header ads

সুস্থ সবল সমাজ গঠনত শিল্পীসমাজৰ ভূমিকা | Article by Jatindra Nath Talukdar

সুস্থ সবল সমাজ গঠনত শিল্পীসমাজৰ ভূমিকা

        শিল্পীৰ ভূমিকা কি বুলি ক'লেই মনলৈ আহে প্ৰাচীনতম কলাৰ প্ৰাচীনতৰ তথাকথিত আধুনিক যুগৰ কথা, ৰেনেঁচাৰ পৰা চাৰৰিয়েলিষ্টিক শিল্পীকলা কুশলীসকলৰ কথা তথা এই বিশাল বন্দিত সৃষ্টি কাৰী শিল্পীসকল আৰু যুগপদ তেওঁলোকে যোগোৱা বিপুল অৰিহণা। 

        নিয়েন্তাৰ থেল যুগৰ হমচেপিয়েনচ বোৰৰ প্ৰথম অস্ত্ৰ আছিল শিল। এই শিলৰ অস্ত্ৰৰে পৰ্বতৰ গুহা তৈয়াৰ কৰিছিল। বেৰবোৰত অংকণ কৰিছিল পৃথিৱীৰ প্ৰাচীনতম শিল্পকলা। পাহাৰ, গছ, শিল আদিৰ ওপৰত নানাৰঙী শিল্পকলাক ৰূপ দিয়া শিল্পী সকলক আমি প্ৰথম পৰ্যায়ৰ শিল্পী  বুলি কব পাৰো। পৰৱৰ্ত্তী কালত নানাৰঙী চিয়াঁহী,তুলাপাত(গছৰ বাকলি সদৃশ) ৰ ওপৰত অংকিত বৰ্ণিল চিত্ৰ শিল্প ঠন ধৰি উঠাৰ আগতেই মানৱ জাতিৰ লিপিৰ আৱিষ্কাৰ হৈছিল। মানৱ সভ্যতাৰ ইতিহাসত এনেধৰণেই প্ৰথমতে চিত্ৰ শিল্পীৰ উদ্ভাৱন আৰু বিকাশ হৈছিল। 

         সমাজ গঠনত শিল্পীৰ ভূমিকা নি:সন্দেহে উল্লেখনীয়। কলা শিল্পী, চাৰু কলা শিল্পী, নৃত্য শিল্পী, গায়ন শিল্পী যিয়েই নহওঁক কিয় সমাজ আৰু সংস্কৃতিৰ লগত, নিৰৱচ্ছিন্ন অংগাংগীৰূপে সিক্ত। এটাক আনটোৰ পৰা পৃথক কৰি চাব নোৱাৰি। মানৱ জাতি বা ৰাষ্ট্ৰযন্ত্ৰক এক সুস্থ, সৃষ্টিশীল, মননশীল, দিকদৰ্শী পথৰ সন্ধান দিওঁতা আছিল শিল্পী সমাজ। শিল্পীসকলে নিজৰ জীৱন তথা পৰিয়ালৰ লোককো পন কৰিছিল এক সবল ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে। সমাজত চলি থকা প্ৰচলিত অন্ধবিশ্বাস তথা কু সংস্কাৰ আঁতৰোৱাৰ বাবে শিল্পীসকলে গীতেৰে, নাটকেৰে, ছবিৰে আনকি বোলছবিৰেও নানা ধৰনৰ অৱদান আগবঢ়াইছিল। শিল্পীৰ ভূমিকা কি বুলি ক'লে আমি এই প্ৰশ্নটোৰ উত্তৰ তিনি প্ৰকাৰে আলোচনা কৰিব পাৰোহঁক। এই মূখ্য ভূমিকাবোৰ হ'লঃ

        ১। মানৱ জাতি, ৰাষ্ট্ৰ আৰু প্ৰচলিত ঘটনাৱলীৰ চাক্ষুস বিৱৰণ দিব পাৰে একমাত্ৰ শিল্পীসমাজে (Artists make a visual record of the people place and event) ।সেই বাবেই জন লেননক হংকংত আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল। অসমৰ স্বনামধন্য গনশিল্পী ড° ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আদি প্ৰভৃতিৰ বৰেণ্য শিল্পীয়ে সদায়ে জনগণৰ সপক্ষে মাত মাতিছিল। মন কৰিবলগীয়া যে শিল্পীসকলে অশেষ কষ্ট,ত্যাগ স্বীকাৰ কৰি ৰাষ্ট্ৰযন্ত্ৰক বাধ্য কৰোৱাৰ (ৰাজনৈতিক অভ্যুত্থান সহ) উদাহৰণ বহুতো দিব পৰা যায়।

        ২। পৃথিৱীখনক নব্যৰূপত সজাব বিচাৰে শিল্পীসমাজে (Artists help us to see world in new or innovative ways) শিল্পীয়ে বিচাৰে পৃথিৱীখন এখন দেশ হওঁক। ইয়াত বৰ্নবিদ্বেষী,জাত-পাত আদি শ্ৰেনী বিভাজন নাথাকক। সুস্থ-সবল,নিকা সমাজ গঠনৰ পোষকতা কৰা শিল্পীসকলে পৃথিৱীখনক সেয়ে এখন ঘৰ বা এখন দেশৰ দৰে কল্পনা কৰে। যুৱ সমাজক পংকিল জগতৰ পৰা আতঁৰাই আনি এখন নতুন সমাজ দিব বিচাৰে শিল্পীসমাজে।

