header ads

গণতন্ত্ৰ আৰু ইয়াৰ প্ৰাসংগিকতা | Article by Dr Ankita Sarma

গণতন্ত্ৰ আৰু ইয়াৰ প্ৰাসংগিকতা

           বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্য হিচাপে খ্যাতি লাভ কৰা ভাৰতবৰ্ষৰ গণতান্ত্ৰিক নীতিৰ বুনিয়াদ গঠন হৈছিল 'ভাৰত চৰকাৰ অধিনিয়ম',১৯৩৫ চনত। ১৯৪৭ চনৰ স্বাধীনতা আন্দোলনত বিজয় লাভ কৰাৰ পিছতেই ভাৰতবৰ্ষই এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰে। যাৰ ভেটি গঠন হৈছে পাঁচটা নীতিক কেন্দ্ৰ কৰি- সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য স্বৰূপে।

           ৰাষ্ট্ৰ এখনৰ বিকাশ কেতিয়াও স্থিৰ নহয়, ই সদায় প্ৰগতিশীল। গতিকে গণতান্ত্ৰিক গণৰাজ্য ভাৰতবৰ্ষৰ সত্তা সৰ্ববৃহৎ গণতন্ত্ৰ হোৱাৰ লগে লগেই সদা বিকাশৰ অভিমূখে ধাৱমান তথা চিৰন্তন গতিশীল। 

           আনুষ্ঠানিকভাৱে ক'বলৈ গ'লে ভাৰতবৰ্ষৰ গণতন্ত্ৰ সম্পূৰ্ণৰূপে সুপৰিচালিত, সুস্থিৰ আৰু সুপৰিকল্পিত। বহুদলীয় নিৰ্বাচন, প্ৰাপ্তবয়স্ক ভোটাধিকাৰ, সৰ্ববৃহৎ আকৃতিৰ গণতন্ত্ৰ, স্বাধীন প্ৰেছ আৰু ন্যায়তন্ত্ৰ, নাগৰিক স্বতন্ত্ৰতাৰ প্ৰতিজ্ঞা ৰক্ষাৰ বাবে আইনৰ সুব্যৱস্হাকে ধৰি আমি গঢ় দিয়া বিভিন্ন গণতন্ত্ৰ ৰক্ষাৰ উপায়ে ভাৰতবৰ্ষৰ গণতন্ত্ৰ আৰু ইয়াৰ সফলতা-বিফলতা সমূহ বিশ্বৰ সন্মুখত উপস্থাপন কৰি আহিছে। কিন্তু উক্ত বিষয়সমূহে কেৱল মাথো আংশিক চিত্ৰ এখনহে প্ৰদৰ্শন কৰিব পাৰে। এই বিষয় সমূহৰ সংগমে সৃষ্টি কৰা ৰাষ্ট্ৰ এখনৰ আৰ্থ-সামাজিক দিশটো বাহ্যিক দৃষ্টিভংগীৰে অংকন কৰা ছবি এখনে সাধাৰণতে উপেক্ষা কৰা দেখা যায়। World Happiness Report for 2020(UN) অনুসৰি ১৫৩ খন মূল্যাংকিত দেশৰ ভিতৰত ভাৰতৰ স্থান ১৪৪ সংখ্যক। এনেধৰণৰ মূল্যাংকন সমূহে বিষয় সমূহ গভীৰভাৱে অধ্যয়ন কৰাত সহায় কৰে আৰু জনতাৰ চৰকাৰৰ প্ৰতি থকা অভাৱ অভিযোগ সমূহ আঙুলিয়াই দিয়াৰ লগতে তেওঁলোকৰ সন্তুষ্টিৰ স্তৰ বিশ্লেষণ কৰে। উক্ত বিবৃত্তিখনিৰ প্ৰথম দহটা স্থান দখল কৰা অধিকাংশই পশ্চিমীয়া গণতন্ত্ৰ। যদিও ভাৰতবৰ্ষৰ স্থান এই সমূহ ৰাষ্ট্ৰতকৈ বহু পিছত কিন্তু পশ্চিমীয়া গণতন্ত্ৰ সমূহৰ সৈতে ভাৰতবৰ্ষ সদৃশ জনবহুল ৰাষ্ট্ৰৰ তুলনা কৰাটো অতি জটিল। বিভিন্ন সমস্যাৰে জৰ্জৰিত ভাৰতবৰ্ষত সমান্তৰালভাৱে বিকাশৰ লাভালাভ বিতৰণ কৰাটো এক অত্যন্ত কঠিন বিষয়।

        The Economic Intelligence Units Democracy Index ৰ বিবৃত্তি অনুসৰি ২০১৯ চনত ভাৰতবৰ্ষৰ স্থান ৫১ সংখ্যক। Democracy Index এ গণতন্ত্ৰ এখনৰ অৱস্থাৰ প্ৰতি লক্ষ্য কৰি ৰাষ্ট্ৰ সমূহৰ মূল্যাংকন কৰে। উক্ত বিবৃতিখনটো অগ্ৰণী স্থান লাভ কৰা অধিকাংশই পশ্চিমীয়া গণতন্ত্ৰ। নাগৰিক স্বতন্ত্ৰতা , ৰাজনৈতিক সংস্কৃতি, ৰাজনৈতিক অংশগ্ৰহণ, শাসনতন্ত্ৰ, নিৰ্বাচনী বহুত্ববাদ এই পাঁচোটিক মুঠ কৰি Democracy Index গণনা কৰা হয়। তালিকাৰ বৰ্ধিত স্থান অনুসৰি ৰাষ্ট্ৰসমূহৰ গণতন্ত্ৰৰ অৱস্থা নেতিবাচক দিশে গতি কৰে। গতিকে গণতন্ত্ৰৰ স্তৰৰ জোখমাপ লবলৈ Democracy Index ৰ ভূমিকা অতি দৰকাৰী।

       আকৃতি আৰু বিভিন্নতাৰ ওপৰত লক্ষ্য ৰাখি ক'ব পাৰি যে ভাৰতবৰ্ষ সদৃশ গণতন্ত্ৰ বিশ্বত দ্বিতীয় এখন নাই।সমাজৰ বৃহত্তৰ সংখ্যক জনগণৰ হিতৰ প্ৰতি লক্ষ্য ৰাখি, তেওঁলোকৰ অভাৱ অভিযোগৰ দিশে গুৰুত্ব প্ৰদান কৰি, বিকাশৰ লাভালাভ যদি সমাজত সম পৰিমাণে বিতৰণ কৰা হয়, জনসাধাৰণৰ মৌলিক অধিকাৰ তথা স্বাধীনতা খৰ্ব কৰা নহয়, প্ৰেছ আৰু ন্যায়তন্ত্ৰ সম্পূৰ্ণৰূপে স্বাধীন হয়, যদি উপযুক্ত বিচাৰ ব্যৱস্থা ৰাইজে লাভ কৰে, কাম-কাজসমূহ সম্পূৰ্ণৰূপে সংবিধান পৰিচালিত হয় আৰু গণতন্ত্ৰৰ স্তৰ যদি সদায় ইতিবাচক দিশে গতি কৰে, তেনেহলে ভাৰত গণতান্ত্ৰিক গণৰাজ্যই সকলো দিশতেই উন্নতিৰ সৰ্বোত্তম শিখৰত উপনীত হব পাৰিব।

------------------------------------

 


ড৹ অংকিতা শৰ্মা

ৰাজহ চক্ৰ বিষয়া

কমলপুৰ ৰাজহ চক্ৰ । 



অলংকৰণ :- তন্দ্রা দে

Post a Comment

0 Comments