header ads

সাঁথৰ | Riddles Collected by Bikash Jyoti Hazarika


সাঁথৰ


১/ দিনে ৰাতিয়ে ঘূৰি ফুৰে, চাবি নিদিলে ভাগৰি পৰে।

উঃ- ঘড়ী।


২/ পিটিকিলে ভাঙে, আফালিলেও নাভাঙে। 

উঃ- ভাত।


৩/ গীত গায়, কথা কয়, মানুহ - দুনুহ  কোনো নাই।

উঃ-ৰেডিঅ'। 


৪/ দিনত ভৰি পৰে ল'ৰা - ছোৱালী, ৰাতি নাথাকে কোনো প্ৰাণী।

উঃ- পঢ়াশালি।


৫/ নদী আছে পানী নাই, গছ আছে পাত নাই।

উঃ- মানচিত্ৰ।


৬/ এডাল খেৰে বৰঘৰটো বেৰে।

উঃ- জুই।


৭/ পানীত জন্ম স্থলত বাস, পানী পৰিলে হয় নাশ।

উঃ- নিমখ ।

************************

নাম- শ্ৰীবিকাশ জ্যোতি হাজৰিকা ।

শ্ৰেণী - অষ্টম মান।

তাতিবামা আঞ্চলিক হাই স্কুল 


Post a Comment

0 Comments