header ads

শিশু দিৱস আৰু আমাৰ কৰণীয় | Assamese article by Jaynal Abedin

শিশু দিৱস আৰু আমাৰ কৰণীয়   

                                                                                                                                       জীৱনত যদি ঘাত-প্ৰতিঘাতেই নাথাকে তেন্তে সেইটো জীৱনেই হ'ব নোৱাৰে ৷ জীৱনটো হৈছে এটা কলা ৷ ই কলাকাৰ ৰূপে বিৰাজিত ৷ আশা আৰু আকাংক্ষাৰ প্ৰেৰণাই হৈছে জীৱনৰ অংগ ৷ ইয়াৰ অবিহনে জীৱনৰ মৰহি শুকায় ৷" -- জৱাহৰলাল নেহেৰু ৷


১৪ নৱেম্বৰত ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ জন্মদিনটো প্ৰতি বছৰে শিশু দিৱস হিচাপে পালন কৰা হৈ আহিছে। এই বছৰ হৈছে নেহেৰুৰ ১৩১তম্ জন্ম দিৱস। কেন্দ্ৰীয় চৰকাৰে এই দিনটোৰ লগত সংগতি ৰাখি শিশু সকলক পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি উৎসাহিত কৰাৰ লক্ষ্যৰে চৰকাৰে বিভিন্ন অভিযান ঘোষণা কৰিছে।

 

শিশু সকল ভৱিষ্যতৰ দেশৰ নাগৰিক। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জন কেনেডীয়ে কৈছিলঃ শিশু সকল সমগ্ৰ বিশ্বৰ আটাইতকৈ আপুৰুগীয়া সম্পদ আৰু ভৱিষ্যতৰ বাবে আশাৰ ৰেঙনি। কিন্তু অতি পৰিতাপৰ কথা যে আমাৰ দেশৰ বহুতো শিশু শিক্ষা আৰু স্বাস্থ্যৰ দৰে বুনিয়াদী অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। যিটো বয়সত শিশুৱে খেল-ধেমালি কৰিবলৈ ভাল পায়, সেইটো বয়সৰ পৰাই তেওঁলোকক টকা-পইচা ঘটা কামত নিয়োগ কৰা হয়। শিশু শ্ৰমিক নিয়োগ কৰাটো আইন বিৰুদ্ধ হোৱা স্বত্বেও দেশৰ বহুতো উদ্যোগ, কাৰখানা, ব্যৱসায়িক প্ৰতিষ্ঠান, মানুহৰ ঘৰত শিশু সকলক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা হৈ আহিছে। শিশু সকলক কম মজুৰিৰে কামত খটুৱাই তেওঁলোকক নিষ্ঠুৰভাৱে শোষণ কৰা হয়। সেইদৰে শিশুসকলক অপহৰণ কৰি মানৱ দেহ সৰবৰাহ চক্ৰই মানৱ অংগৰ ব্যৱসায় কৰে। বিশ্বৰ প্ৰায় ১৬.৫ কোটি শিশু শ্ৰমিকৰ প্ৰায় ৬.৫ কোটি ভাৰততে বাস কৰে।

