header ads

শিশু দিৱস | Assamese article by Dibyajyoti Bairagi

শিশু দিৱস  Assamese article by Dibyajyoti Bairagi

শিশু দিৱস

    প্ৰতি বছৰে ১৪ নৱেম্বৰ তাৰিখে ভাৰতত শিশু দিৱস পালন কৰা হয়। কাৰণ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন ১৮৮৯ চনৰ ১৪ নৱেম্বৰ। ১৯৬৪ চনৰ পৰা ভাৰত চৰকাৰে গোটেই ভাৰতবৰ্ষতে শিশু দিৱস হিচাপে পালন কৰিব ধৰিলে। পণ্ডিত জৱাহৰলাল নেহৰুদেৱে সৰু ল'ৰা-ছোৱালীক বহুত মৰম কৰিছিল বাবে শিশুসকলৰ মাজত তেওঁ 'নেহৰু খুড়া ' হিচাপে জনাজাত আছিল। নেহৰু খুড়াৰ মতে সৰু ল'ৰা-ছোৱালী ভৱিষ্যতৰ পথ-প্ৰদৰ্শক, সেইবাবে তেখেতে সদায় ল'ৰা-ছোৱালীৰ শৈশৱকাল আৰু পঢ়াশুনাৰ প্ৰতি বেছি জোৰ দিছিল। শিশু দিৱসত সৰু ল'ৰা-ছোৱালীক শিক্ষা গুৰু তথা অভিভাৱক সকলে মৰম যাছিবলৈ উপহাৰ দিয়ে। শিশু দিৱস হিচাপে প্ৰতি বছৰে ১৪ নৱেম্বৰ তাৰিখৰ দিনা  শিক্ষানুষ্ঠানবোৰত শিক্ষাগুৰু সকলে ছাত্ৰ-ছাত্ৰীৰ আনন্দৰ বাবে নানা ধৰণৰ খেল-ধেমালি, কুইজ, ভেকচন প্ৰতিযোগিতা, নাটক ইত্যাদি অতি উৎসাহৰে আয়োজন কৰে।

******************************


শ্ৰী দিব্যজ্যোতি বৈৰাগী 

শ্ৰেণী - চতুৰ্থ

৬২ নং আমিনাগাওঁ প্ৰাথমিক বিদ্যালয়।


অলংকৰণ :- পল্লবী পাঠক

Post a Comment

0 Comments