তোৰে-মোৰে আলোকৰে যাত্ৰা
“তোৰে-মোৰে আলোকৰে যাত্ৰা; অব্যৰ্থ... অব্যৰ্থ,
আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ...।”
প্ৰথমে লাজ লাজকৈ মাইক্ৰ’ফ’নটো হাতত লৈ কোকিলে চোন বৰ সুন্দৰকৈয়েই জ্যোতি
সংগীতটো গালে। আছে; সুৰ শব্দোচ্চাৰণত জঠৰতা আছে, তথাপিও ভালেই গালে। বিশিষ্ট
অতিথিৰ আসনৰ পৰাই মধুসূদন দত্তই গীতটো উপভোগ কৰিলে। তেওঁ ভালকৈ নাজানে সি ক’ত, কেনেকৈ শিকিলে! অৱশ্যে পৰিবাৰ আৰতিয়ে মাজে-সময়ে পুৰণি গীতবোৰ গুণগুণাই
থাকে বুলি তেওঁ জানে। হয়তো সি তেওঁৰপৰাই শিকিব পাৰে! ঘোষিকাগৰাকীয়ে তাৰ গীতক
প্ৰশংসাও কৰিলে। মনটো তেওঁৰ অজানিতে ভাল লাগি গ’ল। ঘৰত আজি কথাটো
উলিয়াব লাগিব– মনতে ভাবিলে তেওঁ।
মধুসূদন দত্তৰ ঘৰৰ ওচৰতে থকা ‘মিলন জ্যোতি সংঘ’ই বিভিন্ন দিৱসৰ সৈতে ৰজিতা খুৱাই অনুষ্ঠানাদি
অনুষ্ঠিত কৰি আহিছে। ছেগা-ছোৰাকাকে হ’লেও তেৱোঁ এনে
অনুষ্ঠানবিলাকত সহযোগিতা আগ নবঢ়োৱাকৈ থকা নাই। বয়স বঢ়াৰ লগে লগে অৱশ্যে এইবিলাকত
অলপ ৰাপ কমিছিল। আজিৰ কথাটো অলপ সুকীয়া। আজি ‘শিশু দিৱস’ উপলক্ষে সংঘই অঞ্চলটোৰ শিশু-চেমনীয়াহঁতক লৈ বিভিন্ন গীতমাত,কবিতা আবৃত্তি,
চিত্ৰাংকন আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে মৌ-মেল এখনো আয়োজন কৰিছে। সেয়ে
সংঘৰ বাকৰিৰ ল’ৰা-ছোৱালীৰ কল-কলনিৰে মুখৰ হৈ আছে। দত্তকো এইবাৰ সংঘৰ
ডেকা বিষয়া-ববীয়াসকলে বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনিছে। আহিবৰ পৰত
কোকিলকো ‘যাবি নেকি·’ বুলি লগ ধৰাত সিও
একেষাৰে ‘যাম’ বুলি কৈ গা-পা ধুই ধুনীয়াকৈ সাজি-কাচি ওলালে। ইয়াত
আহি ল’ৰাহঁতৰ লগতে শাৰী পুৰাই বহি মৌ-মেলত গীতটোও গালে।
অৱসৰৰ পাছত এইবাৰেই এনেকৈ ৰাজহুৱা সভাত সম্বৰ্দ্ধিত হৈ তেওঁ পুলকিত হৈ পৰিল।
শিশুহঁতৰ বিভিন্ন কাৰ্যসূচীও তেওঁ বাৰু কৈয়ে উপভোগ কৰিলে;গীত কবিতাৰ পৰা
চিত্ৰাংকনলৈ। বিশেষকৈ কোকিলে যে ইয়ালৈ আহি ইমান আনন্দ পাব, তেওঁ ভাবিবই পৰা নাছিল।
হয়, সি তেওঁলোকৰ ঘৰলৈ অহা আজি প্ৰায়
পাঁচ মাহমানেই হ’ল। বেংকৰ লেঠা এটা মাৰিবলৈ তেওঁ সেইদিনা টাউনলৈ
যাবলগীয়া হৈছিল। গাড়ীখন চলাবলৈ ড্ৰাইভাৰ নাপাই বাছতেই গৈছিল বাবে ঘূৰি অহাৰ পথত
বাছষ্টপত ৰৈ থাকোঁতে প্ৰায় সাত-আঠ বছৰীয়া ল’ৰা এটাই ভোকত কান্দি
কান্দি তেওঁৰ কাষত খোৱা-বস্তু বিচাৰি হাত পাতিলে। লগত তেওঁৰ ঘৰুৱা বজাৰৰ বেগটো
আছিলেই। তাৰপৰাই খুচৰি ঘৰলৈ বুলি অনা বিস্কুট এপেকেট আগবঢ়াই দিলে। কৌতুহলবশতঃ তাৰ
লগত দুআষাৰ কথাও পাতিলে। কথাখিনিৰ সাৰমৰ্ম হ’ল– তাৰ মাক কিবা বেমাৰত ঢুকাল। দাদাকটোৱে সিহঁতৰ গাঁৱৰে গাঁওবুঢ়াৰ ঘৰত কাম কৰে
আৰু তাতে থাকে। দেউতাকে এদিন তাক ৰে’লত উঠাই এই টাউনলৈ
আনিছিল। ষ্টেচনৰ বেঞ্চত বহুৱাই থৈ তালৈ কিবা খোৱা-বস্তু আনিবলৈ বুলি দেউতাক আঁতৰি
