header ads

পুহৰ নঙলা খুলি ভোগালী আহিল | An Article by Hemen Ch Hazarika

পুহৰ নঙলা খুলি ভোগালী আহিল   

          পৃথিৱীত বসবাস কৰা যিমান জাতি-জনগোষ্ঠী আছে সেই সমূহ জাতি-জনগোষ্ঠীয়ে সমূহীয়াভাবে বছৰৰ এটা নিৰ্দিষ্ট দিনত পালন কৰা লোক- উৎসৱকে জাতীয় উৎসৱ বোলা হয়  |

         এখন ৰাষ্ট্ৰ বা দেশৰ কোনো এটা অঞ্চলৰ জাতি - জনগোষ্ঠীয়ে কিছু কিছু আচাৰ-অনুষ্ঠান , ৰং- ৰহইচ , গীত -মাত , নৃত্যৰ পয়োভৰেৰে নিজৰ নিজৰ জাতীয় উৎসৱ পালন কৰে  | দৰাচলতে জাতীয় উৎসৱ বুলি কবলৈ যাওঁতে জাতিটোৰ বৰ্ণ-সম্প্ৰদায় , গোষ্ঠী নিৰ্বিশেষে উচ্চ-নীচৰ ব্যৱধান নোহোৱাকৈ পালন কৰা সামূহিক আনন্দ উৎসৱকে নুবুজায়  | মানুহৰ অৰ্থনৈতিক চিন্তাৰ আদিমতম প্ৰকাশস্বৰূপে কৃষিকৰ্মৰ সৃষ্টি হয় | তাৰবাবেই পৃথিৱীৰ গোষ্ঠী-জনগোষ্ঠী , জাতি-উপজাতিৰ মাজত প্ৰচলিত জাতীয় উৎসৱবোৰৰ ভিতৰত কৃষিভিত্তিক উৎসৱ এক উমৈহতীয়া জাতীয় উৎসৱ  |

      নদীমাতৃক ৰাজ্য অসমৰ সমূহ অধিবাসীয়ে সমিলমিলেৰে পালন কৰা জাতীয় উৎসৱ হ'ল বিহু | আমাৰ প্ৰাণৰ বিহু তিনিটা , যাক বাদ দি আমাৰ জাতিটোৰ কথা চিন্তা কৰিবই নোৱাৰি | বিহু পালনৰ সময় আৰু পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বিহুক কাতি বা কঙালী বিহু, মাঘ বা ভোগালী বিহু আৰু ব'হাগ বা ৰঙালী বিহু হিচাপে আখ্যা দিয়া হৈছে  |

           আহাৰ-শাওণত মূৰৰ ঘাম মাটিত পেলাই , হাঁড়ক মাটি কৰি কৰা শ্ৰমৰ অন্তত আঘোণ-পুহত সোণালী শইচক গৃহস্থই ভঁৰাললৈ লখিমী হিচাপে আদৰি আনে | খেতি চপাই কৃষকে ভঁৰাল ভৰায় | তেতিয়াই পুহৰ নঙলা খুলি ভোগালী আহে | চাৰিওফালে বস্তু উভৈনদী হয় | ভোগৰ উপাদানেৰে ঘৰ ভৰি পৰে | তেতিয়াই কৃষকে হাঁহে , আনন্দ কৰে | সেই আনন্দতে পালন কৰে ভোগালী বিহু অৰ্থাৎ ভোগৰ উৎসৱ | মকৰ সংক্ৰান্তিত এই উৎসৱ পালন কৰা হয় | পুহ মাহৰ সংক্ৰান্তিৰ দিনা হেঁপাহৰ ভোগালী বৰ উলহ-মালহেৰে পালন কৰা হয় ৷ প্ৰতিজন অসমীয়াৰ গাত তত্ নাইকিয়া হয় , কি কৰিব কি নকৰিব | আমি যেতিয়া পাঠশালাৰ শ্ৰেণীৰ ছাত্ৰ আছিলোঁ তেতিয়া পঢ়া এটা কবিতাৰ নাম আছিল "মাহবোৰৰ গীত" | তাৰে এটা দঁফাত আছিল এনেকুৱা.....

