header ads

শৰতলৈ আহ্বান | Assamese poem by Medinimohan Patowary

শৰতলৈ আহ্বান

         

শৰৎ , তুমি আহিবানে ? 

পদূলি গধুৰ কৰি ৰৈ আছে শেৱালিজোপাই

নহ'লে যে শেৱালিয়ে আমোলমোল সুবাস নিবিলায়.. 

শৰৎ, আহিবানে তুমি 

সেউজী দুৱৰিডৰাত নিয়ৰৰ মুকুতামণিৰে মালা গাঁঠিবলৈ? 


শৰৎ , আঁহা__ 

আহি তুমি সোণোৱালী কোমল মিঠা

ৰ'দকাঁচলিৰ আমেজ লোৱা


আঁহা, শৰৎ

তুমি আহি ৰুষ্ট প্ৰকৃতিৰ অহংকাৰী বৰ্ষাৰ

দৰ্পচূৰ্ণ কৰি শীতল পৰশ বিলোৱা।


কোৱা শৰৎ, আহিবানে তুমি ? 

শুকুলা মেঘৰ আঁৰত লুকাভাকু খেলি থকা

সেমেকা শীতল জোনাকত বহি

সুৰৰ মূৰ্চ্ছনা বিলাবলৈ

আহা শৰৎ , আঁহা ।

************************************ 



মেদিনীমোহন পাটোৱাৰী,

প্ৰধান শিক্ষক,

ছৈকাটা প্ৰাথমিক বিদ্যালয়।



অলংকৰণ :- তন্দ্রা দে



Post a Comment

0 Comments