header ads

গণতন্ত্ৰৰ স্বৰূপ আৰু ৰাইজৰ কৰণীয় | Article by Dr. Nihar Ranjan Kalita

গণতন্ত্ৰৰ স্বৰূপ আৰু ৰাইজৰ কৰণীয়

গণতন্ত্ৰৰ স্বৰূপ আৰু ৰাইজৰ কৰণীয়


      চৰকাৰ গঠন কৰাৰ সৰ্বগ্ৰহণযোগ্য পদ্ধতি হ'ল গণতান্ত্ৰিক পদ্ধতি। গণতান্ত্ৰিক মাধ্যমেৰে নিৰ্বাচিত চৰকাৰে গৰিষ্ঠসংখ্যক জনতাৰ সমৰ্থন লাভ কৰি দেশ এখনৰ সৰ্বতোপ্ৰকাৰৰ মংগল কৰিব পাৰে বুলি থকা বিশ্বাসৰ ভেটিতে গণতন্ত্ৰক সৰ্বোত্তম বুলি গণ্য কৰা হয়। সামন্তবাদী চিন্তাধাৰাৰ পৰা মানৱ সমাজ মুক্ত হৈ যোৱা শতিকাৰ মাজভাগৰ পৰা নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত লোকেই শাসনৰ বাঘজৰী লোৱাৰ নিয়ম প্ৰৱৰ্তিত হৈছে। ভাৰত উপমহাদেশ শতিকা শতিকা জুৰি ৰাজব্যৱস্থাৰে পৰিচালিত হৈয়ো ব্ৰিটিছৰ পৰা স্বাধীনতা লাভৰ পিছৰপৰা এক পৰিপক্ক গণতান্ত্ৰিক ব্যৱস্থাৰ জলন্ত উদাহৰণ হৈ বিশ্বত জিলিকিছে।

        একৈশ শতিকাৰ এই তৃতীয় দশকৰ আৰম্ভণিতে বিগত দিনৰ বহু ধ্যান ধাৰণাক মানুহে নতুন ধৰণে, নতুন ধাৰণাৰে ভাবিবলৈ শিকিছে। সময়ৰ পাকচক্ৰত উদ্ভাসিত হৈছে নিত্য নতুন পদ্ধতিৰ যাৰ নব্যৰূপ কিছুবছৰলৈ আছিল কল্পনাৰো অগোচৰ। একছত্ৰী সম্ৰাট, ৰজা-মহাৰজাৰ কব্জাৰ পৰা ৰাইজলৈ শাসনভাৰৰ গুৰুদায়িত্ব পৰ্যবসিত কৰাৰ ক্ষেত্ৰত কুৰি শতিকাৰ এক অনন্য দান হৈছে গণতান্ত্ৰিক ব্যবস্থা। সময়ৰ বিভিন্ন ৰাজনৈতিক চিন্তাৰ বিবৰ্তনে গণতন্ত্ৰ নামৰ আৰ্হিটো চৰকাৰ গঠন কৰিবলৈ প্ৰদান কৰিছে। নাগৰিকে ভোটদান কৰি তেওঁৰ পছন্দৰ প্ৰাৰ্থী, দল নিৰ্বাচিত কৰি এক নিৰ্দিষ্ট সময়ৰ বাবে শাসনৰ বাঘজৰী প্ৰদান কৰা গণতান্ত্ৰিক ব্যৱস্থা আমি একেমুখে গ্ৰহণ কৰিছোঁ। শাসনকাৰী দলক সৰ্বক্ষমতা অৰ্পণ কৰাৰ পাছতো বিৰোধী দলকো বিৰোধ কৰাৰ অধিকাৰ দি সংসদ, বিধানসভা জাতীয় মঞ্চ সৃষ্টি কৰিছোঁ, যাতে সকলো কথা সমিলমিলে, লুক-ধাক নোহোৱাকৈ আমি আলোচনা কৰিব পাৰোঁ। স্বচ্ছতা গণতান্ত্ৰিক শাসন পদ্ধতিৰ এক অনবদ্য অৱদান। গণতান্ত্ৰিক ভাবে নিৰ্বাচিত চৰকাৰে ৰাইজৰ কৰ্তৃত্বক স্বীকাৰ কৰি দেশৰ সৰ্বভৌম ক্ষমতাক জনগণৰ হকে ব্যৱহাৰ কৰে।

