আমাৰ বাপুজী

 

অহিংসাৰ মুখ্য পূজাৰী

দেশৰ স্বাধীনতাৰ কাণ্ডাৰী

দাসত্বৰ ছিঙিলে শিকলি,

 

অনিৰ্বাণ উদিত সূৰ্য

স্তিমিত কৰিলে শৌৰ্য

উঘালিলে শোষণৰ গুৰি-পুলি।

 

নেতৃত্বত সূর্যৰ প্ৰখৰ জ্বৰ

জোনাকীয়ে বিলালে পোহৰ

অগ্নি ৰাজত্বত তুলিলে কঁপনি,

স্বৰাজৰ নৈত সাঁতুৰি

জনতাক উদ্বুদ্ধ কৰি

ফিৰিঙতিৰে ঘটালে বিপদ বিঘিনি।

 

ঢেৰেকণিৰ শব্দ স্তব্ধ

স্বৈৰতন্ত্ৰ কৰিলে জব্দ

শিৰাই শিৰাই তুলিলে জোঁৱাৰ,

আগ্রাসনৰ বেহু ভেদি

দমনীয় শাসকক খেদি

স্বৰাজৰ পূৰ্ণ স্বাদ দিলে উপহাৰ।

 

জনগণৰ তীব্র প্ৰতিবাদ

বজালে সবে' বজ্রনিনাদ

বিদেশী বস্ত্ৰ দিলে বিসৰ্জন,

অস্পৃশ্য-ব্যাধিৰ দূৰীকৰণ

বিষাক্ত মাদক দ্ৰব্য বৰ্জন

হৰিজনৰো সাধিলে উন্নয়ন ।

 

বুনিয়াদী শিক্ষাৰ আঁচনি

পঞ্চায়তৰ পুতিলে খোঁপনি

স্বাৱলম্বী খদ্দৰৰ কৰে প্ৰচলন,

লোণৰ বাবে দাণ্ডি যাত্রা

ৰ'দৰো পাহৰি তাপমাত্রা

অসহযোগ অনশন বাপুৰ দান ।

 

অগণন শ্বহীদৰ বলিদান

ৰক্তৰে ৰঞ্জিত মহাপ্লাৱন

স্বাধীনতা ভাৰতৰ ঘাই শিপা,

আততায়ীয়ে কাঢ়িলে প্ৰাণ

অপূৰ্ণ হৈ ৰ'ল সত্য অন্বেষণ

'মহাত্মা'ৰে হ'ল জ্যোতি ৰূপা।

 

____________


আমিৰ হুছেইন আহমেদ।

ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক,

প্ৰবীণ কুমাৰ চৌধুৰী হাইস্কুল

পো,অ--বৰুৱা পথাৰ, থানা--বকো

জিলা--কামৰূপ (গ্ৰাম্য)


অলংকৰণ :- সংগীতা কাকতি