপৰাণী নেহৰু ।

পণ্ডিত জৱাহৰলাল নেহৰুদেৱে প্ৰধানমন্ত্ৰীৰ পদত একেৰাহে ১৭ বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল । ঘৰুৱা শিক্ষাৰদ্বাৰাই নেহৰুদেৱৰ  সৰুকালৰ শিক্ষাৰ আৰম্ভণি হৈছিল । নেহৰুৱে টি. ফাৰ্ডিনাণ্ড ব্ৰুকচ নামৰ এজন আইৰিচ লোকৰ তত্ত্বাৱধানত শিক্ষা লাভ কৰিছিল । ১৩ বছৰ বয়সত তেওঁ 'থিয়ছফিকেল ছচাইটি' ত যোগ দি প্ৰাচীন ধৰ্ম-  পুথিবোৰ অধ্যয়ন কৰিছিল । ১৫ বছৰ বয়সত ইংলেণ্ডলৈ গৈ হেৰ' পাব্লিক স্কুলত ভৰ্তি হয় । ১৯১০ চনত কেম্বিজৰ ট্ৰিনিটি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ।১৯১২ চনত তেওঁ ভাৰতলৈ ঘূৰি আহি ওকালতি আৰম্ভ কৰে ।

               তেওঁ ৰচনা কৰা গ্ৰন্থ কেইখন হ'ল -

' বিশ্ব ইতিহাসৰ জিলিঙনি' আত্মকথা  আৰু 'দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া' । ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁলৈ দেশৰ সৰ্বোচ্চ সন্মান ' ভাৰত ৰত্ন' প্ৰদান কৰে ।

পণ্ডিত জৱাহৰলাল নেহৰুদেৱে শিশুসকলক বৰ ভাল পাইছিল আৰু শিশুসকলে তেওঁক মৰমতে নেহৰু খুড়া বুলি মাতিছিল । তেখেতৰ শিশুসকলৰ প্ৰতি থকা গভীৰ মৰম আৰু ভালপোৱাৰ বাবেই তেওঁৰ জন্মদিনটো মানে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয় । এই বিশেষ দিনটোতে নেহেৰুদেৱৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা  জ্ঞাপন  কৰা হয় । তেওঁৰ মৃত্যু হৈছিল ১৯৬৪ চনৰ ২৭ মে’  তাৰিখে ।

***************************************


৬২নং আমিনগাওঁ প্ৰাথমিক বিদ্যালয়

নাম শ্ৰী টিনামণি কাকতি

শ্ৰেণী পঞ্চম

Post a Comment

0 Comments