        গণতন্ত্ৰৰ এনে সদৰ্থক বৈশিষ্ট্যই আমাক আচ্ছন্ন কৰি ৰখাৰ পাছতো মনলৈ প্ৰশ্ন আহিছে - যিবোৰ সমস্যাৰ উত্তৰ বিচাৰি ৰাইজে গণতন্ত্ৰৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ বিচাৰিছিল সেই উত্তৰবোৰ যদি ক'ৰবাত হেৰাই যায় তেনেহ'লে আমি আৰু নতুন ব্যৱস্থা এটাৰ বাবে চিন্তা চৰ্চা নকৰিম নেকি? চমুকৈ প্ৰশ্নটো হ'ল গণতন্ত্ৰৰ বিকল্প কি? অপ্ৰিয় হলেও সত্য হ'ল চৰকাৰ গঠনৰ নামত সর্বগ্রাহ্য গণতন্ত্ৰটো যেন অংকৰ খেল হৈ পৰিল। বিশ্বৰ বৃহত্তম, পৰিপক্ক গণতান্ত্ৰিক দেশ বুলি গৌৰৱ কৰা ভাৰতীয়বোৰ যেন কিছুমান ৰাজনৈতিক খেলুৱৈৰ কৰ্মকাণ্ডৰ নীৰৱ দৰ্শক! গৰিষ্ঠৰ সমৰ্থনেই যিহেতু গণতন্ত্ৰৰ সঁচাৰকাঠি তেনেস্থলত যিকোনো উপায়ে গৰিষ্ঠক প্ৰলোভিত কৰিব পাৰিলেই হ'ল। গণতন্ত্ৰৰ নামত গাণিতিক প্ৰাধান্য পোৱা কথাষাৰে ৰাজনৈতিক দলৰ নীতি-আদৰ্শ আদি জাতীয় কথাবোৰক ধোঁৱাচাঙত তুলিলে। গণতন্ত্ৰৰ নামত আমি ইমানেই পৰিপক্ক হলোঁ যে চৰকাৰ গঠনৰ তাগিদাত নিৰ্বাচিত সাংসদ- বিধায়কক হোটেল ৰিজৰ্টত তলামাৰি থবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল। প্ৰতিনিধি সৃষ্টিৰ নামত জাত-পাত , ধৰ্মীয় চিনাকি, অৰ্থৰ লেনদেন আদি কথাবোৰ আমি কিমানদিনলৈ সহ্য কৰি থাকিম? গণতন্ত্ৰৰ নাটকত দিয়া ৰাজনৈতিক নেতা- পালিনেতাৰ ভাষণবোৰ এতিয়া আৰু জনতাৰ দুখ-বেদনা-নিৰ্যাতন নিসৰণৰ সাৱলীল দৰ্শন নহয়; বৰং নিঃস্ব জনগণক প্ৰলোভিত কৰিবলৈ গোৱা ভাটৌ বচন। ক্ষমতাৰ বাঘজৰী কিদৰে কুক্ষিগত কৰিব পাৰি অহোৰাত্ৰি তাৰে চিন্তাত ব্যস্ত গণতন্ত্ৰৰ ৰক্ষক সকলে ক্ষমতা অবিহনে পানীৰ পৰা উঠাই অনা মাছৰ দৰে। তেওঁলোকৰ ধৰফৰণিয়ে সমাজ উত্তাল কৰে। যি আদৰ্শ -উদ্দেশ্য আগত ৰাখি ৰাজনৈতিক মনীষী সকলে গণতান্ত্ৰিক চৰকাৰৰ আৰ্থিক উপস্থাপন কৰিছিল সেয়া ৰাজনীতিৰ ছুনামিত কৰবাত কৰ্ফাল খাই পৰিছে। গণতান্ত্ৰিক পদ্ধতিয়ে চৰকাৰ নামৰ ব্যৱস্থাটোলৈ অনা অপাৰ ক্ষমতাই ধুৰন্ধৰ একচামক মুকলিমুৰীয়াকৈ নিজ স্বাৰ্থ পূৰণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছে। দল গঠনৰ বাধাহীন প্ৰৱণতাই ৰাজনৈতিক দল গঠনৰ নামত এনে কিছুমান কৰ্ম কাণ্ডৰ সৃষ্টি কৰিছে যে গণতান্ত্ৰিক খেলত ভাগ লোৱা দলবোৰৰ নিজৰে আভ্যন্তৰীণ গণতন্ত্ৰৰ বিলুপ্তি ঘটিছে। নিৰ্বাচিত দলৰ প্ৰতিনিধিয়ে মুকলিমুৰীয়াকৈ মন্ত্ৰী লাভৰ দৰ দাম কৰি গৌৰৱান্নিত হৈছে। বিৰোধীয়েও ক্ষমতাৰ খকত সকলো জালাঞ্জলি দিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। এচাম চাতুকাৰৰ দ্বাৰা যিকোনো উপায়ে ক্ষমতা হস্তগত কৰাৰ কিটিপ ভালদৰে আয়ত্ব কৰা ৰাজনীতিকবোৰে গণতন্ত্ৰৰ যোগেদি কাললৈ নিজৰ পৰিয়াল, সতি সন্ততিক সংস্থাপিত কৰাৰ সুযোগ লাভ কৰিছে। যিসময়ত গণতান্ত্ৰিক মাধ্যমেৰে নিৰ্বাচিত আমাৰ চৰকাৰ সমূহে ৰাইজৰ দুখ-দৰিদ্ৰতা মোচনত ব্যৰ্থ হৈছে, সেই একেসময়তে কিন্তু তেওঁলোকৰ পৰিয়াল, আত্মীয় স্বজনৰ সম্পত্তিৰ পাহাৰে উচ্চ শিখৰ আৰোহণ কৰিছে।

