header ads

স্কুলৰ সেই দিনটো | Assamese Short Story by Tapan Kr Das



স্কুলৰ সেই দিনটো

সচৰাচৰ স্কুল বুলিলেই জ্বৰ উঠে যদিও আজি কিছু সোনকালেই স্কুললৈ বুলি ওলালোঁ । কৃষ্ণক আগতেই কৈ থৈছিলোঁ। সেয়েহে মই সিহঁতৰ ঘৰৰ সন্মুখ পোৱাৰ লগে লগে কৃষ্ণ ওলায়েই আহিল। তেনেকৈয়ে যাত্ৰাপথত সদায় নকৰিবলগীয়া কৰ্মবোৰ কৰি গৈ গৈ এসময়ত স্কুল পালোঁগৈ।


“কৃষ্ণাৰ্জ্জুন দেখোন আজি বৰ সোনকালে? ”


সেয়া প্ৰধান শিক্ষক মহোদয়।  যিমান পাৰো সিমান নম্ৰভাৱে মৃদু হাঁহি এটা মাৰি ছাৰক সম্ভাষণ জনালোঁ। যদিও মোৰ নাম অৰ্জুন নহয়, তথাপি কৃষ্ণ আৰু মোক একেলগে ছাৰ-বাইদেউসকলে তেনেকৈয়ে মাতে।  আমি স্কুলৰ আটাইতকৈ অঘাইটং ল’ৰা বুলিয়ে পৰিচিত।


আজি গান্ধী জয়ন্তী। সেয়েহে বিদ্যালয়ত এখন সভা অনুষ্ঠিত হ'ব আৰু সেই গতিকে আজি সকলো পাঠদান বাতিল কৰা হৈছে। কিন্তু আজি মহাত্মা গান্ধীৰ জন্ম দিৱসেই নে মৃত্যু দিৱসেই সেয়া আমাৰ দুয়োজনৰ বাবেই এক গভীৰ সাঁথৰ।

সভা আৰম্ভ হোৱাত আমি দুয়ো ছাৰ বাইদেউহঁতৰ চকুত নপৰিবলৈ ডাঙৰ বকুল জোপাৰ পিছফালে বহিলোঁ। লগত কিন্তু সৰু সৰু শিলগুটি কিছু গোটাই আনিছোঁ। যিহেতু সভাখন গান্ধী জয়ন্তী উপলক্ষে আয়োজন কৰা হৈছে, গতিকে মহামানৱ মহাত্মা গান্ধীৰ জীৱন আৰু আদৰ্শৰ ওপৰতেই ছাৰ বাইদেউহঁতে নিজৰ ভাষণ ডাঙি ধৰিছে। ভাষণ যে ৰসাল হৈছে সেইখিনি বুজাৰ ক্ষমতা মোৰো আছে, যদিও অকণো গুৰুত্ব দিয়া নাই। কিয়নো সেইখিনি সময়ত মই আৰু কৃষ্ণ অন্য ছাত্ৰ ছাত্ৰীৰ মূৰত শিলগুটি দলিয়াই সিহঁতক জোকোৱাতেই ব্যস্ত।

সময়খিনি ভালদৰেই গৈ আছিল যদিও আমাৰেই দুৰ্ভাগ্য যে শিল এটা গৈ সৰু ছোৱালী এজনীৰ চকুত লাগিল আৰু ছোৱালীজনীয়ে কান্দিবলৈ  ধৰিলে। আমাৰ লগতে বহি থকা মানসে আমাৰ কুকৰ্মৰ কথা সকলোৰে আগত সদৰী কৰিলে। উৰহিৰ ওৰ ওলাল। লগে লগে মোৰ বুকু কঁপি উঠিল, কিয়নো ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ব বুজিবলৈ বাকী নাই। কিন্তু মানসৰ ওপৰত প্ৰতিশোধ লবলৈ মই আৰু কৃষ্ণই একলগে চিঞৰি উঠিলোঁ -

“আমাৰ লগত সিও আছিল, অ

 সিও আছিল আমাৰ লগত। "

আৰু ছাৰহঁতেও বৰ বেছি নাভাবি আমাৰ লগতে মানসকো মঞ্চৰ সন্মুখত কাণত ধৰি ঠিয় কৰাই থৈ দিলে। ‘উলুৰ লগত  বগৰী পোৰা যোৱা’ ফকৰা যোজনাটিৰ তাৎপৰ্য আজিহে ভালদৰে উপলব্ধি কৰিব পাৰিলোঁ। ভয়তে বুকু কঁপি আছিল যদিও আমাৰ লগত যে মানসো আহিবলগীয়া হ'ল তাতেই অলপ শান্তি লাভ কৰিলোঁ। 

