header ads

শিশু দিৱস । Assamese Poem by Gurucharan Mazumdar

 ---শিশু দিৱস---


নেহৰু আছিল স্বাধীন ভাৰতৰ

প্ৰথম প্ৰধানমন্ত্ৰী,

ভাৰত মাতৃক সেৱা কৰিবলৈ

জ্বলালে এগচি চাকি ।


জৱাহৰলাল নেহৰুৰ জন্মদিন

চৈধ্য নৱেম্বৰত হয় ,

নিজৰ জন্মদিন শিশুসকলৰ নামত

পালন কৰিবলৈ কয় ।


শিশুৰ প্ৰতি আছিল নেহৰুজীৰ অসীম ভালপোৱা,

'নেহৰু খুৰা' নামটো তেওঁৰ

শিশুসকলে থোৱা ।


'পণ্ডিত' নামেৰেও নেহৰু খুৰা

আছিল জনাজাত,

বহু মূল্যৱান গ্ৰন্থ ৰচি

আজিও বিখ্যাত ।


প্ৰতি বছৰে আমি শিশু দিৱস

উদযাপন কৰোঁ,

নেহৰু খুৰাৰ বৰ্ণময় জীৱন

শ্ৰদ্ধাৰে সোৱৰোঁ ।

******

গুৰুচৰণ মজুমদাৰ 

লেখকৰ ঠিকনা:

গুৰুচৰণ মজুমদাৰ ।

প্ৰধান শিক্ষক,

চাপাঠুৰী নিম্ন প্ৰাথমিক বিদ্যালয় ।

শিক্ষাখণ্ড : ৰামপুৰ, কামৰূপ । 

Post a Comment

0 Comments