        গণতন্ত্ৰত প্ৰায়ে কোৱা হয় গৰিষ্ঠ সংখ্যকৰ চৰকাৰ। দ্বি-দলীয় শাসন ব্যৱস্থাত কথাষাৰ প্ৰযোজ্য যদিও আমাৰ দৰে বহুদলীয় দেশত কথাষাৰ খাটে জানোঁ? নিৰ্বাচিত দলৰ আধিক্যই জনগণক এনেকৈ খণ্ডিক কৰিছে যে কম সংখ্যক ভোট লাভ কৰা দলেও সন্মিলিত চৰকাৰ গঠনৰ নামত ৰাইজক শাসন কৰাৰ কৰ্তৃত্ব লাভ কৰিব পৰা হল। নিৰ্বাচনৰ আগে আগে সভাই সমিতিয়ে কুকুৰে কাঁইট নোখোৱাকৈ গালিপাৰি ৰাইজক আভুৱা ভঁৰাসকলেই ভোট গণনাৰ শেষত এখন স্থায়ী চৰকাৰ প্ৰতিষ্ঠাৰ নামত ফুলৰ টোৰা আদান প্ৰদানেৰে ইজনে সিজনক আঁকোৱালি ল'বলৈ লাজ নকৰা হ'ল। কেৱল অংকতে সমৰ্পিত নিৰ্বাচন ব্যৱস্থাত জাতি-মাটিৰ আত্ম পৰিচয় সুৰক্ষিত কৰিবলৈ ধৰ্ম-ভাষাৰ হিচাপ-কিতাপ ৰাজহুৱা ভাবে কৰিবলৈ জনপ্ৰতিনিধিয়ে কুণ্ঠাবোধ নকৰা হ'ল। খিলঞ্জীয়াৰ আত্মপৰিচয়, ভূমিৰ অধিকাৰ আদি সুৰক্ষাৰ বাবে নিৰ্বাচনী যুদ্ধত গৰিষ্ঠসংখ্যক আসন কিদৰে পাব পাৰি তাৰ হিচাপহে ৰাজনৈতিক দল নেতাৰ মুখ্য বিষয় হ'ল। ৰাইজৰ আবেগ- অনুভূতিক সন্মান জনোৱাৰ মূল্যবোধৰ গণতন্ত্ৰৰ মাজেদি অহা পাছবছৰীয়া প্ৰমাণপত্ৰখনৰ বাবে প্ৰয়োজনীয়তা ৰাজনৈতিক দলবোৰে হেৰুৱাই পেলালে। গণতন্ত্ৰই দিয়া ক্ষমতাত বলীয়ান হৈ ৰাইজৰ দুখ-দুৰ্দশা বুজিবলৈ সংবেদনশীলতা হেৰুৱা দল-নেতাই সেয়েহে সততে বিচাৰিব লগা হয় সমৰ্থন লাভৰ চমু বাট। যদিও কোৱা হয় সফলতা অর্জনৰ চমু পথ নাই, নিৰ্বাচনৰ বৈতৰণী কিন্তু ধৰ্ম-জাতি-ভাষা আদি চমু পথেৰে সহজতে লাভ কৰিব পাৰি সেয়া ভাৰতৰ গণতান্ত্ৰিক পদ্ধতিয়ে জলজল-পটপটকৈ প্ৰমাণ কৰিছে।