আমি সৃষ্টি কৰা পৰিস্থিতিৰ কাৰণে কিছু সময়ৰ বাবে সভাখন স্থগিত হ’ল যদিও কিছুসময়ৰ পাছত আকৌ আৰম্ভ হ'ল। আগতে কেতিয়াও কোনো ভাষণ মন দি শুনা নাছিলো আৰু এনেকৈ সকলোৰে আগত কাণত ধৰিব লগাও হোৱা নাছিল। লাজ আৰু ভয়ত ৰঙা-চিঙা পৰি মূৰ তুলি চাবলৈ সাহস নহ'ল আৰু সেয়েহে হয়তো মনটো ছাৰৰ ভাষণৰ ফালে গ'ল। অৱশ্যে ভাষণ শুনাৰ বাহিৰে তেতিয়া বেলেগ কৰিবলৈও নাছিল। মন কৰিলোঁ যে সৰু ল'ৰা-ছোৱালীবোৰে আমাৰ ফালে ট ট কৈ চাই আছে।

“.....সদায় সঁচা কথা কব লাগে। আমি মিছা কথাৰে বেলেগক ঠগিব পাৰোঁ, নহয় জানো? কিন্তু কেতিয়াবা নিজেই নিজকে মিছা কথা কৈ ঠগি পাইছা জানো কোনোবাই ? .... আমাৰ সকলোৰে অন্তৰত এজনকৈ ৰখীয়া থাকে। আমি যেতিয়া কিবা বেয়া কাম কৰোঁ, কোনোবাক মিছা কথা কওঁ তেতিয়াই ৰখীয়াজন সাৰ পায় আৰু আমাক আমনি কৰাত লাগি যায়। ৰখীয়াজনে তেতিয়ালৈকে আমাক আমনি কৰি থাকে যেতিয়ালৈকে আমি স্বেচ্ছাই বা অনিচ্ছাকৃত ভাবে কৰা আমাৰ দোষ বা সঁচা কথাটো স্বীকাৰ নকৰোঁ। ভাবি চাবাচোন সকলোৱে। ছাত্ৰ-ছাত্ৰীসকল, শুনিছানে--------? "


এক মৃদু হাঁহিৰ ৰোল উঠিল। বুজিবলৈ বাকী নাথাকিল । 


এক অচিন আৰু গধুৰ অনুভৱেৰে বুকুখন ভৰি পৰিল। ছাৰৰ কথা খিনিয়ে বুকুত খুন্দিয়াবলৈ ধৰিছে। আগতে কথাবোৰ কোনোদিনেই এনেকৈ চিন্তা কৰা নাই। অনুশোচনাৰ জুই যে জ্বলিছে সেয়া সহজেই অনুমেয়। বাৰে বাৰে মানসৰ কথা মনলৈ আহিছে। নিজকে বহু ডাঙৰ অপৰাধী যেন লাগিল।

“ছাৰ! মই কিবা ক’ব খুজিছোঁ। ” 

ভাষণৰ মাজতে ছাৰৰ অনুমতি বিচৰাত সকলো আচৰিত হৈছে। ছাৰে হয়তো মোৰ চলচলীয়া হোৱা চকুজুৰি দেখি অনুমতি দিলে। ইয়াৰ পিছত মোৰ দোষ স্বীকাৰ কৰি মানস যে নিৰ্দোষী সেয়াও ব্যক্ত কৰিলোঁ। লগতে সকলো দোষৰ বাবে ক্ষমা বিচাৰি নিজকে পৰিৱৰ্তন কৰাৰ সংকল্প ললোঁ।


সেইদিনা বিদ্যালয় ছুটীৰ পিছত ছাৰে আমাক দুয়োজনকে মাতিলে।


“আজি গান্ধী জয়ন্তী। এই বিশেষ দিনটোত তোমালোকে যে সদ্ভাৱনাৰে  পৰিৱৰ্তনৰ সংকল্প লৈছা সেয়া অতিকৈ ভাল কথা। আমি ভাল হওঁ নে বেয়া হওঁ সেয়া আমাৰ হাততেই থাকে।গতিকে চেষ্টাৰ অসাধ্য একো নাই বোলা কথাষাৰো এবাৰ ভাবি চাবা ।

কাইলৈৰ পৰা ‘কৃষ্ণাৰ্জ্জুন’ক এক নতুন ৰূপত দেখা পাম বুলি  আশা কৰিলোঁ। ”

 ছাৰৰ কথাবোৰে বুকুত শেলে বিন্ধা দি বিন্ধি আছে। দুয়ো একো কথা নোকোৱাকৈ বিদ্যালয়ৰ জপনাত শুই থকা কুকুৰটোক বহু কষ্টেৰে আওকাণ কৰি ঘৰলৈ বুলি খোজ ললোঁ।


**************************************


তপন কুমাৰ দাস

শিক্ষক, 

তাতিবামা আঞ্চলিক উচ্চ  মাধ্যমিক বিদ্যালয়

ৰাণী শিক্ষাখণ্ড

Post a Comment

0 Comments