header ads

নিয়ৰ | Assamese poem by Pranita Das


নিয়ৰ 

চোৱাচোন অ' মা

তিৰবিৰ কৰি,

দূৱৰি বনত জ্বলে

মুকুতাৰ মণি।

 

এটি দুটিকৈ মা

আনোঁচোন বুটলি,

গাঁথি দিয়া মালাধাৰি

মোৰ বাবে তুমি।

 

ভণ্টীয়ে হাত মেলি

লিৰিকি বিদাৰি চাই

দেখে যে, হঠাতে হেৰাল মণি

ক'তো দেখোন নাই।

 

মায়ে ক'লে, ''মাইনা অ',

সেয়া নিয়ৰৰ মণি,

পুৱাৰ পোহৰত জ্বলে...

তিৰবিৰ কৰি।।

 

 ****************************


প্ৰণীতা দাস

ষষ্ঠ শ্রেণী

তাতিবামা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়, 

ৰাণী শিক্ষাখণ্ড।


অলংকৰণ :- পল্লবী পাঠক



Post a Comment

0 Comments