        'পুহমহীয়া জাৰত কঁপি নিহালী খন লওঁ / মাঘ যে আমাৰ ভোগালী মাহ বিহুৰ পিঠা খাওঁ' | 

পুহ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু | তাৰ আগদিনা উৰুকা | মাঘ বিহুৰ আচল মাদকতা লুকাই আছে উৰুকাত |

        উৰুকাৰ ৰাতি গাঁৱে-গাঁৱে ভোজৰ আয়োজন চলে , ক'ৰবাত আমিষ , ক'ৰবাত নিৰামিষ | তাত কিমান যে আত্মীয়তা , কিমান যে ঐক্যতা , সামাজিক বান্ধোন লুকাই থাকে | সকলোৱে মিলি উৰুকাৰ ৰাতি লগে ভাগে এসাঁজ খোৱাৰ আনন্দ কিমান তাক কৈ বা লিখি প্ৰকাশ কৰিব নোৱাৰি | মাঘৰ বিহুত মেজি সজা হয় , সেই মেজিৰ কাষতে ভেলাঘৰ আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ | আহ্ ! ধন্য অসমীয়া , ধন্য অসমীয়া সংস্কৃতি | গোটেই ৰাতি ৰং - ৰহইচ , আনন্দ-স্ফুৰ্তিৰে নিশাটো কটোৱা হয় | শীত  নিবাৰণ কৰিবলৈ ডাঙৰকৈ জুই ধৰা হয় | সেই জুইত মুৱা-আলু , কাঠ-আলু পুৰি খোৱা হয় | কাঠ-আলু পুৰি খোৱাৰ আনন্দ কাৰ স'তে ভগাই ল'ম | এনে আনন্দ আন ক'ৰবাত আছে যদি নাজানোঁ | তিলৰ লাৰু , পিঠা , চিৰা , সান্দহ আদি | সেয়েহে কয় "কাঠ আলু পুৰি খাম , তিলৰ লাৰুও খাম" | উৰুকাৰ ৰাতি ঘৰত বহি গৃহিণীসকলে নানা তৰহৰ পিঠা-পনা বনোৱাত ব্যস্ত থাকে | ভেলাঘৰৰ কাষত ভোজৰ আয়োজন চলে | 

       পিছদিনা পুৱা মেজি জ্বলাই অগ্নি সেৱা কৰা হয় | বুঢ়া লোকে কয়.... অগ্নি সেৱা কৰি বছৰটোলৈ জাৰ গুচোৱা হয় | বিহুৰ দিনা সৰুৱে ডাঙৰক সেৱা জনাই আৰ্শীবাদ লয় | এই বিহুত জা- জলপান , পিঠা -পনা , চিৰা সান্দহ , দৈ.. মুঠতে উভৈনদী বস্তু | মাঘ বিহুত ঠায়ে ঠায়ে পৰম্পৰাগত ভাৱে ম'হ যুঁজ , কণী যুঁজ , বুলবুলি যুঁজ চৰাইৰ যুঁজ অনুষ্ঠিত কৰে | ইয়াৰদ্বাৰা আমাৰ জাতীয় ঐক্য প্ৰকাশ পায় | আমি অসমীয়া বুলি গৌৰৱ কৰিব পৰাকৈ থল থাকি যায় | সৰুতে ভেলাঘৰৰ তলত নিশা কটোৱা , ধল পুৱাতে নদীৰ পানীত খেৰ থৈ তাত জুই দি তলেৰে ডুব মাৰি ইফাল-সিফাল ওলোৱা কথাবোৰ এতিয়া এই সময়ত মনত পৰিলে নষ্টালজিক হৈ পৰোঁ | 

         আমাৰ বাপতি-সাহোন ভোগালী বিহুটিও যেন বৰ্তমান কৃত্ৰিম হ'বলৈ আৰম্ভ কৰিছে | এয়া জাতিৰ বাবে শুভ লক্ষণ নহয় । এই পৰম্পৰা আমি জীয়াই ৰাখিবই লাগিব  |

 ************************

হেমেন চন্দ্ৰ হাজৰিকা

সহ: শিক্ষক

বিৰোগাঁও মজলীয়া  বিদ্যালয়

ৰামপুৰ শিক্ষাখণ্ড।



অলংকৰণ :- সুকন্যা ভৰদ্বাজ

Post a Comment

0 Comments