        ৩।যিকোনো কৰ্মকে এক অৰ্থৱহ কৰ্মেৰে উপভোগ কৰি মনোগ্ৰাহী কৰি তোলে শিল্পীসমাজে (Artists make object more pleasurable and elevate them) এখন নিকা সমাজৰ যেনে পৰিমিত, শৃঙ্খলাৱদ্ধ, পৰিমাৰ্জিত, ভ্ৰষ্টাচাৰ বিৰোধী, স্বৈৰাচাৰী নীতি বিৰোধী তথা এক অৰ্থৱহ বহল মনৰ বিস্তৃত কৰ্মৰাজিৰ সন্ধান দিয়ে শিল্পীসমাজে। সমাজখনত চলি থকা অন্ধবিশ্বাস, প্ৰচলিত কুঃসংস্কাৰৰ বিৰুদ্ধে আপোচ নকৰা শিল্পীসকলে এক বিজ্ঞান সন্মত সমাজবাদৰ পোষকতা কৰে। মানৱজাতিক এক চৈত্যন্যবাদী চিন্তাধাৰাৰে সজাগ কৰি তোলে। সেয়ে বিভিন্ন জনগোষ্ঠীয়ে সচৰাচৰ ব্যৱহাৰ কৰা মাত-কথা, কলা-সংস্কৃতি, গীত-মাতৰ জৰিয়তে এখন নিকা সমাজ গঢ়ে। সেয়ে শিক্ষাবিদ বা ৰাজনৈতিক নেতাৰ কৰ্মৰাজিৰ লগত শিল্পীসমাজৰ প্ৰভেদ বিদ্যমান হয়।

        এখন সুস্থ সবল ৰাষ্ট্ৰ নিৰ্মাণত এনেদৰেই শিল্পীসমাজে প্ৰভূত বৰঙণি যোগায় আহিছে।শিল্পীসমাজে সমাজৰ পৰিৱেশ তন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰি এক সজীৱ,এক সেউজীয়া দেশৰ কল্পনা কৰে। গোলকীয় উষ্ণতাৰ পৰা হাত সৰাৰ বাবে প্ৰয়োজনীয় আমাৰ বায়ুমণ্ডলৰ জৈৱ-বৈচিত্ৰতা অক্ষুন্ন ৰখাটো বিচাৰে শিল্পীসমাজে। পিছে বিদ্যালয়, মহাবিদ্যালয়ত এনেধৰণৰ পাঠ্যপুথি যথেষ্ট কম পৰিসৰত দেখা পোৱা যায়। আনহাতেদি ৰাষ্ট্ৰযন্ত্ৰইও এই বিষয়ত মনোনিৱেশ কৰা দেখা নাযায়।

        যুৱ উশৃংখলতা,বিভেদগামী বা পশ্চাদগামী শক্তি, অনৈতিক কাৰ্য্যকলাপৰ বিৰুদ্ধে আমাৰ শিল্পীসমাজে বিৰোধীতা সদায়ে কৰি আহিছে। আনকি তেওঁলোকে ৰাজপথত আন্দোলন পৰ্য্যন্ত কৰিবলগীয়া হৈছে আৰু বহুক্ষেত্ৰত তেওঁলোকে সফলো হৈছে। বানপানী, ভূমিকম্প, খৰাং আনকি দেশত হোৱা নানাবিধ মহামাৰী/অতিমাৰীৰ সময়তো দেশে দেশে শিল্পীসমাজে সমাজৰ হকে কাম কৰি আহিছে।

        এখন গতিশীল,সুস্থ সমাজ গঢ়িবলৈ লগা প্ৰয়োজনীয় উপাদান যেনেঃ সু-সংহত বুনিয়াদী শিক্ষা ব্যৱস্থা, চিকিৎসা, যাতায়াত, দেশ-বিদেশৰ নীতি আদিবোৰ উল্লেখ কৰা দৰকাৰ। দেশৰ যুৱ শক্তিয়েই  হ'ল আচল চালিকা শক্তি। এই যুৱচামক শিল্পীসকলে অতি কষ্টৰে তেওঁলোকৰ গীত-মাত, অভিনয়, সংগীত, চিত্ৰ-চাৰু কলা আদিৰে উদ্বায়ী কৰি আহিছে। এই সকল নমস্য শিল্পীক যথাসাধ্য পূৰ্ণ সহযোগীতা কৰি এখন উৎকৃষ্ট তথা আদৰ্শ ৰাষ্ট্ৰ নিৰ্মাণত আমি সকলোয়ে সহযোগিতা কৰা উচিত।

 ***************************

 

যতীন্দ্ৰ নাথ তালুকদাৰ

মুৰব্বী অধ্যাপক,

পৰিসংখ্যা বিজ্ঞান

বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়


অলংকৰণ :-  পল্লবী পাঠক


Post a Comment

0 Comments