header ads

অহিংসাৰ পূজাৰী গান্ধীজী | Assamese Article by Hemanta Kr Kalita


অহিংসাৰ পূজাৰী গান্ধীজী

          ‘জাতিৰ জনক’, জাতিৰ পিতা’ অভিধাৰে ভাৰতবাসীয়ে মহাত্মা গান্ধীক সম্বোধন কৰি মহামানৱৰ স্বীকৃতি দিছিল৷ ১৮৬৯ চনৰ ২ অক্টোবৰত জন্মলাভ কৰা মোহনদাস কৰমচাঁদ গান্ধী জীৱনৰ মাজছোৱা সময়ত ভাৰতমাতৃৰ সেৱাত ব্ৰতী হৈ সপোনৰ ৰামৰাজ্য বাস্তৱত ৰূপায়িত কৰাৰ বাবে অশেষ চেষ্টা কৰিছিল৷ সত্য আৰু অহিংস ব্ৰতেৰে ঔপনিৱেশিক ব্ৰিটিছৰ কবলৰ পৰা মাতৃভূমিক মুক্ত কৰাৰ সৰ্বতোপ্ৰকাৰ প্ৰচেষ্টাৰ ফলস্বৰূপে গান্ধীয়ে জনমানসত ‘মহাত্মা’ ৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল৷ দক্ষিণ আফ্ৰিকাত ওকালতি কৰিবলৈ যোৱাৰ পিছত সেই দেশত ব্ৰিটিছে কৰা অমানুসিক অত্যাচাৰ আৰু শোষণৰ দ্বাৰা প্ৰভাবিত হৈ তাতেই ব্ৰিটিছৰ বিৰুদ্ধে অহিংস আন্দোলনত আত্মনিয়োগ কৰিছিল৷ তাৰ পিছতে স্বদেশহিতৈষী, গান্ধীজীয়ে ভাৰতলৈ উভতি আহি অহিংস নীতিৰে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল৷ সত্য আৰু অহিংসা তেখেতৰ জীৱনৰ মূলমন্ত্ৰ আছিল৷ কংগ্ৰেছত যোগদান কৰাৰ পিছৰ পৰাই ভাৰতীয় জনগণে গান্ধীৰ অহিংস আন্দোলনৰ প্ৰতি উদ্বুদ্ধ হৈ দেশৰ স্বাধীনতা সংগ্ৰামত আত্মনিয়োগ কৰিছিল৷

         ভাৰতলৈ উভতি অহাৰ পিছৰে পৰাই গান্ধীজীয়ে আড়ম্বৰপূৰ্ণ জীৱনৰ পৰা আঁতৰি আহি সম্পূৰ্ণ সাধাৰণ জীৱন যাপন কৰিছিল৷ গুজৰাটৰ সৱৰমতিত ‘সবৰমতি আশ্ৰম’ প্ৰতিষ্ঠা কৰি স্বদেশী সামগ্ৰী ব্যৱহাৰৰ নিমিত্তে মহিলা সকলক জড়িত কৰি খাদী উদে্যাগ গঢ়ি তুলিছিল৷ তেখেতে নিজেও প্ৰতিদিনে একোখনকৈ খাদী বস্ত্ৰ তৈয়াৰ কৰি লৈছিল৷ গান্ধীৰ এই খাদী আন্দোলনে বিদেশী বস্ত্ৰ বৰ্জনৰ পথ প্ৰশস্ত্ৰ কৰিছিল৷গান্ধীজীয়ে জাতি-বৰ্ণ, ভাষা- নিৰ্বিশেষে সকলো শ্ৰেণীৰ ভাৰতীয় লোকৰ সামাজিক উন্নয়নত গুৰুত্ব প্ৰদান কৰিছিল৷ অস্পৃশ্যতা দূৰীকৰণ, অন্ধবিশ্বাস, কু-সংস্কাৰ আদি সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ বাবে তেখেতে সবল নেতৃত্ব লৈছিল৷ অহিংস নীতিৰে ব্ৰিটিছৰ মন জয় কৰাৰ লগতে আদৰ্শ শিক্ষাব্যৱস্থাৰ পোষকতা কৰিছিল৷ গান্ধীজীৰ দৃষ্টিত শিক্ষাৰ মূল উদ্দেশ্য হ’ল প্ৰতিগৰাকী নাগৰিককে আদৰ্শ নাগৰিক কৰি গঢ়ি তোলা৷ আদৰ্শ নাগৰিকৰ অৰ্থ হ’ল প্ৰতিগৰাকী ব্যক্তিৰ হৃদয় শিক্ষাৰে পূৰ্ণ হোৱা৷ তেখেতৰ মতে চৰিত্ৰ , নৈতিকতা,সমতা সহানুভুতি, আধ্যাত্মিক বিকাশ আদিৰ জৰিয়তে মূল্যবোধৰ শিক্ষাই সমাজক সত্য আৰু অহিংসাৰ পথত অগ্ৰসৰ হোৱাত সহায় কৰে৷