        এনে পৰিবেশত মনত জগা প্ৰশ্নটো হ'ল এই যে ভাৰতৰ ৰাজনৈতিক গণতন্ত্ৰক লৈ আমি গৰ্ব কৰোঁ, সেয়া দৰাচলতে এক ভ্ৰান্ত ধাৰণা নেকি? পৰিপক্ক, পুৰঠ গণতন্ত্ৰ বুলি আমি যিমানে জয়গান নাগাও কিয় তাৰ যোগাত্মক ফল ৰাইজ অথবা দেশে পাইছেনে? আৰ্থিক তথ্যক বাদ দি ভাৰতীয় সমাজখনে গণতান্ত্ৰিক শাসন-ব্যৱস্থাৰ যোগেদি পাইছে কি? ব্ৰিটিছৰ পৰা স্বাধীনতাৰ পাছত লাভ কৰা সেই ভাৰতৰ অখণ্ড ৰূপ সঁচা অৰ্থত বৰ্তমান আছে নে? আত্মপৰিচয়, ভৱিষ্যতৰ স্বাৰ্থ সুৰক্ষিত আদি শব্দৰ মায়াজালত আমি মৰীচিকা খেদি ফুৰিছোঁ নেকি? ভঙা আইনা জোৰা নলগাৰ লেখীয়া কিছুমান নেতাৰ ক্ষমতাৰ খকৰ বাবে আমাৰ যে সমাজ খণ্ড বিখণ্ড হ'ল আকৌ লগাব পাৰিম নে? এনে অজস্ৰ প্ৰশ্নৰে মনত শংকা বহুত।

        বোধহয় কুৰি শতিকাৰ সর্বগ্রাহ্য গণতান্ত্ৰিক ভাবে নিৰ্বাচিত চৰকাৰৰ ধাৰণাও ভাৰতমুলুকত পৌৰাণিক হ'ল। যিবোৰ যোগাত্মক কথাৰ বাবে এনে পদ্ধতিৰে গঠন কৰা চৰকাৰ সৰ্বোত্তম বুলি ভবা হৈছিল যদিও ৰাজনৈতিক দল-প্ৰতিনিধিৰ কৰ্মকাণ্ডই নিৰ্বাচন এক খেল আৰু নেতাবোৰক খেলুৱৈ সাজিলে। গণতান্ত্ৰিক ভাৱধাৰা সৰ্বশ্ৰেষ্ঠ যদিও কেৱল সেই ভাৱেৰেই চৰকাৰ সৃষ্টি হ'লে সেয়া হব সংখ্যাৰ জুৱা খেল। গণতান্ত্ৰিক দেশ মানে কেৱল গৰিষ্ঠতা লাভৰ অংক নিশ্চয় নহয়। সেয়েহে আমাক লাগে গণতন্ত্ৰৰ এক নতুন বিকল্প। এই বিকল্পত প্ৰতিভাত হ'ব লাগে নিপীড়িত জনতাৰ ক্ষোভ-উষ্মা প্রশমনৰ স্বয়ংষ্ক্ৰিয়(in built) প্ৰয়াস।


*************************



ড° 
নিহাৰ ৰঞ্জন কলিতা

মুৰব্বী অধ্যাপক,
অৰ্থনীতি বিভাগ,
শুৱালকুচি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়।


অলংকৰণ :- মনবীনী দাস


Post a Comment

0 Comments