ভাৰতৰ শিশু সকল বিভিন্ন ভাৱে নিৰ্যাতনৰ সন্মুখীন হোৱা ঘটনাই আন্তৰ্জাতিক মহলতো দৃষ্টি আকৰ্ষণ কৰি আহিছে। কিন্তু চৰকাৰে এই ক্ষেত্ৰত সবল ভূমিকা গ্ৰহণ কৰা নাই। হয়তো শিশু সকলৰ ভোট দিয়াৰ অধিকাৰ নাথাকে বাবে ৰাজনৈতিক মহলত শিশুৰ অধিকাৰৰ বিষয়টো চৰ্চিত নহয়। ভাৰতৰ শিশু শ্ৰমিক সকলক উদ্ধাৰ কৰাৰ কামত ব্ৰতী বচপন বচাও আন্দোলনৰ গুৰি ধৰোঁতা কৈলাস সত্যাৰ্থীলৈ আগবঢ়োৱা হৈছিল শান্তিৰ নোবেল বঁটা। উল্লেখ্য যে সত্যাৰ্থীয়ে গুৰি ধৰা সংগঠনটোৱে এতিয়ালৈকে প্ৰায় ১০ লাখ শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সত্যাৰ্থীয়ে দাবী কৰি আহিছে যে প্ৰতিটো উদ্যোগ প্ৰতিষ্ঠানক বাধ্যতামূলক ভাৱে ঘোষণা কৰিব লাগে যে তেওঁলোকৰ প্ৰতিষ্ঠানত শিশু শ্ৰমিক যাতে নিয়োগ কৰা নহয়। ইতিমধ্যে কাৰ্পেট উদ্যোগত Certificate for Child labour free Carpet ৰ প্ৰচলন কৰা হৈছে আৰু Good Weave মাৰ্ক শিশু শ্ৰমিকহীন কাৰখানাৰ পৰিচায়ক হৈ পৰিছে। যোৱা ৪০ বছৰ ধৰি নিৰলসভাৱে শিশুসকলৰ অধিকাৰৰ বাবে নীৰৱে, প্ৰচাৰবিমুখ হৈ কাম কৰি যোৱা কৈলাস সত্যাৰ্থীলৈ অহা আন্ত:ৰাষ্ট্ৰীয় সন্মানে সকলো দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে।

দুখৰ কথা যে ভাৰতৰ দৰে এখন দৰিদ্ৰ দেশত শিক্ষাতকৈ ভাতমুঠিৰ যোগাৰেহে প্ৰাধান্য পায়। সেয়েহে দৰিদ্ৰ পৰিয়ালৰ শিশুসকলক সৰুৰেপৰা শিক্ষাৰ সলনি কায়িক পৰিশ্ৰমেৰে উপাৰ্জন কৰিবলৈ শিকোৱা হয়। ভাৰতীয় সমাজৰ জাতিভেদ প্ৰথা, বংশানুক্ৰমে চলি অহা সংস্কাৰ, উচ্চ বৰ্ণ আৰু আঢ্যৱন্ত লোক সকলৰ স্বাৰ্থ ৰক্ষা আদি কাৰণতো শিশু শ্ৰমিকৰ পৰম্পৰা চলি আহিছে। আজিৰ সময়ত এখন দেশ প্ৰগতিৰ পথত আগবাঢ়িবলৈ হলে দেশৰ প্ৰতিটো শিশু বিদ্যালয়লৈ যাব লাগিব, কৰ্মমুখী শিক্ষা ব্যৱস্থাৰ প্ৰচলন হব লাগিব, শিশুৰ ওপৰত চলি থকা শোষণ আৰু নিৰ্যাতন বন্ধ হব লাগিব, প্ৰতিটো শিশুৱে খেল-ধেমালিৰে নিজৰ শৈশৱ উপভোগ কৰাৰ সুবিধা পাব লাগিব। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছেঃ এটি শিশুক কেৱল ভদ্ৰ লোক বা ভদ্ৰ মহিলা হ'বলৈহে শিক্ষা দিয়া অনুচিত ৷ ইয়াৰ লগে লগে তেওঁক উপযুক্ত পুৰুষ বা নাৰী হ'বলৈ শিক্ষা দিয়া উচিত ৷"

১৪ নৱেম্বৰ, শিশু দিৱসৰ উদযাপন কেৱল বিদ্যালয়লৈ যোৱা শিশুৰ মাজতে সীমাৱদ্ধ হৈ থকাটো উচিত নহয়। বিদ্যালয়লৈ যাবলৈ সক্ষম নোহোৱা শিশুসকলৰ প্ৰতিও অকণমান মৰম, অকণমান সহায় সহানুভূতি জনাই প্ৰতিটো শিশুকে এটা সুন্দৰ শৈশৱ উপহাৰ দিবলৈ প্ৰয়াস কৰাতহে শিশু দিৱসৰ তাৎপৰ্য  নিহিত হৈ আছে।

 ******************************

 


জয়নাল আবেদিন

(সহ শিক্ষক)

২নং ভকুৱামাৰী প্ৰাথমিক বিদ্যালয়

ছয়গাঁও শিক্ষাখণ্ড


অলংকৰণ :- সুৰভি দাস

Post a Comment

0 Comments