আমাৰ খেতি
শাওঁনৰ পথাৰত বোকা খচি খচি ,
আমাৰ দেউতাই কৰে পথাৰত খেতি |
কপালৰ ঘাম মাটিত পৰে,
ৰ'দ, বৰষুণ নেওচি কাম কৰে |
কঠীয়া পুতি পথাৰ সেউজীয়া কৰে,
আমাৰ সকলোৰে মন আনন্দৰে ভৰে |
আঘোণৰ পথাৰ সোণোৱালী হয় ,
কিজানিবা হাতী আহে!!আমাৰ
লাগে ভয় |
সোণগুটি চপাই আনি থয় চোতালত,
মৰণা মাৰি আমি থওঁ ভঁৰালত |
ন ধানেৰে ন খাওঁ সৱে মিলিজুলি ,
আমাৰ পৰিয়ালৰ কোনোৰে নাই
খামখেয়ালি |
********************
শ্রী সৌৰভ দাস
শ্রেণী- সপ্তম
তাতিবামা আঞ্চলিক উচ্চ মাধ্যমিক
বিদ্যালয়
ৰাণী শিক্ষাখণ্ড
অলংকৰণ :- পল্লবী পাঠক
0 Comments