আমি কেনেদৰে শিশু দিৱস পালন কৰিছিলোঁ
আজিৰ পৰা প্ৰায় ২০ বছৰ আগৰ কথা, তেতিয়া মই প্ৰথম নে দ্বিতীয় শ্ৰেণীত পঢ়োঁ। সেইদিনা ১৪ নৱেম্বৰ, ৰাতিপুৱাই ৰেডিঅ'ত শুনিলোঁ শিশু দিৱস বুলি। চকুদুটা মোহাৰি আহি দেউতাক সুধিলোঁ শিশু দিৱস নো কি? দেউতাই শিশু দিৱস সম্পৰ্কে সুন্দৰকৈ বুজাই দিলে। নেহৰু খুড়া অথবা জৱাহৰলাল দেৱৰ জীৱন ৰাজিৰ সম্যক জ্ঞানে আৰু শিশুৰ প্ৰতি থকা তেওঁৰ মৰমে ভাবিবলৈ বাধ্য কৰিলে যে মানুহে স্বাৰ্থহীন ভাবে কেনেদৰে আনক মৰম বিলাব পাৰে! কথাখিনি ভাবি থাকোঁতে বিদ্যালয়লৈ যোৱাৰ সময় হ'ল। লৰালৰিকৈ বিদ্যালয়লৈ গলোঁ। গৈ দেখোঁ কিবা আয়োজন চলিছে। লগৰজনীৰ পৰা গ'ম পালোঁ, শিশু দিৱস উপলক্ষে স্কুলত অনুষ্টুপীয়াকৈ অনুষ্ঠান এটি পাতিছে। শেষত বুট আৰু চকলেট বিতৰণ, শুনি ভালেই লাগিল। অনুষ্ঠান আৰম্ভ হ'ল। শিক্ষাগুৰুসকলে আমাক উদ্দেশ্যি কিছু কথা ব্যক্ত কৰিলে। ভৱিষ্যতে আগবাঢ়ি যাবলৈ আশীৰ্বাদ দিলে। ভাষণ দিয়াৰ পাল, এইবাৰ শিশুসকলৰ, মানে আমাৰ। মই চুচুক চামাককৈ উঠি গলোঁ। ৰাতিপুৱাই দেউতাই কোৱা কথাখিনিয়ে সুন্দৰকৈ বৰ্ণনা কৰিলোঁ। লগে লগে হাত চাপৰি বাজিল। মনত যে কিমান স্ফূৰ্তি। মনৰ ভিতৰতে দেউতাক ধন্যবাদ জনালোঁ। তাৰ পিছত লগৰবোৰেও নৃত্য, গীত, কবিতা আবৃত্তি আদি কৰি দেখুৱালে। অলপ সময়ৰ বাবে এক উৎসৱমুখৰ পৰিৱেশ। এনেদৰে শেষত চকলেট খাই ঘৰলৈ উভতিলোঁ আৰু বুট খিনি মাৰ লগত খাম বুলি ঘৰলৈ আনিলোঁ।
*************************
নাম- মানসী কুমাৰী
বিদ্যালয়ৰ নাম- চমৰীয়া পাম মোক্তাব প্ৰাথমিক বিদ্যালয়
পদবী- সহকাৰী শিক্ষক
শিক্ষাখণ্ড- চমৰীয়া
অলংকৰণ :- মনবীনী দাস
0 Comments