header ads

শিশু দিৱস | Poem by Dhiren Kumar

 শিশু দিৱস 

 

এখন ৰাজহুৱা সভা,

বন-পাতে সজা ৰভা।

মুখ্য অতিথি,

ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী ।

শিশুৰ হিয়াৰ আমঠু

নেহৰু খুড়া নামে চিনাকী ।

পুৰুষ-মহিলা,

ডেকা-বৃদ্ধগণ

সভালৈ আগমন, 

খুড়াক চোৱাৰ মন।

লোকে লোকাৰণ্য

বিদ্যমান মহামান্য।

অপেক্ষা দুই বজালৈ,

দহ মিনিট আছে বাকী ,

হেলিকপ্টাৰে মাৰে ভুমুকি ।

আকাশতে উৰি থাকিল

খুড়া দেখোঁ নামি নাহিল?

কাৰণ দুই বজালৈ

দহ মিনিট বাকী।

নিয়মানুবৰ্তিতাত

আমিও গৰ্বিত।

এয়াই আমাৰ 

স্বাধীন ভাৰতৰ

প্ৰথম প্ৰধানমন্ত্ৰী।

এতিয়া দুই বাজিল

খুড়াও নামি আহিল ।

লগে লগে 

সভা আৰম্ভ হ'ল,

বনমাল্য প্ৰদান হ'ল।

কিন্তু খুড়া

মঞ্চৰ পৰা নামি গ'ল

আই মাতৃৰ মাজলৈ

মাকৰ কোঁচত

দেশৰ সমল।

ডিঙিৰ মালাবোৰ 

সিহঁতকে পিন্ধাই

চুমাৰে দিয়ে উপচায়।

কাৰণ ,সিহঁত দেশৰ ভৱিষ্যত।

সেয়েহে বছৰে বছৰে

খুড়াৰ জন্মদিনটি

সোঁৱৰে শিশু দিৱস পাতি।

 

 *************************** 


শ্ৰী ধীৰেন কুমাৰ ।

প্ৰধান শিক্ষক। 

নাহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল


অলংকৰণ :- সংগীতা কাকতি



Post a Comment

0 Comments