শিশু দিৱস
১৪ নৱেম্বৰ
১৮৮৯ বৰ্ষত
পৱিত্র স্থান এলাহাবাদ,
স্বৰূপাৰাণীৰ
গৰ্ভে জন্মি জৱাহৰলাল
মতিলালৰ গুচালে অৱসাদ।
খেলা-ধূলা
নাচ-গানৰ মাজেৰে
পাঠ্যপুথি উলিয়াই লয়,
উচ্চ শিক্ষা
লাভৰ বাবে
বিলাতলৈ যায়।
এটি-দুটি কৰি
দিন, মাহ বাগৰি
অনেক বছৰ পাৰ হৈ যায়,
স্বাধীন ভাৰতৰ
প্ৰধানমন্ত্ৰী
তেওঁৱেই প্রথম হয়।
মৰম স্নেহ
কৰি শিশুসকলক
কোলাত তুলি লয়,
আদৰতে নেহৰুক
শিশুসকলে
নেহৰু খুড়া কয়।
আলোচনাৰ মাজেৰে
ভাৰত চৰকাৰে
সিদ্ধান্ত লয়,
১৪ নৱেম্বৰ
দিনটো, শিশু দিৱস হিচাবে
পালন কৰা হয়।
শিশু-সমাৰোহত,
অংশ গ্ৰহণ কৰি
বৰ আনন্দ পাওঁ,
বঁটা গ্রহণেৰে,
বিদ্যালয়লৈ
গৌৰৱ কঢ়িয়াওঁ।
শিশু দিৱসৰ দিনা
বিদ্যালয়লৈ আহি
সকলোৱে সমবেত হৈ,
শ্ৰদ্ধা
জনাওঁ নেহৰুৰ
প্রতিচ্ছবিত
ধূপ, দীপ, পুষ্প লৈ।
মৃগেন্দ্ৰ কলিতা
প্রধান শিক্ষক
খিদিৰপুখুৰী কৈৱৰ্ওপাৰা
প্ৰাথমিক বিদ্যালয়
শিক্ষা-খণ্ড:- ৰামপুৰ
অলংকৰণ :- সুৰভি দাস
1 Comments
PORHI VAL LAGISE.
ReplyDelete