header ads

আকৌ এদিন বাপু আহিব | A poem by Kokil Sharma

         

আকৌ এদিন বাপু আহিব

কাৰোবাৰ কাতৰ বিননিত

আকৌ এদিন তেওঁ উভতি আহিব... 

কোনোবাই তেওঁক প্ৰশ্ন কৰিব

"মোৰ দেশ, মোৰ আইৰ কি হ'ল ?"

আহঁতজোপাৰ তলত বহি

তেওঁ ক'ব , ''অহিংসাই মানৱৰ মহামুক্তি'' । 

আহত কিম্বা ব্যথিতজনৰ মনলৈ সিদিনা 

ইতিহাসৰ পৃষ্ঠাও উভতি আহিব।

যিদিনা তেওঁ চাই থাকিব নোৱাৰিব নিৰীহ , নিৰপৰাধীৰ ওপৰত হোৱা শোষণ, 

সেইদিনাই মহামানৱ উভতি আহিব... 

কিন্তু শুনিবনে আপুনি..... 

অহিংসা আৰু মানৱতাৰ 

মহৎ বাণী ? 

যদি শুনিব, 

তেন্তে শুনক... 

আজিয়েই বাপু উভতি আহিব।। 


**********************



কোকিল শৰ্মা

সহঃ শিক্ষক

খোপনিকুছি প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড- হাজো



অলংকৰণ :- সংগীতা কাকতি

Post a Comment

0 Comments