header ads

তত্বাৱধায়িকাৰ কলমেৰে | From the desk of Editor-in-charge

 তত্বাৱধায়িকাৰ কলমেৰে

               শিক্ষাই জ্ঞান,জ্ঞানেই শিক্ষা -ছক্ৰেটিছ

"শৈশৱত পোৱা শিক্ষা আৰু মূল্যবোধ, কলেজ বা বিশ্ববিদ্যালয়ত লাভ কৰা শিক্ষাতকৈ অধিক গুৰুত্বপূৰ্ণ ।" -- এ.পি .জে.আব্দুল কালাম ।

              তত্বাৱধায়িকাৰ কলমৰ আৰম্ভণিতে  অক্টোৱৰ আৰু নৱেম্বৰ মাহত জন্মগ্ৰহণ কৰা তিনিগৰাকী বিশ্ববৰেণ্য ব্যক্তি ক্ৰমে- স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী, আধুনিক ভাৰতৰ খনিকৰস্বৰূপ তথা আমাৰ সকলোৰে মৰমৰ খুড়া পণ্ডিত  জৱাহৰলাল নেহৰু, স্বাধীন ভাৰতৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী, শিক্ষাবিদ, সাংবাদিক,কবি তথা ভাৰতৰত্ন মৌলানা আবুল কালাম আজাদ আৰু  অহিংসাৰ পূজাৰী, ত্যাগ আৰু আদৰ্শৰ প্ৰতীক, জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী  এই মহান মনীষীসকলক শ্ৰদ্ধাৰে সুৱৰিছোঁ ।

কামৰূপ জিলাত বৈদ্যুতিন/ই -আলোচনীৰ আৰম্ভণি---------

          সময় পৰিৱৰ্তনশীল । সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানৱ সমাজৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াৰ লগতে শিক্ষা আৰু জ্ঞান আহৰণৰ  কৌশলো সলনি হয় । বিজ্ঞান, তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ উত্থানে সমাজৰ অভূতপূৰ্ব পৰিৱৰ্তনৰ সূচনা কৰিছে ।   

        বিশ্বব্যাপি সংক্ৰমিত হোৱা কোভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ঘোষণা কৰা তলাবন্ধ কাৰ্যসূচীৰ ফলস্বৰূপে সামাজিক ব্যৱধান বৃদ্ধি পাইছে আৰু মানৱসমাজ ডিজিটেল / বৈদ্যুতিন মাধ্যমৰ প্ৰয়োগৰ দিশে ধাৱিত হৈছে । বিদ্যালয়সমূহ বন্ধ থকাৰ বাবে ব্যাহত হোৱা শিকন-শিক্ষণ প্ৰক্ৰিয়া আৰু ছাত্ৰ-ছাত্ৰীৰ  শিকন-ঘাটি পূৰ কৰাৰ ক্ষেত্ৰত পাঠদান কাৰ্যত এক আমূল পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে । ফলত এই সময়ছোৱাত শৈক্ষিক ক্ষেত্ৰখনত বৈদ্যুতিন মাধ্যমৰ প্ৰয়োগ অৱশ্যম্ভাৱী হৈ পৰিছে ।

           এনে এক সংকটপূৰ্ণ পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হোৱা  উদ্বিগ্নতা  আৰু ঋণাত্মক চিন্তাধাৰাৰ প্ৰভাৱৰ মাজত এক শৈক্ষিক গোটৰ  ধনাত্মক চিন্তাৰ প্ৰতিফলন ঘটিছিল  আৰু তাৰ ফলশ্ৰূতিতে জন্মলাভ কৰিছিল এটি শৈক্ষিক গোটৰ, যাৰ নাম ৰখা হশৈক্ষিক গোট জ্ঞানম, কামৰূপ ।  

            শৈক্ষিক গোট জ্ঞানম,কামৰূপে  ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজৰ শৈক্ষিক, সৃজনী প্ৰতিভা আৰু বৌদ্ধিক বিকাশৰ উদ্দেশ্যে আৰু কিছু সৃষ্টিশীল চিন্তাৰে গ্ৰহণ কৰা সিদ্ধান্তমৰ্মে  'জ্ঞানম' দুমহীয়া ই- আলোচনীৰ প্ৰকাশ কৰাৰ ব্যৱস্থা লোৱা হয় আৰু যোৱা ৫ ছেপ্তেম্বৰ,২০২০ তাৰিখে সন্মানীয় কামৰূপ জিলাৰ উপায়ুক্ত শ্ৰীযুত কৈলাশ কাৰ্ত্তিক এন মহোদয়ে জ্ঞানমৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যাটোৰ শুভ উন্মোচন কৰে।

           জ্ঞানম এখন শৈক্ষিক আলোচনী। শিক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ গৱেষণাধৰ্মী লেখা তথা সৃষ্টিমূলক লেখা প্ৰকাশ কৰাৰ লগতে ভাষা- চৰ্চা,মননশীল পঢ়ুৱৈ, ভিন্নসুৰী লেখা  আৰু নতুন লেখকৰ সৃষ্টিত মনোনিৱেশ কৰাৰ প্ৰয়াসত জ্ঞানম আলোচনীখনে যৎপৰোনাস্তি  চেষ্টা কৰিব আৰু গুৰুত্বপ্ৰদানত প্ৰাধান্য দিব বুলি আমি আশা কৰিব পাৰোঁ। 

        শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগিতাত প্ৰকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা 'জ্ঞানম' দুমহীয়া ই- আলোচনীখন  হল কামৰূপ জিলাৰ শৈক্ষিক ক্ষেত্ৰৰ পৰা প্ৰকাশ হোৱা প্ৰথমখন বৈদ্যুতিন আলোচনী ।

    ১৪ নৱেম্বৰ , শিশু দিৱসৰ দিনা প্ৰকাশ পাবলগীয়া জ্ঞানম দুমহীয়া ই-আলোচনীখনৰ ২য় সংখ্যাৰ তত্বাৱধায়িকাৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে মই সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ।

            জ্ঞানমৰ সম্পাদনা সমিতিৰ যৎপৰোনাস্তি চেষ্টাৰ ফলত নিৰ্ধাৰিত সময়ত আলোচনীখন প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হোৱাৰ বাবে পৰম শ্ৰদ্ধাৰ উপদেষ্টা মণ্ডলী আৰু সন্মানীয় সমূহ সদস্য-সদস্যাৰ ওচৰত মই চিৰকৃতজ্ঞ । তেখেতসকলৰ একাগ্ৰতা, নিষ্ঠা আৰু আন্তৰিকতা অবিহনে এয়া সম্ভৱ হৈ নুঠিলহেঁতেন ।

             সীমিত অভিজ্ঞতা আৰু জ্ঞানেৰে আৰম্ভ কৰা জ্ঞানম ই-আলোচনীখন প্ৰকাশ কৰোঁতে হোৱা ভুল ক্ৰুটিৰ মাৰ্জনা বিচাৰিছোঁ ।

            আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ……..। আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শ আমাৰ কাম্য ।

 ***************************

শ্ৰদ্ধাৰে-



ফুলপাহি নাথ,

জিলা আঁচনি বিষয়া,সমগ্ৰ শিক্ষা,কামৰূপ তথা সদস্য সচিব,ছেবা,কামৰূপ





Post a Comment

0 Comments