শিশু
মৰমৰ. তৃপ্তি ,
কুশল -মঙ্গল কামনা কৰিলোঁ ।
যোৱাকালি গম পালোঁ তুমি চাকৰিত যোগদান
কৰা বুলি ।ইফালে তুমি মা হ'ব ওলাইছা।তোমাৰ কেইবাটাও ভাল খবৰে আমাক আনন্দিত কৰিছে ।
যিহেতু তুমি শিশুৰ লগতে জড়িত থাকিবা, শিশুৰ মনৰ বিষয়ে মই কৰ্মজীৱনত পোৱা বৰ্ণিল
অভিজ্ঞতা জনোৱাৰ প্ৰয়াস কৰিলোঁ ।
যাব নোৱাৰি লিখি পঠিয়ালোঁ।ব্যস্ততাৰ
মাজতো সময় উলিয়াই পঢ়িবা।
‘৬বছৰৰ পৰা
১৪বছৰলৈ বিনামূলীয়া শিক্ষা ‘এই বাক্যশাৰীৰ অন্তৰ্নিহিত কথাষাৰ হৃদয়ঙ্গম কৰাৰ
চেষ্টা কৰিবা ।
সকলো সাধাৰণ শিশুৱে জন্ম হৈ কান্দে
।পৰিৱেশ, পৰিস্থিতিৰ লগত খাপ খাই লাহে লাহে ডাঙৰ হৈ সময়ত এগৰাকী নাগৰিক হিচাপে
পৰিচিত হয়।শিশুৱে শিক্ষাগ্ৰহণ কৰিব পোৱাটো জন্মস্বত্ব অধিকাৰ ।
যিসকল পিতৃ-মাতৃৰ সন্তান সৰহ,অভাৱ অসীম,
এমুঠি অন্নৰ বাবে হাহাকাৰ তেওঁলোকে বুজিব নোৱাৰে শিক্ষাৰ মোল।তেওঁলোকে সন্তান ডাঙৰ
কৰে সংস্হাপনৰ কাৰণে,যাতে পিতৃ-মাতৃৰ অভাৱ অনাটনৰ বোজা কমাব পাৰে! এই সমস্যা
সমাধানৰ বাবে পৰিয়াল পৰিকল্পনা লগতে বৃত্তিমুখী শিক্ষাৰ খুবেই প্ৰয়োজন ।অশিক্ষিত
অভিভাৱকৰ আৰ্থসামাজিক দিশো দুৰ্বল ।তেনে পৰিয়ালত উচ্চ শিক্ষিত সন্তান এপাচি শাকত
এটা জলকীয়া।
কন্যা সন্তানৰ ক্ষেত্ৰত এজনী ছোৱালীক এজন
পাত্ৰক গতাব পাৰিলে অভিভাৱকৰ দায়িত্ব শেষ।
শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে
শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক আৰু সমাজৰ দায়িত্ব অপৰিসীম ।আৰ্থিকভাৱে দুৰ্বল,
অশিক্ষিত অভিভাৱকে শিক্ষকৰ ওপৰতে সকলো এৰি দিয়ে ।ছাত্ৰ-ছাত্ৰীয়ে স্কুলৰপৰা ঘৰলৈ গৈ
যি কয়,তাকে অভিভাৱকসকলে সঁচা বুলি ভাবে । অভিভাৱক সকলে শিক্ষক-শিক্ষয়িত্ৰীৰ লগত
ছাত্ৰ ছাত্ৰীৰ সমস্যা আলোচনা কৰিবলৈ টান পায় ।কমসংখ্যক অভিভাৱকে
শিক্ষক-শিক্ষয়িত্ৰীৰ লগত যোগাযোগ ৰাখে ।এনে ক্ষেত্ৰত স্হানীয় শিক্ষিত ব্যক্তিয়ে
ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে বলিষ্ঠ ভূমিকা ল'ব পাৰে ।
মোৰ কথা খিনি পিছলৈ কামত আহিব বুলি আশা
ৰাখি ধৈৰ্য নেহেৰুৱাই পঢ়িবা , সেই আশাৰে মই লিখি আছোঁ ।