গৈছিল। কিন্তু এতিয়ালৈকে আহিয়েই নাপালে। সিও ইঠাই-সিঠাইত দেউতাকক বিচাৰি বিচাৰি
আজিলৈকে ঘূৰিয়েই ফুৰিছে। মানুহৰ সমাগম হোৱা ঠাইত দেউতাকক পায় নেকি, সেই বুলিয়েই
আজি এইখিনি পাইছেহি। কোনোবাই কিবা দিলে খায়, য’তে ৰাতি হয় তাতে থাকে। ‘দেহি ঐ’ ল’ৰাটোৰ অৱস্থাটো দেখি তেওঁৰ দুখ লাগিল। নিষ্ঠুৰ
বাপেকটোৰ প্ৰতি তেওঁ ক্ষোভ উজাৰিলে। ক্ষন্তেক কিবা এটা ভাবি তেওঁ ক’লে– "ব’ল মোৰ লগতে, আমাৰ ফালে
পাই যাবও পাৰ, তোৰ দেউতাৰক"– বুলি বাছত তুলি তেওঁ তাক লগতে লৈ আহিল।
ঘৰত আহি পৰিবাৰক সকলো ভাঙি-পাতি ক’লে। তেওঁ বৰ ব্যথিত হ’ল ল’ৰাটোৰ কংকালহেন চেহেৰা আৰু লেতেৰা-পেতেৰা অৱস্থাটো
দেখি। ততাতৈয়াকৈ তেওঁ তাক বাথৰুমলৈ নি চাবোনেৰে গা-পা ধুৱাই মানুহহেন কৰিলে।
পাছদিনাই তাৰ লাগতিয়াল কানি-কাপোৰ, তেল-ক্ৰীম আদি কিনি আনি তাক বৰ আদৰ সাদৰ কৈ
ৰাখিলে। দুয়ো বৰ মৰমেৰে কথাবোৰ বুজালে– লাহে লাহে দেউতাকক
নিবিচৰা হ’ল। তেওঁলোকক ককা-আইতা বুলি সম্বোধন কৰিবলৈ শিকালে।
নতুন নাম এটাও দিলে তাক ‘কোকিল’। দত্ত-দত্তনীৰ ঘৰখনো
যেন এতিয়া পোহৰ পোহৰ হ’ল– জীৱনৰ বিয়লি বেলাত লগ এটা হ’ল। পো-বোৱাৰীয়ে বিদেশত চাকৰি কৰি তাতে নিগাজীকৈ থাকিবলৈ লোৱাৰেপৰা ডাঙৰকৈ সজা
ঘৰটোৱে তেওঁলোকক গিলি খোৱা যেন লাগে। ঘৰখনত হো-হো নীৰৱতা। মাজে মাজে অৱশ্যে
নাতি-নাতিনীয়ে ফোনতে হাই- হেল্ল’কৈ 'গ্ৰেণ্ডপা-গ্ৰেণ্ডমা'ৰ লগত দুই-চাৰিষাৰ কথা পাতে।
পিছে সেইকণে ককাক-আইতাকৰ মন শাঁত পেলাব নোৱাৰে। কৃত্ৰিম-যান্ত্ৰিক, আন্তৰিকতাহীন।
চকুৰ আঁতৰ মানেই যেন মনৰো আঁতৰ। এতিয়া এই কেও কিছুহীন ল’ৰাটো তেওঁলোকৰ বৰ আপোন হৈ পৰিল। দুই-এটা কামত সহায় কৰিও দিব পৰা হৈছে। দত্তই
পুৱা-গধূলি তাক লিখা-পঢ়াৰ অভ্যাস এটাও গঢ়ি তুলিছে। কিতাপ-বহী-কলম লৈ সিও আগ্ৰহেৰে
পঢ়াৰ কামটোত মনোযোগ দিছে। নতুন শিক্ষাবৰ্ষ আৰম্ভ হ’লে তেওঁলোকে তাক ওচৰৰে
বিদ্যালয়খনত নামভৰ্তি কৰাই দিবলৈ সিদ্ধান্ত লৈছে।
হঠাতে ল’ৰা-ছোৱালীবোৰৰ হুলস্থূল বাঢ়ি অহাত তেওঁ সন্বিৎ ঘূৰাই পালে। তাৰ মানে সভা ভংগ
হ’ল। এহ্ ! অত’পৰে তেওঁ কোকিলৰ
তেওঁলোকৰ ঘৰলৈ আগমনৰ কাহিনী ৰোমন্থনতে মগ্ন হৈ আছিল। সিও আহি তেওঁৰ কাষতে ৰৈ হাতত
থকা ছবি অঁকা বহীখন আৰু ৰঙীন পেঞ্চিল এপেকেট দেখুৱাই ক’লে–
"এইয়া চোৱা, আজি গধূলি ছবি আঁকিম।" তেওঁৰ ওঁঠেৰেও নীৰৱ হাঁহি এটা বাগৰি
গ’ল। শিশু দিৱসৰ উপহাৰ !
ইতিমধ্যে সম্পাদকে আহি তেওঁক
চাহ-জলপানৰ আয়োজন কৰা ঠাইলৈ আগবঢ়াই নিলে, লগতে কোকিলো। কিবা এটা ভাল কৰ্ম কৰি পোৱা
সন্তোষ্টিখিনি পৰিবাৰৰ সৈতে ভগাই ল’বলৈ বুকুতে আলফুলে সামৰি থ’লে।
পূৰবী চুতীয়া
সহকাৰী শিক্ষয়িত্ৰী
নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল
ৰামপুৰ ব্লক, কামৰূপ জিলা
ম’বাইল : 9854667506
অলংকৰণ :- পল্লবী পাঠক
0 Comments