নেহৰু খুড়া
দুৰ্বাৰ আশা আৰু সাহসৰ প্ৰতিমূৰ্তি
মোৰ চকুত জগত ঈশ্বৰ,
মানৱতাৰ সম্ৰাট শান্তি-পিয়াসী
তুমি সমগ্ৰ বিশ্বৰ।
প্ৰকৃতিপ্ৰেমীও আছিলা তুমি
ভাল পাইছিলা গোলাপ ফুল,
প্ৰত্যেক শিশুকে আপোন কৰিছিলা
নিবিচাৰি জাতিকুল।
অন্তৰখন আছিল তোমাৰ বৰ বিশাল..
সোণালী পখিলা খেদা
প্ৰতিটো শিশুৰ আটাইতকৈ মৰমৰ
তুমিয়ে নেহৰু খুড়া।
পৰাধীনতাৰ জেওৰাখন আঁতৰাইছিলা
স্বাধীনতাৰ জয়গান গাই,
দেশমাতৃৰ বাবে মৰণ-পণ কৰিছিলা
বহুতো দুখ-কষ্ট খাই ।
গোটেই বিশ্বতে বিলাই মানৱতাৰ বাণী
কৰিছিলা বহুতো সৎ কাম,
স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈ
ৰাখিছিলা দেশৰ মান।
সকলো শিশুৰ অন্তৰত তুমি যেনেদৰে আছিলা
মৰমৰ নিজৰা বোৱাই,
মোৰো অন্তৰত সদায় তেনেদৰেই থাকিবা
এজোপা গোলাপ ফুল হৈ ।।
*************
শ্ৰী চিন্তুমনি দাস
শ্ৰেণীঃ দশম
মধ্য পাণ্ডুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়,
জামতোলা
অলংকৰণ :- সংগীতা কাকতি
0 Comments