নেহৰু খুড়া
অতিকে' মৰমৰ আমাৰ নেহৰু খুড়া, জনালোঁ তোমাক প্ৰণিপাত,
নেদেখা দূৰণিৰপৰা দিয়াহি আমাক শত-কোটি আশীৰ্বাদ ৷
তোমাক সেৱা জনাই আৰম্ভ কৰিলোঁ তোমাৰ চমু জীৱনী,
অজানিতে হ'ব পাৰে ভুল, তাৰবাবে ক্ষমা
বিচাৰছোঁ চৰণত প্ৰণামি ৷
নেহৰু খুড়াৰ সম্পূৰ্ণ নাম-- পণ্ডিত জৱাহৰলাল নেহৰু,
তেখেতক আমি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰোঁ ৷
জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নৱেম্বৰত, উত্তৰ প্ৰদেশৰ চহৰ এলাহাবাদ,
পিতৃ মতিলাল নেহৰু, প্ৰতিষ্ঠিত আইনজ্ঞ আৰু ৰাজনীতিবিদ ৷
মাতৃৰ নাম আছিল নেহৰু স্বৰূপৰাণী,
তেওঁ আছিল এগৰাকী মহাধৰ্মপৰায়ণা গৃহিণী ৷
স্কুলীয়া শিক্ষা লাভ কৰে বিলাতৰ বিদ্যালয়ত,
কেমব্ৰিজৰ ট্ৰিনিটি মহাবিদ্যালয়ত ভৰ্তি হৈছিল ১৯০৭ চনত ৷
১৯১০ চনত তিনিটা বিষয়ত সন্মানসহ লাভ কৰিছিল ডিগ্ৰী,
সেই সময়তে নেহৰু খুড়াই ভ্ৰমিছিল ফ্ৰান্স আৰু জাৰ্মানী ৷
তাৰ পাছত 'ইনাৰ টেম্পল'ৰ পৰা বেৰিষ্টাৰী ডিগ্ৰী লৈ,
১৯১২ চনত সগৌৰৱে উভতি আহিছিল নিজৰ
দেশলৈ ৷
কৰ্মজীৱন তেখেতৰ আইন ব্যৱসায়,
এলাহাবাদ হাইক'ৰ্টত,
নেহৰু খুড়াই পাছত মনোনিৱেশ কৰিলে
ভাৰতীয় জাতীয় কংগ্ৰেছত ৷
১৯১৬ চনত খুড়াই বিবাহপাশত আৱদ্ধ হ'ল
কমলা কৌৰৰ সৈতে,
গান্ধীজীৰ স'তে খুড়াৰ প্ৰথম সাক্ষাৎ হৈছিল
১৯১৬ চনতে ৷
১৯১৭ চনত খুড়াই কৰিছিল
আন্দোলন 'হোমৰুল',
১৯২১ চনত তেখেতে পালন
কৰিছিল হৰতাল ৷
হৰতাল পালন কৰি তেখেতে প্ৰথমবাৰৰ বাবে
কাৰাবাস খাটিলে,
১৯৩০ চনত লোণ আইন ভংগ আন্দোলনত যোগদান কৰি
ছমাহ কাৰাবাসতে কটালে ৷
কৃষক সন্মিলনত যোগদানৰ অভিযোগত
খাটিলে কাৰাদণ্ড পুনৰ দুবছৰ,
১৯৩৬ চনৰ এপ্ৰিলত তেওঁ সভাপতি
নিৰ্বাচিত হৈছিল লক্ষ্ণৌ কংগ্ৰেছৰ ৷
১৯৪০ চনত খুড়াই পুনৰ এবছৰ কাৰাবাস খাটিলে
কৰি সত্যাগ্ৰহ আন্দোলন,
১৯৪২ চনত 'ভাৰত ত্যাগ' আন্দোলনত ভাগ লৈ
লভিলে কাৰাৰুদ্ধ জীৱন ৷
খুড়াৰ একমাত্ৰ কন্যা ইন্দিৰা গান্ধী,
তেখেতৰ অতিকে' মৰমৰ,
জেলত থাকোঁতে জীয়কলৈ লিখা চিঠিখনৰেই গ্ৰন্থৰ ৰূপ-
'এ লেটাৰ টু হিজ ডটাৰ' ৷
১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই
কৰিলে স্বাধীনতা লাভ,
এই বৰ্ষৰেই ১৯ আগষ্টত খুড়াই গ্ৰহণ কৰিলে
স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰীৰ বাব ৷
১৯৫৫ চনত তেখেতে লাভ কৰিলে
'ভাৰতৰত্ন বঁটা' -- দেশৰ সৰ্বোচ্চ সন্মান,
দেশৰ কাৰণে খুড়াই উছৰ্গা কৰিলে
তেখেতৰ গোটেই জীৱন ৷
দিল্লীৰ নিজ বাসভৱনত মৃত্যু হয় তেওঁৰ..
১৯৬৪ চনৰ ২৭ মে'ৰ দিনা,
নেহৰু খুড়াৰৰ মৃত্যুত সমগ্ৰ বিশ্বতে
বৈ গ'ল শোকৰ বন্যা ৷
নেহৰু খুড়াই ভাল পাইছিল
গোলাপ ফুল আৰু শিশু,
সেয়েহে অকণিসকলেও মাতিছিল
তেখেতক
'খুড়া নেহৰু' ৷
এইগৰাকী মহান ব্যক্তিৰ জন্মদিনটো
হ'ল ১৪ নৱেম্বৰ,
সেয়েহে আমি পালন কৰোঁ 'শিশুদিৱস' হিচাপে
কৰি মহা আড়ম্বৰ ৷
দীপামণি দৈমাৰী
সহ:শিক্ষয়িত্ৰী,
বালিঝাৰ এম ই মাদ্ৰাছা
শিক্ষাখণ্ড: ছমৰীয়া, কামৰূপ।
অলংকৰণ :- পল্লবী পাঠক
0 Comments