আখৰা
এটি
উৎসৱৰ প্ৰস্তুতি ।
সংবেদনশীল
আৰু প্ৰগতিবাদী
প্ৰতিজনে
অংশগ্ৰহণ কৰিব ইয়াত।
উৎফুল্লিত
প্ৰতিজন,
অগ্ৰসৰ
হ'ব প্ৰতিজনে
নজনাৰপৰা
জনাৰ প্ৰক্ৰিয়াত
বিকশিত
হৈ কোমল কলিবোৰে
পূৰ্ণতা
পাব জ্ঞানৰ আভাৰে।
প্ৰতিফলিত
হ'ব তাত
আমাৰ
কাৰ্যবোৰ,
পৰিলক্ষিত
হ'ব কৰণীয়বোৰ....
শিশুবোৰৰ
মাজত
নাচি
উদ্বাউল হ'ব আনন্দৰ জোৱাৰ ।
ভাঁহি
উঠিব দুচকুত সিহঁতৰ
প্ৰগতিৰ
সোপান...
আহকচোন,
সপোন
দেখিব দিওঁ সিহঁতক
মুক্তমনেৰে......
আৰু
বাস্তৱৰ ৰং চটিয়াও তাত।
আপুনি,
মই আমিবোৰে.....
শিক্ষক
বুলি যে পৰিচয়
সমাজত
আমাৰ,
উৎসাহ,
প্ৰেৰণা যোগাই যাম সিহঁতক
সদায়
আগুৱাই যোৱাৰ.....
ছিঙি
পেলাই অবিশ্বাসৰ শিকলি,
ভাঙি
পেলাই বাধাৰ প্ৰাচীৰ।
আহক,
আমি আগুৱাই যাওঁ
চলাওঁ
প্ৰস্তুতি সকলোৱে
অজ্ঞতাৰূপী
অসুৰৰ!!!
----------+++---------
কন্যাকুমাৰী দাস
সহ: শিক্ষয়িত্ৰী
৪২৯ নং আল্টা প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড:- কমলপুৰ।
অলংকৰণ :-
সুৰভি দাস
0 Comments