       মহাত্মা গান্ধী আছিল মহান বিপ্লৱী সত্ত্বা৷ তেখেতে মানৱ জীৱনৰ লগত জড়িত সকলো উপাদানৰ কথা গভীৰভাৱে চিন্তা কৰিছিল৷ তেখেতে সাৰ্বজনীন মানৱ মূল্যবোধক সামাজিক আৰু ৰাষ্ট্ৰীয় পযাৰ্য়ত উপস্থাপন কৰি মানৱ সমাজৰ সমস্যা সমূহৰ সমাধানৰ নতুন পথৰ সন্ধান দিয়াৰ প্ৰয়াস কৰিছিল৷ গান্ধীজীৰ এই মূল্যবোধৰ বীজ দক্ষিণ আফ্ৰিকাতে অংকুৰিত হৈছিল৷ সমাজৰ সৰ্বোচ্চ বিকাশৰ বাবে গান্ধীজীয়ে বুনিয়াদী শিক্ষাৰ প্ৰৱৰ্তন কৰিছিল৷ তেখেতৰ বুনিয়াদী শিক্ষাত শিকাৰুৰ বাবে সহপাঠ্যক্ৰমিক ক্ৰিয়াকলাপ হিচাপে সামাজিক সহযোগিতা, সমূহীয়া প্ৰাৰ্থনা, সমূহীয়া ভোজন, শাৰীৰিক ব্যায়াম, দলীয় কাম-কাজ, খেল-ধেমালী, গৃহকৰ্ম, সাংস্কৃতিক কাৰ্যসূচী, বিশেষ দিৱস পালন, সৃজনীমূলক কাম-কাজ আদি অন্তৰ্ভূক্ত হৈছিল৷ এনেবোৰ কাৰ্যই মানুহৰ প্ৰমূল্য, আধ্যাত্মিক মূল্যবোধ, সামাজিক মূল্যবোধ, সাংস্কৃতিক মূল্যবোধ আৰু ব্যক্তিগত মূল্যবোধ প্ৰাকৃতিকভাৱে গঢ়ি উঠিব বুলি গান্ধীজীয়ে বিশ্বাস কৰিছিল৷ স্বদেশী আন্দোলন, আইন অমান্য আন্দোলন, অ-সহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন আদি আন্দোলনত গান্ধীজীয়ে সমূহ ভাৰতবাসীক অহিংস নীতিৰে নেতৃত্বদি আগবঢ়াই নিছিল৷ তেখেতৰ দৰে সত্যাগ্ৰহী জননেতাৰ সন্মুখত ঔপনিৱেশিক ব্ৰিটিছে শিৰ নত কৰিবলৈ বাধ্য হৈছিল৷ তেখেতৰ ঐকান্তিক দেশপ্ৰেম আৰু হিংসাবৰ্জিত আন্দোলনৰ ফলশ্ৰুতিতেই ১৯৪৭ চনৰ ১৪ আগষ্টৰ মাজৰাতিত ব্ৰিটিছ চৰকাৰে ভাৰতক স্বাধীনতা প্ৰদান কৰিবলৈ বাধ্য হৈছিল৷


         দেশ মাতৃৰ প্ৰতি থকা অগাধ ভক্তি আৰু দেশৰ জনগণৰ প্ৰতি থকা উত্তৰ দায়িত্বৰ বাবে গান্ধীজীয়ে আৰামী জীৱন ত্যাগ কৰি সাধাৰণ জীৱন গ্ৰহণ কৰি সমাজৰ প্ৰতিটো গোটৰ জীৱনৰ লগত নিজকে বিলীন কৰি দিছিল৷ স্বাধীনতাৰ পিছত ক্ষমতাৰ প্ৰতি উদাসীন গান্ধীজীয়ে দেশ বিভাজনৰ প্ৰতি মুঠেও আগ্ৰহী নাছিল৷ শেষত ধৰ্মীয় সংহতি ৰক্ষাৰ নিমিত্তে তেখেতে দ্বিখণ্ডিত ভাৰতৰ প্ৰস্তাৱত সন্মিত জনাইছিল৷ গান্ধীজী ১৯৪৮ চনৰ ৩০ জানুৱাৰীত ইহ-সংসাৰৰ পৰা গুছি যায় যদিও ভাৰতবাসীৰ মানস পটত তেখেত সদায় জীৱন্ত অৱস্থাত আছে৷ তেখেতৰ মহান আদৰ্শ, মহানুভৱতা, জীৱন শৈলী, অহিংস নীতি আৰু জাতি গঠনৰ নীতিয়ে ভাৰতবাসীক সদায় পথ প্ৰদৰ্শন কৰি থাকিব৷ দেশৰ প্ৰতি পালন কৰা মহান দায়িত্ব আৰু ত্যাগস্বীকাৰৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ জন্মদিন ২ অক্টোবৰৰ দিনটো প্ৰতিবছৰে ‘গান্ধী জয়ন্তী’ হিচাপে পালন কৰা হয়৷ ইয়াৰ জৰিয়তে মহান ভাৰতৰ দ্ৰষ্টা, দাৰ্শনিক মণিষী গৰাকীক দেশবাসীয়ে স্মৰণ কৰাৰ লগতে তেখেতৰ পথেৰে আগবাঢ়ি যাবলৈ অংগীকাৰ গ্ৰহণ কৰে৷


************************************

হেমন্ত কুমাৰ কলিতা

সহঃ শিক্ষক

শিকাৰহাটী আঞ্চলিক হাইস্কুল

ৰাণী শিক্ষাখণ্ড 

মোবাইল নং – ৯১০১০০০৭৬৯


অলংকৰণ :-মনবীনী দাস

Post a Comment

0 Comments