header ads

শিশু দিৱস | Assamese poem by Abinash Das

শিশু দিৱস

মোৰ মনত আছে সেইটো দিন

চৈধ্য নবেম্বৰ।

আমি খেলোঁ, ছবি আকোঁ 

গীত গাও আৰু বহুতো------ ।

 

আহি আছে পুন: সেইটো দিন

নেহৰু খুড়াৰ জন্মদিন,

আমাৰ ভালপোৱাৰ দিন ।

স্বচ্ছতা দিনলিপি

ফহিয়াই চাওঁ

সজাই তোলো শ্ৰেণীকোঠা।

বন্তি জ্বলাই ফুল ছটিয়াই

শ্ৰদ্ধাঞ্জলি যাচোঁ শ্ৰদ্ধাঞ্জলি

প্ৰাণৰ খুড়ালৈ।

ছাৰ-বাইদেউহঁতৰ বক্তব্যত

আপোন পাহৰা হওঁ।

প্ৰেম আছিল তেওঁৰ বহু গভীৰ

 

তেওঁ আমাৰ আটাইৰে

অতি মৰমৰ, অতি চেনেহৰ

প্ৰাণৰো প্ৰাণৰ হৃদয়ৰ।

জেকেটৰ বুকু  শুৱাই তোলা

ৰঙা গোলাপ পাহি

বৰ মনোমহা ।

সি কথা কয়

আলফুলিয়া কোমল মনৰ

আৰু সঁচা প্ৰেমৰ।

মোৰ মনত আছে

আজিয়েই সেইটো দিন

য'ত নিহিত হৈ আছে

পণ্ডিত জোৱাৰ লাল নেহৰুৰ

হেপাহৰ, সপোনৰ দিন

১৪ নৱেম্বৰৰ শিশু দিৱস 


*************************



অবিনাশ দাস

অষ্টম শ্ৰেণী,

ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়।



অলংকৰণ :-  সুৰভি দাস

Post a Comment

0 Comments