header ads

সম্পাদকীয় | Editorial - 2nd Edition Gyanam

  সম্পাদকীয় ........


     শিশুসকল ধৰাৰ একোপাহি ফুল |  শৈশৱেই হ'ল জীৱনক সজাই তমস্কাৰ কৰি তোলাৰ এক আখৰাথলী | শিশুৰ স্বতঃস্ফূৰ্ত বিকাশেই  আমাৰ সকলোৰে কাম্য | শিশু দিৱসৰ এই পৱিত্ৰ ক্ষণত আমি প্ৰতিজন নাগৰিকে যদি সাম্প্ৰতিক প্ৰেক্ষাপট ফঁহিয়াই চাওঁ, তেন্তে দেখিম যে, শিশুৰ শিক্ষা, সুৰক্ষা আৰু প্ৰাপ্য অধিকাৰৰ দিশত এতিয়াও সমাজখন ভালেখিনি পিছ পৰি আছে | শিশুৰ মনস্তত্ব বুজি শিশুৰ উপযোগী এক পৰিৱেশ ৰচনা কৰাৰ ক্ষেত্ৰত আমি শিক্ষকসমাজে সচেতনভাৱে কিছু পদক্ষেপ হাতত ল'ব পাৰোঁহঁক |


       ক'ভিড-১৯ ভয়াবহ পৰিস্থিতিৰপৰা এতিয়াও ৰাজ্যখন মুক্ত হোৱা নাই | বিদ্যালয়সমূহ চালুকীয়াভাৱে পুনৰ খোলা হৈছে, যদিও শিক্ষাৰ্থীক পুনৰাই বিদ্যালয়মুখী কৰি তোলাত শিক্ষকসকলে এক অনবদ্য ভূমিকাত অৱতীৰ্ণ হৈ সকলোবোৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ কিছুমান অভিনৱ পন্থা হাতত ল'ব লাগিব | যদিও সম্প্ৰতি অনলাইন পাঠদানযোগে পাঠদান চলাই থকা হৈছিল আৰু পাঠ্যক্ৰমবোৰো কেন্দ্ৰীয় নিৰ্দেশানুসৰি সংক্ষিপ্ত কৰা হৈছে, তথাপিও শিক্ষকসমাজে সময়ৰ সৈতে নিজকে খাপ খুৱাই নিজৰ কৰ্মদক্ষতা বৃদ্ধি কৰি থকাটো ( upskill ) দৰকাৰী |

 

      'জ্ঞানম' আমাৰ জিলাখনৰ প্ৰতিজন শিক্ষানুৰাগীৰ বৌদ্ধিক কচৰতৰ থলী | জিলাখনত হোৱা ভিন ভিন উল্লেখযোগ্য কামৰ বিষয়ে বিভিন্ন গৱেষণাধৰ্মী , সমীক্ষামূলক লেখা প্ৰকাশ কৰি সকলোৰে মাজলৈ আগবঢ়োৱাটো হ'ল 'জ্ঞানম'ৰ অন্যতম মূল লক্ষ্য | পখিলা এটি দেখি তাৰ সৌন্দৰ্যত বিমোহিত হওঁতে আমি সততে নাভাবোঁ সেই পখিলাটি লেটাৰপৰা ওলাই 'পখিলা' হোৱাৰ আঁৰৰ ক্ৰম-কাহিনী, একেদৰেই প্ৰতিটো সু-কামৰ অন্তৰালত থাকে নানানটা ঘাত-প্ৰতিঘাত | এনে বহুতো প্ৰত্যাহ্বান নেওচি 'জ্ঞানম' গোটৰ প্ৰতিজন কৰ্মীয়ে অক্লান্ত শ্ৰমেৰে দুমহীয়া ই-আলোচনীখনৰ ২য় সংখ্যাটি সকলোৰে মাজলৈ আগবঢ়াই দিছে | নিজৰ সুবিধানুসৰি পঢ়িবলৈ সহায়ক হোৱাকৈ ই-আলোচনীখন ৱেবছাইট সংস্কৰণৰ উপৰিও পিডিএফ আৰু এপ্ আকাৰেও প্ৰকাশ কৰি উলিওৱা হৈছে | জিলাখনৰ শৈক্ষিক ক্ষেত্ৰত কিছু ন-কাম কৰাৰ মনোবৃত্তিৰে ভূমিষ্ঠ হোৱা আলোচনীখনত প্ৰকাশৰ বাবে  লেখা পঠোৱা প্ৰতিজন সদাশয় ব্যক্তিলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আগন্তুক দিনত আপোনালোকৰপৰা আৰু অধিক সহযোগিতা আশা কৰিছোঁ | পঢ়ুৱৈসমাজে 'জ্ঞানম'ক আদৰি লোৱাত আমাৰ প্ৰয়াস যৎসামান্য হ'লেও সাৰ্থক হোৱা বুলি সান্ত্বনা লভি পৰৱৰ্তী সময়ত অধিক যত্নপৰতাৰে কামখিনি কৰি যোৱাৰ বাবে আমি মনোবল পাইছোঁ। আপোনালোকৰ দিহা-পৰামৰ্শ আমাৰ যাত্ৰাপথৰ সাৰথি । 

 

শ্ৰদ্ধাৰে,


কৃষ্ণা সোণোৱাল
তীৰ্থমণি ডেকা
সম্পাদকদ্বয়, 
ই-আলোচনী "জ্ঞানম"





Post a Comment

0 Comments