header ads

অপ্ৰত্যাশিত | Assamese Limarick by Mamani Kalita


অপ্ৰত্যাশিত

লিমাৰিক

১/

পোৰবন্দৰ গুজৰাটৰ ১৮৬৯,২অক্টোবৰ

মহৎ প্ৰাণে আবিৰ্ভাৱ    হ'লে ত্ৰাণকৰ্তা হৈ শোষণৰ।

দেশ বচালে জাতি বচালে

স্বৈৰচাৰিত্ব কাঢ়ি আনিলে

ওকালতি কৰি চতুৰ ইংৰাজক দিলে প্ৰত্যুত্তৰ।।

 

২/

দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য অত্যাচাৰ আৰু ত্ৰাস

ভয় ভীতত সন্ত্ৰস্ত জনতা চাপিলে গান্ধীৰ কাষ।

১৯১৫ত ভাৰতলৈ আহিল

মাতৃৰ মৃত্যুত শোকত কাহিল

অহিংস আন্দোলন আমৰণ অনশন বৃটিছে মানিলে বাঃ বাঃ।।

৩/

মাতৃ পুতুলী পত্নী কস্তুৰী আৰু পিতৃ কৰমচান্দ

জনতাৰ সতে মিলি পাতিলে বৃটিছ খেদাৰ ফান্দ।

১৯২০ত কংগ্ৰেছৰ নেতা

দায়িত্বত নামিল জাতিৰ পিতা

উচ্ছেদি বৃটিছৰ লুণ্ঠন দেশবাসীৰ মুখত বিৰিঙালে আনন্দ। 

 

৪/

নিজ হাতে সূতা কাটি বোৱা বস্ত্ৰ পোন্ধ মাৰি লৈ

বিদেশী বস্তু বৰ্জন কৰি লোণ আইন আগত থৈ।

১৯৪৭ৰ,১৫আগষ্ট

ভাৰত ত্যাগ আন্দোলন স্পষ্ট

স্বাধীনতা আজুৰিলে সত্যাগ্ৰহ ,অহিংস নীতিৰ কথা কৈ  কৈ ।।

 

৫/

বাপু গ'ল গৈ ,দেশ ৰাখি থৈ, ইতিহাসে সাক্ষী হ'ল

শ্বহীদ সকলে দেশক পুঁজিলে বৃটিছ ঘৰলৈ গ'ল।

১৯৪৮ৰ৩০জানুৱাৰীত

বিৰলা ভৱনৰ সভাস্থলীত

নাথুৰাম গডছে গুলিয়াই মানিলে ককৰ্থনাৰে ভৰি ৰ'ল।।

 

৬/

ইমাননো কৰি কি পালা তুমি, আমিচোন শোষণৰ আজিও অধীন

আজি সকলোতে হিংসা,সন্ত্ৰাস,অণু পৰমাণুৰ দিন।

যিফালে চাওঁ,সিফালে সংশয়

দয়া মায়া হীন সভ্যতাৰ জয়

অসভ্য শ্ৰেণীয়ে জ্ঞান শূণ্য হৈ নাৰীক কৰিছে পণ্যত বিলীন।।

 

৭/

 

অহিংসাৰে ভৰা মানৱ শৃংখল

অশান্তি আকালেৰে সমাজ জৰ্জৰ।

বাপু আজি নাই

কি হ'ব বিলাই

জীৱশ্ৰেষ্ঠ মানুহৰ ব্যৱহাৰ বৰ্বৰ।।

 

৮/বঙহেই বঙহক ধাহি ধুহি খায়

দয়া মায়াইও লৈছে বিদায়।

স্বাৰ্থত অন্ধ

জীৱন পণ্ড

সম্পত্তিয়েহে যেন সকলোৰে ঘাই।।

৯/

বাপু নাই নাই,জ্ঞানো পুৰি হ'ল ছাই

হত্যা ,ধৰ্ষণে হৃদয় জোকাৰি যায়।

নিচিনে ভনী

হয় আত্ৰানি

চিৰাচিৰ সপোনে কলিতে মাগে বিদায়।।

 

১০/

পৃথিৱী নামৰ গ্ৰহ আশা দেখিছোঁ ক্ষীণ

যদিহে মানুহৰ নৈতিক জ্ঞান নাথাকে, হ'ব জন্তুত লীন।

মূল্যবোধৰ অৱক্ষয়

সৰল জনতা বলী হয়

স্বাধীনতাই স্পৰ্শ কৰা নাই আজিও আমি নিঃস্ব পৰাধীন।।

 

 ******************************

মামণি কলিতা,

বেৰী গাঁৱ প্ৰাথমিক বিদ্যালয় ।

ৰাণী খণ্ড ,

কামৰূপ,অসম।

৬০০০৭৮৫১৪১


অলংকৰণ :- সুকন্যা ভৰদ্বাজ

Post a Comment

0 Comments