header ads

জৱাহৰলাল | Assamese poem by Sewali Baishya


জৱাহৰলাল 

দুৰ্বাৰ শক্তি বুকুত তোমাৰ

সাহসৰ মূৰ্ত প্ৰতীক তুমি,

ভাৰতী আইৰ শান্তি প্ৰয়াসী

জৱাহৰলাল তুমি|

 

পিতৃ মতিলাল নেহৰু

মাতৃ স্বৰূপাৰাণী,

ভাৰতভূমিত জন্ম লভি

নতুন ভাৰত গঢ়িলা তুমি|

 

তোমাৰ হৃদয়-কাননত শোভে

স্বদেশ প্ৰেমৰ পুষ্প,

যাৰ সুগন্ধত ওফৰে

বৃটিছ শাসনৰ দুশ বছৰীয়া ৰাজত্ব|

 

বিশ্ব শান্তিৰ অগ্ৰদূত তুমি

শত শত ভৰতীয়ৰ বুকুত সিঁচিলা

জ্যোতিৰ ৰেঙনি,

ৰচিলা ভাৰতত এক মহামিলনৰ ৰংগভূমি

ভাৰতী আইৰ বীৰ পুৰুষ

জৱাহৰলাল তুমি|

 

দেশৰ শিশুসৱৰ বাবে

কৰিলা তুমি অহোপুৰুষাৰ্থ,

হ'লা তুমি শিশুসকলৰ

মৰমৰ নেহৰু খুড়া|

 

তোমাৰ স্মৃতিৰ অৰ্থে

প্ৰতিটো জন্মদিনত

পালন কৰোঁ,

শিশু দিৱসটি চৈধ্য নৱেম্বৰত

স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী

জৱাহৰলাল তুমি|


 ****************************

শেৱালি বৈশ্য

প্ৰধান শিক্ষয়িত্ৰী

শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্য়ালয়

হাজো শিক্ষাখণ্ড



অলংকৰণ :-  সুৰভি দাস

Post a Comment

0 Comments