আমাৰ ডাঙৰসকলৰ যি স্বাধীনতা আছে শিশুৰো
আছে ।শিশুক প্ৰকৃতিৰ বুকুত মুক্ত বিচৰণ কৰিব দিব লাগে ।শিক্ষক-শিক্ষয়িত্ৰী আৰু
অভিভাৱক ‘গাইড’ হিচাপে থাকিব লাগে ।কঠোৰ হাতেৰে দমন কৰিবলৈ বিচাৰিলে
লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘মুক্তি' গল্পৰ লেখীয়া কাহিনী হ'ব।
শিশুৰ শিক্ষাৰ ক্ষেত্ৰত শিশুৰ মন অধ্যয়ন
কৰাটো শিক্ষকৰ দায়িত্ব ।মন মাৰি থকা,অস্বাভাৱিকভাৱে ফূৰ্ত্তিত থকা , এই অস্বাভাৱিক
কথাবোৰৰ কাৰণত গুৰুত্ব দিব লাগে।কেতিয়াবা কাৰোবাৰদ্বাৰা শাৰীৰিক আৰু মানসিকভাৱে
নিৰ্যাতন পালে অস্বাভাৱিক আচৰণ কৰিব পাৰে । প্ৰয়োজনসাপেক্ষে শিক্ষক-শিক্ষয়িত্ৰী
ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈয়ো খবৰ লব লাগে ।শিশুৰ আগ্ৰহ, অভাৱৰ ওপৰত গুৰুত্ব দিব লাগে
।শিশুক শাৰীৰিক আৰু মানসিক ভাৱে আঘাত কৰাৰপৰা বিৰত থাকিব লাগে ।সমস্যাবোৰ বুজিব
লাগে ।পিতৃ-মাতৃয়ে যেনেদৰে নিজৰ সন্তানক সময় দিব লাগে,তেনেদৰে
শিক্ষক-শিক্ষয়িত্ৰীয়েও ছাত্ৰ-ছাত্ৰীক সময় দিব লাগে ।সাধাৰণতে বহু পিতৃ-মাতৃয়ে
সন্তানক স্কুলত নাম লগাই দিয়াৰ পাছত সন্তানৰ ভবিষ্যত গঢ়ি দিয়াৰ দায়িত্ব
শিক্ষক-শিক্ষয়িত্ৰীৰ বুলি ভাবে ।গতিকে এনে পৰিস্থিতিত শিক্ষকৰ দায়িত্ব কিমান
অপৰিসীম ভাবি চোৱা!
আজিৰ ছাত্ৰ কালিলৈ দেশৰ ভবিষ্যত নাগৰিক
।গতিকে ছাত্ৰ ছাত্ৰী সকলক সু নাগৰিক হিচাপে গঢ়ি তোলাত শিক্ষকসমাজৰ গুৰুত্বপূৰ্ণ
ভূমিকা আছে ।
চেকনিৰ আগত বিদ্যাৰ দিন আৰু নাই।চেকনিৰ
ভয়ত বহু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা আধৰুৱা কৈ বিদ্যালয় এৰা, শিক্ষকৰ প্ৰতি ভয়ভাৱ
মনৰপৰা নুগুচাৰো উদাহৰণ আছে ।
নিজৰ বৃত্তিত দক্ষতা লাভ কৰিবলৈ বিভিন্ন
প্ৰশিক্ষণ, কৰ্মশালাত যোগদান কৰিবা ।
শেষত ছাত্ৰ ছাত্ৰীৰ লগত যোগাযোগ ৰাখোঁতে
বিখ্যাত মনীষী এগৰাকীৰ সোণসেৰীয়া কথাষাৰ মনত ৰাখিবা “শিক্ষক এগৰাকী মালীৰ দৰে “।
তোমাৰ পৰিয়ালৰ শ্ৰীবৃদ্ধি কামনাৰে আজিলৈ
এৰিছোঁ।
নীৰা তালুকদাৰ
অধীক্ষক
নগাঁও চাৰিআলি হাইমাদ্ৰাছা
৯৮৫৪৯১১৪৭৫
অলংকৰণ :- পল্লবী পাঠক
0 Comments